দেও লাংখুই (গ্ৰন্থ)
অৱয়ব
দেওলাংখুই,ৰীতা চৌধুৰীৰ দ্বাৰা লিখিত এখনি উপন্যাস।জোঙাল বলহুৰ জীৱন-গাঁথাক মূল ভিত্তি হিচাপে লৈ উপন্যাস লিখি উলিওৱা হৈছে।উপন্যাসখনত বিভিন্ন চৰিত্ৰ, যেনে-প্ৰতাপসিংহ-চন্দ্ৰপ্ৰভা, আৰিমত্ত-গঙ্গাৱতী, ৰত্নসিংহ-লখাইতৰা, জোঙাল বলহু-সুকোমলা আদিৰ কাহিনী উপস্থাপন কৰাৰ চেষ্টা কৰা হৈছে।উপন্যাসখন প্ৰথম প্ৰকাশ হৈছিল ২০০৫ চনত।পৰৱৰ্তী সময়ত ২০০৮ বৰ্ষত এই উপন্যাসখনে সাহিত্য অকাডেমী বঁটা লাভ কৰে।[১]
উদ্ধৃতিসমূহ
[সম্পাদনা কৰক | উৎস সম্পাদনা]- মনত আনন্দ নাথাকিলে জানো বাহিৰৰ কথাই আনন্দ দিব পাৰে?
- নহয়- তথাপি কিবা আছে। নামহীন, নুবুজা কিবা এটা। কিবা অলপ অনুভূতি তেওঁৰ মনত এতিয়াও আছে। গৰ্ভস্থ সন্তানে লৰি-চৰি উঠি তেওঁক বাৰে বাৰে সোঁৱৰাই দিয়ে তেওঁ প্ৰতাপচন্দ্ৰৰ পত্নী। প্ৰতাপচন্দ্ৰৰ সন্তান গৰ্ভত ধাৰণ কৰিছে তেওঁ। শিৰত এতিয়াও সেন্দূৰ লৈ আছে চন্দ্ৰপ্ৰভাই। মায়াপুৰৰ পৰা নিৰ্বাসিত হোৱাৰ সময়ত পিন্ধি থকা অলংকাৰবোৰ এতিয়াও পিন্ধি আছে। মাত্ৰ খোপাত লগোৱা গুণাবোৰ, সোণৰ কাঁটাবোৰ, সোণৰ কাকৈখন, সোণ-ৰূপৰ ফুলবোৰ, কপালীডাল আৰু কৰৰ্ধনীডাল খুলি থৈছে।
- নিজৰ উৎস, নিজৰ পৰম্পৰা, নিজৰ অতীতক মনত ৰাখি কি লাভ? কি লাভ নিজৰ পৰিচিতিক ধৰি ৰাখি? যি পৰিচয়ে পৰিত্যাগ কৰিছে চন্দ্ৰপ্ৰভাক? মচি পেলাইছে পৰিচিত আপোন মাটিৰ পৰা? যি দেশে যি সমাজে চন্দ্ৰপ্ৰভাক সন্মানেৰে ঠাই এৰি দিছে,- যি সমাজে বুকু খুলি চন্দ্ৰপ্ৰভাক গ্ৰহণ কৰিছে,- যি দেশৰ মানুহে হিয়া উবুৰিয়াই দিছে স্নেহ আৰু স্বীকৃতি- সেই সমাজক উপেক্ষা কৰি নিজৰ পোছাক পিন্ধি, নিজৰ ভাষাক ধৰি ৰাখি, নিজৰ নিজত্বক খামুচি ধৰি ৰাখি কি কৰিব চন্দ্ৰপ্ৰভাই?
- বিস্তীৰ্ণ পথাৰৰ মাজেৰে ফালি যোৱা টাৰিৰে ঘোঁৰা চলাই গৈ আছে ডেকা আৰিমত্ত।পুহমহীয়া গধূলিৰ পথাৰ। কুঁৱলীৰে ভৰা, জোনাকে ধোৱা পথাৰত অগণন খাং জাং তিৰ্বিৰাই ধিৰ্মিক-ধামাককৈ জ্বলি উৰি ফুৰিছে। আকাশৰ পৰা যেন ধানহীন উদং পথাৰৰ সৈতে ধেমালি কৰিবলৈ নামি আহিছে তৰাবোৰ।
- নিজৰখিনি ভালকৈ সাঁচি-সামৰি ৰাখিব লাগে। নিজৰ ৰীতি-নীতি এৰিব নালাগে। সেইবুলি নিজৰখিনিকে বুকুত বান্ধি ঢুকত সোমাই থাকিবও নালাগে। অলপমান এৰাধৰা, অলপমান বুজা বুজিৰেহে সমাজ চলে। অকল নিজৰখিনিকে লৈ সকলোৰে পৰা আঁতৰি আঁতৰি থাকিব খুজিলে এদিন সকলোৰে পৰা আঁতৰ হৈ পৰিব লগা হয়।
- 'আইনঃ কোৱা- কি কৰিবা তুমি? কুলৰ কথা নজনাকৈ ইমানদূৰ আগবাঢ়ি আহিলো।ইমানদিনে নিজৰ ভালপোৱাকে সঁচা বুলি জানি আহিছিলো। আজি কুল একে বুলি জনাব লগে লগে আমি জনা সঁচাবোৰ মিছা হৈ যাব নেকি? শেষ হৈ যাব নেকি মৰমবোৰ? মই তোমাক এৰি জীয়াই থাকিব নোৱাৰিম আইনঃ। তুমি পাৰিবা খাবু? কোৱা পাৰিবা?'আৱেগৰ বানে উটুৱাই লৈ যাব খুজিছে গংগাৱতীক। ভালপোৱাৰ উত্তাপত গলি যাব খুজিছে সমাজৰ বৰফচেঁচা হাতৰ পৰশত গোটমাৰি যাব খোজা সপোনবোৰ।
- সময়হে সলনি হয় নানাঃও। মানুহৰ স্বভাৱ জানো সলনি হয়? বন-বিৰিষ, হাবিৰ পহু, পখীৰ স্বভাৱ জানো সলনি হয়? মানুহোতো জন্তুহে। মানুহনো কিয় সলনি হ'ব? যিখিনি সলনি হয়- বৰ উপৰুৱাকৈ হয়। ভিতৰত একেই থাকে বুজিছ। নিয়ম-নীতিৰ হেঁচা দি মানুহক সমাজে পোন কৰি ৰাখে। কিন্তু তাৰ মাজতে সদায় একেবোৰ ঘটনাকে ঘটি থাকে। বাল্মিকী মুনি নাথাকে কাৰণে সেইবোৰ কথা লিখা নহয়। মানুহেও গম নাপায়।
- স্পৰ্শতকৈ শক্তিশালী ভাষা আৰু কি আছে? মাকৰ স্পৰ্শতকৈ অধিক আশ্বাস আৰু ক'ত আছে? ক'ত আছে ইমান ভৰসা?
- মাত্ৰ সতেজ ফুলবোৰ নাই।মৰহা ফুলবোৰৰ মৰহা সুবাসে মাত্ৰ যাওঁ নাযাওঁকৈ সাৱটি ধৰি আছে শব্দহীন কোঠাটো।
- আৰু একো নাই।ৰাজানঃত সোমাবলৈ লৈ দুৱাৰমুখত থমকি ৰ'ল ডিমাবঙৰ ৰজা আৰু ৰাণী।দুৱাৰৰ সিপাৰে থিয় হৈ আছে চামল। সেই একেই কঠিন আৰু উদাসীন মুখ। সেই একেই সাধাৰণ সৈনিকৰ পোছাক।
উৎস
[সম্পাদনা কৰক | উৎস সম্পাদনা]- ↑ চৌধুৰী, ৰীতা(ফেব্ৰুৱাৰী,২০০৫)।দেও লাংখুই।জ্যোতি প্ৰকাশন,পৃষ্ঠা-৪৭,৯০,১০৩,১১৬,১৩০,১৮৪,২১৫,২৫০,৪০০