জে আৰ ডি টাটা
অৱয়ব

জেহাংগীৰ ৰতনজী দাদাভোয় টাটা (ইংৰাজী: : Jehangir Ratanji Dadavhoy Tata) ( জন্ম ,২৯ জুলাই ১৯০৪ – মৃত্যু, ২৯ নৱেম্বৰ ১৯৯৩) আছিল ফ্ৰান্সত জন্মগ্ৰহণ কৰা এজন ভাৰতীয় বিমানচালক আৰু ভাৰতৰ ব্যৱসায়িক উদ্যোক্তাসকলৰ ভিতৰত পুৰোধা ব্যক্তি । টাটা সন্সৰ প্ৰাক্তন অধ্যক্ষ আছিল তেওঁ। ১৯২৯ চনত তেওঁ ভাৰতৰ প্ৰথম অনুজ্ঞাপত্ৰপ্ৰাপ্ত পাইলট হিচাপে পৰিগণিত হয়। ১৯৮৩ চনত তেওঁ "ফ্ৰেন্স লিজিয়ন অৱ অনাৰ" আৰু ১৯৯২ চনত ভাৰতৰ সৰ্বোচ্চ অসামৰিক বঁটা "ভাৰত ৰত্ন" লাভ কৰে।

উদ্ধৃতিসমূহ
[সম্পাদনা কৰক | উৎস সম্পাদনা]- ভাৰত অৰ্থনৈতিক মহাশক্তি হোৱাটো মই নিবিচাৰো। মই বিচাৰো ভাৰত এখন সুখী দেশ হওক।[১]
- পুৰুষক নেতৃত্ব দিবলৈ হ’লে আপুনি মৰমেৰে নেতৃত্ব দিব লাগিব।[২]
- যদি আপুনি উৎকৃষ্টতা বিচাৰে তেন্তে নিখুঁততাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। ইয়াৰ অসুবিধা থাকিব পাৰে যদিও অতি সুক্ষ্মতাৰে কৰাটো অতি প্ৰয়োজনীয়।[৩]
- আইনষ্টাইনৰ দৰে মই মহান হ’লে ভাল আছিল, তেওঁ এসময়ত কৰা কামটো যদি মই কৰিব পাৰো। তেওঁৰ ভাষণৰ বাবে ৰাতিৰ আহাৰ গ্ৰহণ কৰা হৈছিল, যাৰ মূল্য আছিল এশ ডলাৰ আৰু এই মহান ব্যক্তিজনৰ কথা শুনিবলৈ আমেৰিকাৰ সকলো শ্ৰেণীৰ নেতাক—বিশেষকৈ বিজ্ঞানৰ ক্ষেত্ৰখনৰ মানুহক আমন্ত্ৰণ জনোৱা হৈছিল। যেতিয়া তেওঁৰ বক্তৃতাৰ পাল আহিল, তেওঁ থিয় হৈ ক'লে: "মোৰ ক'বলগীয়া একো নাই," আৰু তাৰ পিছত বহিল। তেওঁৰ অস্থিৰতা আপুনি কল্পনা কৰিব পাৰে ,ৰাতিৰ আহাৰত অপচয় হোৱা ধনৰ কথা নকওঁৱেই! আইনষ্টাইনে যেতিয়া তেওঁৰ কৈথাই দৰ্শকৰ ওপৰত কিমান শক্তিশালী প্ৰভাৱ পেলাইছে সেই কথা উপলব্ধি কৰিলে, তেতিয়া তেওঁ আকৌ থিয় হৈ ক'লে: "যেতিয়া মোৰ কিবা ক'বলগীয়া থাকিব, মই আপোনালোকক ক'ম।"[৪]
- বিমান পৰিবহণৰ মূল কথাটো হ’ল গতি, আৰু গতি হৈছে দুৰ্ভাগ্যজনকভাৱে বিশ্বৰ অন্যতম ব্যয়বহুল সামগ্ৰী, মূলতঃ কাৰণ উচ্চ গতি লাভ কৰিবলৈ আৰু হাজাৰ হাজাৰ ফুট বতাহলৈ বোজা তুলিবলৈ প্ৰয়োজন হোৱা শক্তিৰ অসমতাপূৰ্ণ পৰিমাণ। ইয়াৰ আকৰ্ষণীয় উদাহৰণ এইটোৱেই যে গড় হিচাপত মালবাহী জাহাজ, মালবাহী ৰে’ল আৰু পৰিবহণ বিমানত প্ৰত্যেকতে মুঠ প্ৰায় ২৫০০ এইচ পি ইঞ্জিন থাকে যদিও জাহাজখনে প্ৰায় ৭,০০০ টন, ৰে’লখনে ৮০০ টন আৰু বিমানখনে মাত্ৰ ডেৰ-দুই টন বোজা কঢ়িয়াব পাৰে।[৫]
- বিলম্বৰ মনোবিজ্ঞান। আমাৰ দেশত অৰ্থনৈতিক সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত পলম হোৱাৰ কিছুমান কাৰণ যেন মনোবিজ্ঞানৰ ক্ষেত্ৰখনত নিহিত হৈ আছে। "শক্তিৰ মনোবিজ্ঞান" নামৰ কিবা এটাই মানুহক প্ৰেৰণা দিয়ে: নিয়ন্ত্ৰণ আৰু পৃষ্ঠপোষকতাৰ শক্তি, আবেদন এখন বিলম্ব কৰাৰ শক্তি, ফাইল এটা ওপৰলৈ তুলি ৰখাৰ শক্তি, মানুহক অপেক্ষা কক্ষত ৰৈ থকাৰ শক্তি—এই সকলোবোৰ কথা সচেতনভাৱে বা অৱচেতনভাৱে মৰ্যাদা আৰু গুৰুত্বৰ প্ৰতীক বুলি গণ্য কৰা হয়।[৬]
উৎস
[সম্পাদনা কৰক | উৎস সম্পাদনা]- ↑ In the article “The business ethics of J.R.D. Tata” in The Hindu dated 29 July 2005
- ↑ His Biographers remark quoted in “Believing in Perfection” in New India Digest
- ↑ Quotations by 60 Greatest Indians. প্ৰকাশক: Dhirubhai Ambani Institute of Information and Communication Technology.
- ↑ Address to the Lions Club of Jamshedpur, August 22, 1963.
- ↑ On November 2, 1943, J.R.D. Tata spoke to the Bombay Rotary Club.
- ↑ To The Central Advisory Council of Industries, New Delhi, January 3, 1969.