সমললৈ যাওক

দ্বৈপায়ন হ্ৰদেৰ ধাৰে‍

ৱিকিউদ্ধৃতিৰ পৰা

দ্বৈপায়ন হ্ৰদেৰ ধাৰে‍ সুবোধ সৰকাৰৰ এখন কাব্য সংকলন৷ বাংলা ভাষাৰ এই কাব্য সংকলনখনৰ বাবে সুবোধ সৰকাৰে ২০১৩ চনত সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল৷[] কিতাপখন প্ৰকাশিত হৈছিল ২০১০ চনত আৰু উচৰ্গা কৰা হৈছিল জাৰ্মানীৰ কৰ্নেলিয়া আৰু দীপঙ্কৰক৷ এম. কামালুদ্দিন আহমেদে দ্বৈপায়ন হ্ৰদৰ পাৰত (২০১৮) নামেৰে উক্ত সংকলনখন অসমীয়ালৈ অনুবাদ কৰে আৰু ইয়াৰ প্ৰকাশক সাহিত্য অকাদেমি৷

১)
"শত্ৰুক সম্মান কৰা উচিতনে?
তোমাৰ কি মত, তথাগত?

তথাগতই ক’লে,
যি তোমাক শেষ কৰি পেলোৱাৰ কথা ভাবিছে
তেওঁ যেতিয়ালৈকে নিজে শেষ নহয় তেতিয়ালৈকে তেওঁক
সম্মান কৰা৷
আনকি শত্ৰুৰ শৱদেহ যদি ৰাস্তাত পৰি থাকে
তেওঁক সম্মান সহকাৰে ছাঁলৈ তুলি আনা
তেওঁক স্নান কৰোৱা৷
পাৰিলে লুকুৱাই গা-ধোৱা ঘৰত চকুপানী টুকি আহাঁ৷
তথাগতই ক’লে,
তেওঁ তোমাৰ শত্ৰু হ’ব পাৰে
কিন্তু মানুহৰপৰা তেওঁৰো পাবলগীয়া কিবা এটা আছিল৷
সেইটো তুমি নিদিবানে?"[]

২)
"ভাৰ্‌চুৱেল্‌ স্পেচ্‌? ভাৰ্‌চুৱেল্‌ কথোপকথন?
তাৰ পৰাই আৰম্ভ হয় ভালপোৱাৰ সংবিধান
যাক আমি নাপাওঁ তাৰ লগত আমি কথা পাতোঁ৷
যাক নাপাম তাৰ লগত শুই থাকোঁ গছৰ তলত
যিটো নাই তাক চুব লাগিব, যিটো নাই তাৰ আল-জিভা চাব বিচাৰোঁ৷
কোনে ক’লে তেওঁ নাই? তেওঁ আছে বাবেই ইউনিভাৰ্ছ আছে৷
তেওঁ আছে বাবেই
গানৰ বহীৰ ওপৰত আহি বহেহি ঘৰচিৰিকা আৰু তাক
প্ৰশ্ৰয় দিয়ে ৰাতিপুৱাৰ ৰ’দে৷
কোনে কৈছে চৰায়ে গীতৰ কথা পঢ়িব নোৱাৰে?
আমাৰ যদি ৰিয়েলিটি শ্ব’ থাকিব পাৰে
সিহঁতৰ কিয় ভাৰ্‌চুৱেল্‌ ৰিয়েলিটি থাকিব নোৱাৰিব?"[]

  1. AKADEMI AWARDS (1955-2024). আহৰণ কৰা হৈছে: 25 এপ্ৰিল 2025.
  2. সুবোধ সৰকাৰ (২০২৩)। মই কৃষ্ণকলি মাহাতো আৰু অন্যান্য কবিতা। সংস্কৃতি প্ৰকাশন, যোৰহাট - অসম, পৃষ্ঠা:৩৮-৩৯। ISBN: 978-93-88718-09-7
  3. সুবোধ সৰকাৰ (২০২০)। সুবোধ সৰকাৰৰ কবিতা। সব্যসাচী প্ৰকাশ, যোৰহাট - অসম, পৃষ্ঠা:৯৭-৯৮। ISBN: 978-81-942204-2-8