ডৰোথি ব্ৰাণ্ড
চিকাগোত জন্মগ্ৰহণ কৰা ড'ৰথিয়া ব্ৰেণ্ডে (ইংৰাজীঃ Dorothea Brande) (১৮৯৩–১৯৪৮) আছিল এগৰাকী বহুলভাৱে সন্মানীয় সাংবাদিক, কল্পকাহিনী লেখিকা আৰু লেখাৰ প্ৰশিক্ষক। ব্ৰেণ্ডে সৃষ্টিশীল প্ৰক্ৰিয়াৰ চিৰস্থায়ী গাইড এজন লেখক হোৱা (Becoming a Writer)ৰ বাবে বহুলভাৱে পৰিচিত, যিখন ১৯৩৪ চনত প্ৰকাশ হোৱাৰে পৰা বৰ্তমনেও জনপ্ৰিয়। ১৯৩৬ চনত ব্ৰেণ্ডে ব্যৱহাৰিক মনোবিজ্ঞানৰ মাষ্টাৰৱৰ্ক জাগ্ৰত হৈ জীয়াই থাকা! (Wake Up and Live!) এই গ্ৰন্থখনে ৩৪টাতকৈও অধিক ছপাশালত প্ৰৱেশ কৰিছিল আৰু ১০ লাখতকৈ অধিক কপি বিক্ৰী হৈছিল। বহু বছৰ ধৰি ব্যক্তিগত উৎকৰ্ষতাৰ বাবে সহজ আৰু সুস্থ পৰামৰ্শৰে ৱেক আপ এণ্ড লাইভ! (Wake Up and Live!) -এ চিন্তা কৰা আৰু ধনী হোৱা (Think and Grow Rich) আৰু মানুহক কেনেকৈ প্ৰভাৱিত কৰিব (How To win Friends and Influence People)[১] আদি সমসাময়িক ৰচনাৰ জনপ্ৰিয়তাক প্ৰতিদ্বন্দ্বিতা কৰিছিল।
উদ্ধৃতিসমূহ
[সম্পাদনা কৰক | উৎস সম্পাদনা]- আমাৰ সকলোৰে শৰীৰত নিজকে ধ্বংস কৰাৰ বীজ নিহিত হৈ আছে। যদি সেই বীজক সাৰ-পানী যোগান ধৰা হয়, তেনে ই আমাৰ সকলো সুখ হৰণ কৰি নিব পাৰে। [১]
- এনেদৰে কাম কৰক যাতে বিফল হোৱাটো অসম্ভৱ যেন লাগে। জড়তা আৰু হতাশাৰ মন্ত্ৰ ভাঙিবলৈ প্ৰয়োজনীয় মাথোঁ বিফল হোৱাটো অসম্ভৱ যেন লগাৰ মানসিকতা। সাহসেৰে কাম কৰিলে অদৃশ্য শক্তিও আপোনাৰ সহায় হ'ব। [১]
- পুৰণি অভ্যাসবোৰ প্ৰবল আৰু ঈৰ্ষাপৰায়ণ। সিঁহতক আঁতৰাবলৈ পৰিকল্পনা চলি আছে বুলি কোনো সতৰ্কবাণী পালে সিহঁতে যুঁজিবলৈ আৰম্ভ কৰে আৰু নিজৰ অস্তিত্বৰ বাবে পৰালৈকে যুঁজি থাকিব।[২]
- লেখক হোৱাৰ প্ৰথম পদক্ষেপটো হ’ল নিজৰ অচেতন মনটোক নিজৰ লেখাৰ বাহুত সংলগ্ন কৰা।