টেইলৰ ছুইফ্ট
অৱয়ব

টেইলৰ এলিছন ছুইফ্ট (জন্ম: ১৩ ডিচেম্বৰ, ১৯৮৯) এগৰাকী আমেৰিকান গায়ক-গীতিকাৰ। জনপ্ৰিয় সংস্কৃতিত এক প্ৰভাৱশালী ব্যক্তিত্ব হিচাপে পৰিচিত ছুইফ্ট তেওঁৰ আত্মজীৱনীমূলক গীত ৰচনা আৰু শৈল্পিক পৰিৱৰ্তনৰ বাবে জনাজাত। ছুইফ্ট বৰ্তমান বিশ্বৰ আটাইতকৈ বেছি উপাৰ্জনকাৰী লাইভ মিউজিক শিল্পী, আটাইতকৈ ধনী মহিলা সংগীতজ্ঞ আৰু সৰ্বকালৰ সৰ্বাধিক বিক্ৰী হোৱা সংগীত শিল্পীসকলৰ ভিতৰত এগৰাকী।
উদ্ধৃতিসমূহ
[সম্পাদনা কৰক | উৎস সম্পাদনা]- যদি আপুনি মোৰ এলবামবোৰ শুনে, তেন্তে ই মোৰ ডায়েৰী পঢ়াৰ দৰেই।
- লিন হিৰ্ছবাৰ্গ (২৩ নৱেম্বৰ ২০০৯), "Little Miss Sunshine", দ্য নিউয়ৰ্ক টাইমছ।
- মই তাত থকা সকলো যুৱতীকে ক’ব বিচাৰোঁ: জীৱনৰ বাটত এনে কিছুমান মানুহ ওলাব যিয়ে আপোনাৰ সফলতাক সৰু কৰি দেখুৱাবলৈ চেষ্টা কৰিব বা আপোনাৰ কৃতিত্ব আৰু খ্যাতিৰ ভাগ ল’বলৈ বিচাৰিব। কিন্তু আপুনি যদি কেৱল নিজৰ কামত মনোনিৱেশ কৰে আৰু সেই মানুহবোৰক আপোনাক বিচলিত কৰিবলৈ নিদিয়ে, তেন্তে এদিন যেতিয়া আপুনি লক্ষ্যস্থান পাবগৈ, তেতিয়া আপুনি অনুভৱ কৰিব যে কেৱল আপুনি আৰু আপোনাক ভালপোৱা মানুহবোৰৰ বাবেহে আপুনি এই স্থান পাইছে। সেয়া হ’ব পৃথিৱীৰ শ্ৰেষ্ঠ অনুভৱ।
- "৫৮তম গ্ৰেমী বঁটাত বছৰটোৰ শ্ৰেষ্ঠ এলবাম গ্ৰহণ কৰি দিয়া ভাষণ", (১৬ ফেব্ৰুৱাৰী ২০১৬)।
- যিবোৰ মানুহে আপোনাক তললৈ নমাই আনে তেওঁলোকক ত্যাগ কৰক, আৰু নিজকে এনে মানুহৰ দ্বাৰা আৱৰি ৰাখক যিয়ে আপোনাৰ শ্ৰেষ্ঠখিনি উলিয়াই আনিব পাৰে।
- টেইলৰ ছুইফ্ট, Todomusica.org।
- জীৱনত যিয়েই নহওক কিয়, মানুহৰ প্ৰতি সদায় দয়ালু হওক।
- টেইলৰ ছুইফ্টৰ উদ্ধৃতি গুগল চাৰ্চ।
- এইটোৱেই মোৰ জীৱনৰ আটাইতকৈ গৌৰৱৰ আৰু সুখী মুহূৰ্ত, য’ত মই সৃষ্টিশীলভাৱে আটাইতকৈ বেছি সন্তুষ্টি আৰু স্বাধীনতা অনুভৱ কৰিছোঁ।
- 'এৰাছ ট্যুৰ' আৰু ২০২৩ চনৰ 'পাৰ্চন অফ দ্য ইয়াৰ' সন্দৰ্ভত "টাইম" মেগাজিনৰ সৈতে সাক্ষাৎকাৰ।
- মই ক’লৈও যোৱা নাই। মই অৱসৰ লোৱা নাই বা মই থমকি ৰোৱা নাই। মই কেৱল নিজকে বিকশিত কৰি আছোঁ।
- লছ এঞ্জেলছ টাইমছ (৬ অক্টোবৰ ২০২৫)।
- আপুনি আপোনাৰ শক্তিক এক দামী বস্তু বা বিলাসিতাৰ সামগ্ৰীৰ দৰে জ্ঞান কৰা উচিত। সকলোৱে ইয়াক কিনিব নোৱাৰে।
- নিউ হাইটছ পডকাষ্টত টেইলৰ ছুইফ্টৰ উদ্ধৃতি (১৫ আগষ্ট ২০২৫)।
- আপুনি যি কামত শক্তি খৰচ কৰে, দিনটো তেনেকুৱাই হয়।
- নিউ হাইটছ পডকাষ্টত টেইলৰ ছুইফ্টৰ উদ্ধৃতি (১৫ আগষ্ট ২০২৫)।
- এয়া এটা সপোন সঁচা হোৱাৰ দৰে। এতিয়া মোৰ সকলো সংগীত, ভিডিঅ’, ফটো আৰু অপ্ৰকাশিত গীতৰ ওপৰত মোৰ সম্পূৰ্ণ অধিকাৰ আছে।
- মাষ্টাৰ ৰেকৰ্ডিংছৰ ওপৰত পুনৰ নিয়ন্ত্ৰণ লাভ কৰি; pitchfork (৩০ মে' ২০২৫)।
