সমললৈ যাওক

ডেছমণ্ড টুটু

ৱিকিউদ্ধৃতিৰ পৰা

ডেছমণ্ড টুটু (জন্ম: ৭ অক্টোবৰ, ১৯৩১; মৃত্যু: ২৬ ডিচেম্বৰ, ২০২১) আছিল দক্ষিণ আফ্ৰিকাৰ এজন আংলিকান বিশপ, মানৱাধিকাৰ কৰ্মী আৰু শান্তিৰ দূত। তেওঁ বৰ্ণভিত্তিক বিভাজন আৰু বৈষম্যৰ বিৰুদ্ধে সংগ্ৰাম কৰি বিশ্বজুৰি খ্যাতি অৰ্জন কৰে।তেওঁ ১৯৮৪ চনত শান্তিৰ নোবেল বঁটা লাভ কৰে। টুটু সদায় ন্যায়, সমতা আৰু ক্ষমাৰ বাৰ্তা প্ৰচাৰ কৰিছিল। তেওঁৰ উল্লেখযোগ্য কিতাপসমূহৰ ভিতৰত No Future Without Forgiveness (প্ৰথম প্ৰকাশ: ১৯৯৯) অন্যতম।

  1. “যদি তুমি অন্যায়ৰ সময়ত নিৰপেক্ষ থাকা, তেন্তে তুমি অত্যাচাৰীৰ পক্ষ লৈছা।”[১]
  2. “প্ৰেম আৰু সহানুভূতিয়ে পৃথিৱী সলনি কৰিব পাৰে।”[২]
  3. “তুমি সৰু কামেৰে পৃথিৱীত ডাঙৰ পৰিৱৰ্তন আনিব পাৰা।”[৩]
  4. “আমি বেলেগ বেলেগ হলেও আমাৰ লক্ষ্য একেই—মানৱতা।”[৪]
  1. ↑ No Future Without Forgiveness (১৯৯৯)
  2. ↑ God Has a Dream (২০০৪)
  3. ↑ The Book of Joy (২০১৬)
  4. ↑ The Rainbow People of God (১৯৯৪)