দাদা চাহেব ফাল্কে

ধুন্দিৰাজ গোবিন্দ ফাল্কে (১৮৭০ চনৰ ৩০ এপ্ৰিল – ১৯৪৪ চনৰ ১৬ ফেব্ৰুৱাৰী),যাক দাদাচাহেব ফাল্কে বুলি জনা যায়; ভাৰতীয় চিনেমাৰ পিতৃ হিচাপে পৰিচিত এজন ভাৰতীয় নাট-কথাছবি প্ৰযোজক-পৰিচালক-চিত্ৰনাট্যকাৰ। যাদু, নাট্য আৰু চিত্ৰকলাৰ প্ৰতি তেওঁৰ গভীৰ আগ্ৰহ তেওঁৰ ছবিসমূহত যথেষ্ট পৰিমাণে প্ৰতিফলিত হৈছে। ১৯১৩ চনত তেওঁ ভাৰতৰ প্ৰথম পূৰ্ণদৈৰ্ঘ্যৰ ছবি ৰাজা হৰিশচন্দ্ৰ কৰিছিল। ১৯ বছৰীয়া জীৱনকালত ১৯৩৭ চনলৈকে তেওঁ ৯৫খন চিনেমা আৰু ২৬খন চুটি ছবি নিৰ্মাণ কৰি গৈছে। ভাৰত চৰকাৰে ভাৰতীয় চিনেমালৈ জীৱনজোৰা অৱদানৰ বাবে তেওঁৰ নামত ১৯৬৯ চনত দাদাছাহেব ফালকে বঁটা প্ৰৱৰ্তন কৰি সন্মান জনাইছে, যিটো ভাৰতীয় চিনেমাৰ অন্যতম সন্মানীয় বঁটা হিচাপে দেশৰ ভিতৰতে প্ৰদান কৰা সৰ্বোচ্চ চৰকাৰী স্বীকৃতি হিচাপে গণ্য কৰা হয়। ভাৰতীয় ডাক বিভাগেও ১৯৭১ চনত তেওঁৰ সন্মানত এটা স্মৃতিচাৰণ ডাক টিকট জাৰি কৰিছিল।
উদ্ধৃতি
[সম্পাদনা কৰক | উৎস সম্পাদনা]- পুতাই, বিষ কিনিবলৈও মোৰ হাতত টকা নাই। অনুগ্ৰহ কৰি সহায় কৰা –
- ১৯৩০ চনৰ শেষৰ ফালে পুত্ৰ ভলচন্দ্ৰলৈ লিখা এখন চিঠিৰ পৰা উদ্ধৃত...[১]
- মই মোৰ দেশত ছবি নিৰ্মাণ কৰি থাকিব লাগিব যাতে ঘৰতে ই উদ্যোগ হিচাপে প্ৰতিষ্ঠা হয়।
- লণ্ডনলৈ গৈ তেওঁ চিনেমা নিৰ্মাণ কৰিবলৈ অস্বীকাৰ কৰাৰ সময়ত।[২]
- লাইফ অৱ ক্ৰাইষ্ট ছবিখন মোৰ চকুৰ সম্মুখেৰে বাগৰি পাৰ হৈ যোৱাৰ সময়ত মই মানসিকভাৱে আমাৰ দেৱতাসকলক কল্পনা কৰি আছিলোঁ, শ্ৰীকৃষ্ণ, শ্ৰীৰামচন্দ্ৰ, তেওঁলোকৰ গকুল আৰু অযোধ্যা.. মোক এটা অদ্ভুত মন্ত্ৰই আকৰ্ষণ কৰিছিল। আন এখন টিকট কিনি আকৌ চিনেমাখন চালোঁ। এইবাৰ পৰ্দাত মোৰ কল্পনাশক্তি গঠন হোৱা যেন অনুভৱ হ’ল। সঁচাকৈয়ে এনেকুৱা হ’ব পাৰেনে? আমি ভাৰতৰ পুত্ৰসকলে, কেতিয়াবা পৰ্দাত ভাৰতীয় ছবি চাব পাৰিমনে? এই মানসিক যন্ত্ৰণাত গোটেই ৰাতিটো পাৰ হৈ গ’ল।
- ১৯১০ চনত লাইফ অৱ ক্ৰাইষ্ট ছবিখন চোৱাৰ পিছত গন্তী, তেজস্বনী (৫ মাৰ্চ ২০১৩)ত দিয়া উদ্ধৃতি।[৩]
- এই সময়ছোৱাত মই অহৰহ মই দেখা প্ৰতিখন ছবিৰ বিশ্লেষণত ব্যস্ত আছিলোঁ আৰু ইয়াত সেইবোৰ বনাব পাৰিম নেকি সেই বিষয়ে বিবেচনা কৰিছিলোঁ। বৃত্তিটোৰ উপযোগিতা আৰু উদ্যোগ হিচাপে ইয়াৰ গুৰুত্বৰ ওপৰত কোনো সন্দেহ নাছিল...এইটো আছিল স্বদেশী আন্দোলনৰ সময় আৰু বিষয়টোৰ ওপৰত প্ৰচুৰ কথা-বতৰা আৰু বক্তৃতা দিয়া হৈছিল। মোৰ বাবে ব্যক্তিগতভাৱে ইয়াৰ ফলত মোৰ আৰামদায়ক চৰকাৰী চাকৰিৰ পৰা পদত্যাগ কৰি স্বতন্ত্ৰ পেছাত নামিলোঁ। এই সুযোগতে স্বদেশী আন্দোলনৰ বন্ধু-বান্ধৱী আৰু নেতাসকলক মোৰ ধাৰণাবোৰ বুজাই দিলোঁ ১৫ বছৰ ধৰি মোৰ লগত চিনাকি মানুহেও মোৰ ধাৰণাবোৰ অবাস্তৱ বুলি বিবেচনা কৰিছিল[৪]
- যিসকল অসৎ কাৰ্য্যৰ প্ৰতি আকৰ্ষিত, তেওঁলোকক বিপথে পৰিচালিত কৰিবলৈ চিনেমা বা থিয়েটাৰৰ প্ৰয়োজন নাই। আন অসংখ্য কাৰক আছে যিয়ে অনৈতিকতাৰ সূচনা কৰে।[৫]
উৎস
[সম্পাদনা কৰক | উৎস সম্পাদনা]- ↑ Hindustan Times. 27 April 2013
- ↑ https://indianexpress.com/article/news-archive/web/marathi-film-on-phalke-is-india-s-oscar-entr/
- ↑ https://books.google.co.in/books?id=2GAdCp1VAf0C&pg=PA8&redir_esc=y#v=onepage&q&f=false
- ↑ https://books.google.co.in/books?id=ORE9TDOoU1IC&pg=PA22&redir_esc=y#v=onepage&q&f=false
- ↑ (13 July 2005) Bollyworld: Popular Indian Cinema Through A Transnational Lens। SAGE Publications। ISBN: 978-0-7619-3321-2।