সমললৈ যাওক

ঝা ঝা গাবৰ

ৱিকিউদ্ধৃতিৰ পৰা
১৯৫৯ চনত ঝা ঝা গাবৰ

ঝা ঝা গাবৰ (ইংৰাজী: Zsa Zsa Gabor; জন্মতে চাৰি গাবৰ, ৬ ফেব্ৰুৱাৰী, ১৯১৭ – ১৮ ডিচেম্বৰ, ২০১৬) এগৰাকী হাংগেৰীয়-আমেৰিকান অভিনেত্ৰী আৰু সমাজকৰ্মী আছিল।

  • স্বামীসকল জুইৰ দৰে - চকু নিদিলে বা যত্ন নললে তেওঁলোক নুমাই যায়।
    • নিউজউইক, ২৮ মাৰ্চ, ১৯৬০
  • এজন প্ৰেমিক পুৰুষ বিয়া নোহোৱালৈকে আধৰুৱা হৈ থাকে। বিয়াৰ পিছত তেওঁ শেষ হৈ যায়।
    • নিউজউইক, ২৮ মাৰ্চ, ১৯৬০
  • মই কোনো এজন পুৰুষক ইমান বেছি ঘৃণা কৰা নাই যে তেওঁ দিয়া হীৰাবোৰ মই ওভোতাই দিম।
    • দ্য অবজাৰ্ভাৰ, ২৮ আগষ্ট, ১৯৫৭
  • মই এগৰাকী আচৰিত গৃহিণী। প্ৰতিবাৰেই যেতিয়া মই এজন পুৰুষক এৰি থৈ আহোঁ, মই তেওঁৰ ঘৰটো নিজৰ ওচৰত ৰাখি থৈ দিওঁ।
    • How to Catch a Man, Keep a Man, and Get Rid of a Man (১৯৭০)
  • এগৰাকী ধুনীয়া মহিলাক ঈৰ্ষা কৰিলে আপুনি অধিক ধুনীয়া হৈ নপৰে।
:w:
:w:
ৱিকিপিডিয়াত সম্বন্ধিত পৃষ্ঠা: