জোচেফ ষ্টেলিন

জোচেফ ভিছাৰিয়ানোভিচ ষ্টেলিন (ইংৰাজী: Joseph Vissarionovich Stalin ; জন্ম Ioseb Besarionis Dze Jughashvili ; ২১ ডিচেম্বৰ {৯ ডিচেম্বৰ পুৰণি শৈলী} ১৮৭৯ – মৃত্যু : ৫ মাৰ্চ ১৯৫৩) জৰ্জিয়াৰ এজন বিপ্লৱী আৰু ৰাজনৈতিক নেতা আছিল, যিয়ে ১৯২৪ চনৰ পৰা ১৯৫৩ চনত মৃত্যুৰ আগলৈকে ছোভিয়েট ইউনিয়নৰ নেতৃত্ব দিছিল ছোভিয়েট ইউনিয়নৰ মন্ত্ৰী পৰিষদৰ অধ্যক্ষ (১৯৪১–১৯৫৩)। প্ৰথম অৱস্থাত সামূহিক নেতৃত্বৰ অংশ হিচাপে দেশখন শাসন কৰাৰ পিছতো অৱশেষত তেওঁ নিজৰ ক্ষমতা কেন্দ্ৰীভূত কৰি ১৯৩০ চনৰ ভিতৰত ছোভিয়েট ইউনিয়নৰ একনায়কত্ববাদী হৈ পৰে। মাৰ্ক্সবাদৰ লেনিনবাদী ব্যাখ্যাৰ প্ৰতি মতাদৰ্শগতভাৱে দায়বদ্ধ কমিউনিষ্ট হিচাপে ষ্টেলিনে এই ধাৰণাসমূহক ‘মাৰ্ক্সবাদ–লেনিনবাদ’ বুলি আনুষ্ঠানিকভাৱে ৰূপায়ণ কৰাৰ বিপৰীতে তেওঁৰ নিজৰ নীতিসমূহ ‘ষ্টেলিনবাদ’ বুলি জনা যায়। তেওঁৰ পিতৃ স্বেটলানা আলিলুয়েভাৰ।
উদ্ধৃতি
[সম্পাদনা কৰক | উৎস সম্পাদনা]- শিক্ষা এটা অস্ত্ৰ, যাৰ প্ৰভাৱ ইয়াক ব্যৱহাৰ কৰা হাতৰ দ্বাৰা নিৰ্ধাৰিত হয়, ই কাক আঘাত কৰে।[১]
- - এইচ.জি.ৱেলছৰ সৈতে হোৱা সাক্ষাৎকাৰ, ১৯৩৪চনত।
- - দ্য নিউয়ৰ্ক টাইমছ, ১৯৮৯ চন।
- পহুক ভয় কৰিলে হাবিৰ পৰা আঁতৰি থাকক।[৩]
- - ইউ.এছ.এছ.আৰৰ খচৰা সংবিধানৰ ওপৰত, ২৫ নৱেম্বৰ ১৯৩৬।
- মই কাকো বিশ্বাস নকৰো, আনকি নিজকেও নকৰোঁ।[২]
- মই মাথোঁ এটা কথাত বিশ্বাস কৰোঁ, সেয়া হ’ল মানুহৰ ইচ্ছাশক্তিৰ শক্তি।[২]
উৎস
[সম্পাদনা কৰক | উৎস সম্পাদনা]- ↑ ১.০ ১.১ Joseph Stalin in His Own Words. আহৰণ কৰা হৈছে: 8 এপ্ৰিল 2026.
- ↑ ২.০ ২.১ ২.২ Joseph Stalin Quotes. আহৰণ কৰা হৈছে: 8 এপ্ৰিল 2026.
- ↑ On the Draft Constitution of the U.S.S.R.. আহৰণ কৰা হৈছে: 8 এপ্ৰিল 2026.