সমললৈ যাওক

ডাৱৰ আৰু নাই

ৱিকিউদ্ধৃতিৰ পৰা

ডাৱৰ আৰু নাই (ইংৰাজী: DAWOR ARU NAI) হৈছে সাহিত্য অকাডেমি বঁটা বিজয়ী সাহিত্যিক যোগেশ দাসৰ এখন ঐতিহাসিক উপন্যাস। চেতনা প্ৰকাশঃ ৰাজগড় এ প্ৰথম প্ৰকাশ কৰা গ্ৰন্থখন ১৯৫৫ চনত প্ৰকাশ হৈছিল। দ্বিতীয় বিশ্বযুদ্ধৰ পটভূমিত ৰচিত উপন্যাসমূহৰ ভিতৰত এইখন এখন উল্লেখযোগ্য উপন্যাস।

  1. "পৃথিৱীত নিশ্চয় জুই লাগিছে। নহলে ৰবাব টেঙা এটাৰ দাম পাঁচ টকা বুলি কোনে বিশ্বাস কৰিব?"[]
  2. "হিটলাৰে পোলেণ্ডৰ বিৰুদ্ধে যুদ্ধ যাত্ৰা কৰিলে। ইউৰোপত মহাসমৰৰ জুই জ্বলি উঠিল। ইটালীয়ে ধৰাশায়ী ফ্ৰান্সক দক্ষিণৰ ফালে আক্ৰমণ কৰিলে। যুক্তৰাজ্যই আমেৰিকাত থকা জাপানী সা-সম্পত্তি বাজেয়াপ্ত কৰাত জাপানে গোপনে জাৰ্মানী আৰু ইটালীৰ সৈতে মিত্ৰতাৰ চুক্তি সম্পাদন কৰি এদিন অকস্মাৎ মাৰ্কিণ দখলাধীন পাৰ্ল হাৰ্বাৰ আক্ৰমণ কৰিলে।"[]
  3. "হটঙা হটঙা কৃষ্ণাঙ্গ শ্বেতাঙ্গ সৈনিকহঁত, ঢিলা খাকী অভাৰ-অল আৰু দাঙিব নোৱাৰি চোচোৰাই ফুৰা বুট পিন্ধা চেৰেলা চেৰেলা ভাৰতীয় চিপাহীবিলাক আৰু চুটি-চাপৰ পীতাভ ঘূৰণীয়া চেপেটা মুখ মণ্ডলত অকণি অকণি চকু-কাণ-নাকেৰে চীনা যুজাৰুহঁতৰ ওপৰতহে মানুহবিলাকৰ মাজত সততে চকু পৰে।"[]
  4. "মাতৃ হওক, ভাৰ্য্যা হওক, ভগ্নী হওক, প্ৰেমিকাৰ হওক, নাৰীৰ এই সকলো ৰূপৰ সমন্বয়ত যিটো প্ৰকৃতিৰ সৃষ্টি হয় সি অপূৰ্ব্ব, তাৰ পৰশত শুকানে কুঁহি মেলে, তাৰ বা লাগি বনৰীয়া ফুলৰ গোন্ধ বৈ আহে, তাৰ প্ৰভাৱত পুৰুষৰ প্ৰাণত জাগি উঠে জীৱনৰ আচল ৰূপটো।"[]
  5. "কেতিয়াবা মানুহে নতুনৰ মোহত পৰি আগৰ কথা পাহৰি যায়- আৱিষ্কাৰ কৰে নতুন টান। তেতিয়া পিচলি পৰে।"[]
  6. "যুদ্ধৰ কামলৈ যি মানুহ যায় সেই মানুহ লোভত পৰে। তেতিয়া যি নষ্ট হয়। মানুহ পশু হোৱাতকৈ মৰি যোৱাই ভাল।"[]
  7. "সংসাৰখন সঁচাই এখন থিয়েটাৰ। কিছুমানে ভাও দিয়ে, কিছুমানে চায়। ভাৱৰীয়াৰো আনন্দ আৰু দৰ্শকৰো আনন্দ। দুয়োবিধৰ সংমিশ্ৰণতহে থিয়েটাৰ সম্পূৰ্ণ হয়।"[]
  1. দাস, যোগেশ (১৯৮৩)। ডাৱৰ আৰু নাই। চেতনা প্ৰকাশঃ ৰাজগড়, পৃষ্ঠা:১।
  2. দাস, যোগেশ (১৯৮৩)। ডাৱৰ আৰু নাই। চেতনা প্ৰকাশঃ ৰাজগড়, পৃষ্ঠা:৯/১০।
  3. দাস, যোগেশ (১৯৮৩)। ডাৱৰ আৰু নাই। চেতনা প্ৰকাশঃ ৰাজগড়, পৃষ্ঠা:২১।
  4. দাস, যোগেশ (১৯৮৩)। ডাৱৰ আৰু নাই। চেতনা প্ৰকাশঃ ৰাজগড়, পৃষ্ঠা:৭০।
  5. দাস, যোগেশ (১৯৮৩)। ডাৱৰ আৰু নাই। চেতনা প্ৰকাশঃ ৰাজগড়, পৃষ্ঠা:১০০।
  6. দাস, যোগেশ (১৯৮৩)। ডাৱৰ আৰু নাই। চেতনা প্ৰকাশঃ ৰাজগড়, পৃষ্ঠা:১৩৮।
  7. দাস, যোগেশ (১৯৮৩)। ডাৱৰ আৰু নাই। চেতনা প্ৰকাশঃ ৰাজগড়, পৃষ্ঠা:১৫৫।