টিপু চুলতান
অৱয়ব

টিপু চুলতান (ইংৰাজী: Sultan Fateh Ali Tipu ) (২০ নৱেম্বৰ ১৭৫০ – ৪ মে ১৭৯৯) ,মহীশূৰৰ বাঘ বুলিও জনাজাত। ১৭৮২ চনৰ পৰা ১৭৯৯ চনত মৃত্যুৰ আগলৈকে ভাৰতীয় মহীশূৰ ৰাজ্যৰ বাস্তৱিক শাসক আছিল।তেওঁ এজন পণ্ডিত, যোদ্ধা আৰু কবি আছিল। ভাৰতৰ কৰ্ণাটকৰ এসময়ৰ স্বাধীনচিতীয়া ৰাজ্য মহীশূৰ ৰাজ্য শাসনকৰ্তা টিপুক বিট্ৰিছ শক্তিয়ে টিপুক বশ্যতা স্বীকাৰ কৰাব নোৱাৰি ১৭৭৬ চনত মহীশূৰত এক চুক্তি স্বাক্ষৰ কৰে। সেই চুক্তি মৰ্মে দুই পক্ষ পৰস্পৰ অধিকৃত অঞ্চলসমূহ প্ৰত্যৰ্পণ কৰে। সেই বছৰটোতে টিপুয়ে চুলতান উপাধি গ্ৰহণ কৰে। কিন্তু মহীশূৰৰ তৃতীয় আৰু চতুৰ্থ যুদ্ধত তেখেতে বেয়া ধৰণে পৰাজয় বৰণ কৰে আৰু ৰাজ্যৰ অধিকাংশ হেৰুৱাব লগাত পৰে। যুদ্ধক্ষেত্ৰতে ১৭৯৯ চনৰ ৪ মে' দিনটোতে বীৰ টিপু চুলতানৰ মৃত্যু হয়।
উদ্ধৃতিসমূহ
[সম্পাদনা কৰক | উৎস সম্পাদনা]- শিয়ালৰ দৰে এশ বছৰ জীয়াই থকাতকৈ এদিন সিংহৰ দৰে জীয়াই থকাই ভাল।[১]
- মোৰ মানুহ কোন? তেওঁলোক সকলোৱে হয়। মন্দিৰৰ ঘণ্টা বজোৱা আৰু মছজিদত নামাজ পঢ়াসকল,তেওঁলোক মোৰ মানুহ, আৰু এই ঠাইখন মোৰ লগতে তেওঁলোকৰো।[২]
- বিজয়ী শত্ৰুক লুটপাত কৰিলে কিছুমানক ধনী হয়, কিন্তু এটা জাতি দৰিদ্ৰ কৰি তোলে আৰু এটা সম্পূৰ্ণ সেনাবাহিনীক বদনাম কৰে। যুদ্ধবোৰ যুদ্ধক্ষেত্ৰত সীমাবদ্ধ থাকিব লাগে; সেইবোৰ নিৰীহ সাধাৰণ নাগৰিকলৈকে সম্প্ৰসাৰিত কৰা উচিত নহয়। তেওঁলোকৰ নাৰীক সন্মান কৰক, ধৰ্মক সন্মান কৰক, সন্তান আৰু প্ৰতিৰক্ষাহীন মানুহক ৰক্ষা কৰক।[৩]
উৎস
[সম্পাদনা কৰক | উৎস সম্পাদনা]- ↑ As quoted in Encyclopedia of Asian History (1988) Vol. 4, p. 104
- ↑ Attributed to Tipu Sultan in The Religious Legacy of Tipu Sultan, IOSR Journal Volume 23, Issue 4 and in the historical novel [https://books.google.com.sa/books?id=EimPBAAAQBAJ&pg=PT243#v=onepage&q&f=false The Sword of Tipu Sultan by Bhagwan S Gidwani
- ↑ The Decrees of 1783, 1785 and 1787 carried the instruction to his militia. Cited in INNOVATIVE DEFENCE MANAGEMENT BY TIPU SULTAN by Gurusiddaiah. C, B. P. Mahesh Chandra Guru, Abhilash. M. S & Sreekantaiah