দীপিকা পাডুকন
অৱয়ব

দীপিকা পাডুকন (জন্ম ৫ জানুৱাৰী ১৯৮৬) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু প্ৰযোজক, যি হিন্দী চলচ্চিত্ৰত কৰা কামৰ বাবে পৰিচিত। তেওঁ ভাৰতৰ সৰ্বাধিক উপাৰ্জনকাৰী অভিনেত্ৰীসকলৰ ভিতৰত অন্যতম আৰু ফিল্মফেয়াৰ বঁটাকে ধৰি একাধিক বঁটা লাভ কৰিছে। তেওঁ এগৰাকী মানসিক স্বাস্থ্য সজাগতা কৰ্মী আৰু হতাশা তথা মানসিক স্বাস্থ্যৰ বিষয়ে সজাগতা বৃদ্ধিৰ বাবে 'লাইভ লাভ লাফ ফাউণ্ডেশ্যন' প্ৰতিষ্ঠা কৰিছিল।
উদ্ধৃতিসমূহ
[সম্পাদনা কৰক | উৎস সম্পাদনা]- ২০১৪ চনৰ ১৫ ফেব্ৰুৱাৰী, মোৰ মনত আছে সেইদিনা ৰাতিপুৱা মই পেটত এক অদ্ভুত খালী অনুভৱ লৈ সাৰ পাইছিলোঁ। মই কি অনুভৱ কৰি আছিলোঁ তাৰ কোনো ধাৰণা নাছিল। হঠাত যেন জীৱনটো অৰ্থহীন হৈ পৰিছিল।
- বিষাদ বা দুখ আৰু ডিপ্ৰেছন (হতাশা) একে নহয়। কেন্সাৰ বা ডায়েবেটিচৰ দৰেই ডিপ্ৰেছন হৈছে এবিধ বেমাৰ।
- আশা এতিয়াও আছে। আমি সকলোৱে একেলগে ইয়াৰ বিৰুদ্ধে যুঁজি আছোঁ।
- আপুনি যি পৰিস্থিতিৰ মাজেৰে গতি কৰিছে, সেইটো যে স্বাভাৱিক হ’ব পাৰে, সেই কথাটো উপলব্ধি কৰাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ।
- আপুনি কিহৰ মাজেৰে পাৰ হৈছে সেয়া বুজিবলৈ চেষ্টা কৰক। আপুনি বিশ্বাস কৰা লোকৰ সৈতে কথা পাতক। যদি তেওঁলোকে আপোনাক বিচাৰ কৰে, কৰিব দিয়ক, তাত একো আহে নাযায়।
