টি এচ এলিয়ট
অৱয়ব
থমাছ ষ্টিয়াৰ্নছ এলিয়ট (ইংৰাজী: Thomas Stearns Eliot) (জন্ম, ২৬ ছেপ্টেম্বৰ ১৮৮৮ –মৃত্যু, ৪ জানুৱাৰী ১৯৬৫) আছিল এজন ইংৰাজ কবি, ৰচনাকাৰ আৰু নাট্যকাৰ। ইংৰাজী ভাষাৰ আধুনিকতাবাদী কবিতাৰ আগশাৰীৰ ব্যক্তিত্ব আছিল য'ত তেওঁ ভাষাৰ ব্যৱহাৰ, লেখা শৈলী, পদ্য গঠনৰ জৰিয়তে শিল্পক পুনৰ সজীৱ কৰি তুলিছিল।১৮৮৮ চনত আমেৰিকাৰ মিছৌৰীৰ ছেইণ্ট লুইছত জন্মগ্ৰহণ কৰা তেখেতৰ জন্ম হৈছিল যদিও ২৫ বছৰ বয়সত ১৯১৪ চনত ইংলেণ্ডলৈ গুচি যায় আৰু ১৯২৭ চনত ৩৯ বছৰ বয়সত ব্ৰিটিছ নাগৰিক হয়। এজ্ৰা পাউণ্ড আছিল থমাছ ষ্টিয়াৰ্নছ এলিয়টৰ ঘনিষ্ঠ বন্ধু।
উদ্ধৃতি
[সম্পাদনা কৰক | উৎস সম্পাদনা]- অপৰিপক্ক কবিসকলে অনুকৰণ কৰে; পৰিপক্ক কবিসকলে চুৰি কৰে; বেয়া কবিয়ে যি লয় তাক বিকৃত কৰে আৰু ভাল কবিয়ে ইয়াক ভাল কিবা এটালৈ বা অন্ততঃ আন কিবা এটালৈ ৰূপান্তৰিত কৰে।
- "ফিলিপ মেচিঞ্জাৰ"ৰ জীৱনীমূলক ৰচনা, দ্য চেক্ৰেড উড (১৯২০)।
- বিশ্বাসৰ স্বাৰ্থত নাস্তিকতাক সদায় উৎসাহিত কৰা উচিত (অৰ্থাৎ আৱেগিক নাস্তিকতা, যুক্তিবাদ নহয়)।
- ৰিচাৰ্ড এলডিংটনৰ পৰা পত্ৰ (২৪ ফেব্ৰুৱাৰী, ১৯২৭)। টি.এছ.ৰ পৰা অহা চিঠি। এলিয়ট: ১৯২৬-১৯২৭, পৃ. ৪২৪।
- মোৰ সাধাৰণ মতামতক সাহিত্যত ধ্ৰুপদীবাদী, ৰাজনীতিত ৰাজতন্ত্ৰবাদী, আৰু ধৰ্মত এংলো-কেথলিক বুলি বৰ্ণনা কৰিব পাৰি।
- প্ৰোফেস" ফৰ ল্যান্সেলট অ্যান্ড্ৰুয়েস (১৯২৮)।
- বেছি দূৰলৈ যোৱাৰ ৰিস্ক লোৱাসকলেহে সম্ভবত: গম পাব কিমান দূৰলৈ যাব পাৰি।
- ট্ৰেন্সজিট অৱ ভেনাসঃ হেৰী ক্ৰছবিৰ কবিতা (১৯৩১)।
- সাহিত্যৰ ‘মহানতা’ কেৱল সাহিত্যৰ মানদণ্ডৰে নিৰ্ণয় কৰিব নোৱাৰি; যদিও আমি মনত ৰাখিব লাগিব যে ই সাহিত্য নে নহয় সেয়া কেৱল সাহিত্যৰ মানদণ্ডৰ দ্বাৰাহে নিৰ্ণয় কৰিব পাৰি।
- "ধৰ্ম আৰু সাহিত্য" (১৯৩৫), প্ৰাচীন আৰু আধুনিক ৰচনা (১৯৩৬)ত।
- আমি যেতিয়া লেখকৰ অনুমোদন সাপেক্ষে মানুহে নিৰ্দিষ্ট ধৰণে আচৰণ কৰাৰ কথা পঢ়ো, যিয়ে তেওঁ ব্যৱস্থা কৰা আচৰণৰ পৰিণতিৰ প্ৰতি থকা মনোভাৱৰ দ্বাৰা এই আচৰণক আশীৰ্বাদ দিয়ে, তেতিয়া আমিও সেই আচৰণৰ প্ৰতিও একেধৰণে প্ৰভাৱিত হ’ব পাৰো।
- "ধৰ্ম আৰু সাহিত্য" (১৯৩৫), প্ৰাচীন আৰু আধুনিক ৰচনাত (১৯৩৬)।
তথ্যৰ উৎস
[সম্পাদনা কৰক | উৎস সম্পাদনা]বাহ্যিক সংযোগ
[সম্পাদনা কৰক | উৎস সম্পাদনা]- The Four Quartets Online
- Ash Wednesday online at the University of Cambridge
- Harcourt Publishers of Eliot's Poetry
- Complete Poems and Plays, 1909–1950, আই.এচ.বি.এন. 015121185X
- Four Quartets, আই.এচ.বি.এন. 0156332256
- Project Gutenberg for T.S. Eliot
- The essay "Tradition and the Individual Talent"
- Quotes by T.S. Eliot