তুমি মোক হত্যা কৰিলানে (কবিতা সংকলন)
অৱয়ব
তুমি মোক হত্যা কৰিলানে (ইংৰাজী: Tumi Mok Hatya Karilane) শংকৰ শইকীয়াৰ এখন কাব্য সংকলন। সংকলনখন প্ৰথম প্ৰকাশ হয় ২০০৫ চনৰ ৬ ফেব্ৰুৱাৰীত আৰু সংকলনখনৰ প্ৰকাশক গুৱাহাটীৰ চিৰন্তন সাহিত্যৰ দিন। এই সংকলনখনত শইকীয়াৰ বাইছটা কবিতা সন্নিৱিষ্ট হৈছে।
উক্তি
[সম্পাদনা কৰক | উৎস সম্পাদনা]- "মোক সময়ৰ কথা নুসুধিবা
ইয়াত
দিন আৰু ৰাতিৰ মাজত কোনো ব্যৱধান নাই।"[১]
- "এসাজ ভাতৰ ভোক
লঘোণে থকাৰ শোক
তাৰ পিছত প্ৰছণ্ড ক্ৰোধ
আৰু
যিবোৰে ভোকত খং নকৰে
তেওঁক মানুহ বুলি ক'ব নোৱাৰি"[২]
- "নিয়তিয়ে কাৰো ভাগ্য নিয়ন্ত্ৰণ নকৰে
নিয়তি নিজেই অন্ধ
আচলতে
আমি আমাৰ দহো আঙুলিৰে খেলো ভেল্কিবাজিৰ খেল
হাৰ জিত বুলি কোনো কথা নাই
প্ৰতিটো হাৰেই জিত
প্ৰতিটো জিতেই হাৰ
প্ৰকৃত কথা হ'ল আমি আচলতে কি কৰোঁ সেইটোহে"[৩]
- "ভালুকৰ সাঙী হ'ল মুখৰ বাইক
এৰিবও নোৱাৰো
ধৰিবও নোৱাৰো চোন
লুইতৰ দুয়োপাৰ জ্বলমল্
চকুৰ চাকিত
মুখবোৰ ওফন্দি খঙত
কাউৰীয়ে বুলিলে কা
পানী হিলৈ মৰা
কাৰনো ইখন হেৰৌ বৰসবাহ"[৪]
- "নাৰী সম্পৰ্কে আপোনাৰ কি ধাৰণা
ইচ্ছা বা অনিচ্ছাকৃতভাৱে গেবাৰী খটা
কিছুমান মানুহ"[৫]
- "মানুহক বিচাৰি নাপালে
ঈশ্বৰক বিচাৰি পোৱা নাযায়
মানুহৰ ঘৰ ভাঙিলে
ঈশ্বৰ আল্লাৰ ঘৰ সাজিব নোৱাৰি"[৬]
তথ্যসূত্ৰ
[সম্পাদনা কৰক | উৎস সম্পাদনা]- ↑ শইকীয়া, শংকৰ (২০০৫)। তুমি মোক হত্যা কৰিলানে। চিৰন্তন সাহিত্যৰ দিন, গুৱাহাটী - ২১, অসম, পৃষ্ঠা:৮।
- ↑ শইকীয়া, শংকৰ (২০০৫)। তুমি মোক হত্যা কৰিলানে। চিৰন্তন সাহিত্যৰ দিন, গুৱাহাটী - ২১, অসম, পৃষ্ঠা:১৭।
- ↑ শইকীয়া, শংকৰ (২০০৫)। তুমি মোক হত্যা কৰিলানে। চিৰন্তন সাহিত্যৰ দিন, গুৱাহাটী - ২১, অসম, পৃষ্ঠা:২৫।
- ↑ শইকীয়া, শংকৰ (২০০৫)। তুমি মোক হত্যা কৰিলানে। চিৰন্তন সাহিত্যৰ দিন, গুৱাহাটী - ২১, অসম, পৃষ্ঠা:৩৫-৩৬।
- ↑ শইকীয়া, শংকৰ (২০০৫)। তুমি মোক হত্যা কৰিলানে। চিৰন্তন সাহিত্যৰ দিন, গুৱাহাটী - ২১, অসম, পৃষ্ঠা:৪৯।
- ↑ শইকীয়া, শংকৰ (২০০৫)। তুমি মোক হত্যা কৰিলানে। চিৰন্তন সাহিত্যৰ দিন, গুৱাহাটী - ২১, অসম, পৃষ্ঠা:৬০।