সমললৈ যাওক

জেনিফাৰ লৰেন্স

ৱিকিউদ্ধৃতিৰ পৰা
২০১১ চনত ৮৩ সংখ্যক একাডেমী বঁটা প্ৰদান অনুষ্ঠানত লৰেন্স

জেনিফাৰ শ্ৰেডাৰ লৰেন্স (জন্ম ১৫ আগষ্ট, ১৯৯০ ) এগৰাকী আমেৰিকান অভিনেত্ৰী। ৱিণ্টাৰছ ব’ন (২০১০), ছিলভাৰ লাইনিংছ প্লেবুক (২০১২), আৰু আমেৰিকান হাষ্টল (২০১৩) ছবিত অভিনয় কৰি একাডেমী বঁটাৰ বাবে মনোনীত হৈছিল আৰু ইয়াৰে দ্বিতীয়খন ছবিৰ বাবে বিজয়ী হৈছিল। তেখেতে হয়তো দ্য হাংগাৰ গেমছ ছিৰিজত কেটনিছ এভাৰডিনৰ চৰিত্ৰত অভিনয় কৰাৰ বাবে বেছিকৈ পৰিচিত। ২০১৯ চনত কুক মেৰ’নীৰ সৈতে বিবাহপাশত আবদ্ধ হয় আৰু ২ জন পুত্ৰ সন্তান জন্ম হয়।

  • সফলতাৰ অৰ্থ এইটো নহয় যে আপুনি কম কাম কৰিব আৰু মানুহক অপমান কৰিব।
  • আমি ভবা সকলো কথাই আমাৰ চকুত প্ৰকাশ পাই। আমাৰ চকু দুটা সঁচাকৈয়ে আমাৰ আত্মাৰ খিৰিকী, আৰু সেইবাবেই অন্ততঃ মই ক’ব পাৰোঁ যেতিয়া কোনোবাই কোৱা কথাখিনি বুজাব পৰা নাই সেয়া মই কমেও চকুলৈ চাই ধৰিব পাৰোঁ।
  • দয়াহীন মানুহৰ বাবে চিন্তা নকৰিব। সেইটো এটা ভাল মূলমন্ত্ৰ হ’ব পাৰে কাৰণ আপুনি গোটেই জীৱন তেনেকুৱা মানুহৰ সন্মুখীন হয়।
  • এই পৃথিৱীখন বৰ আচৰিত; যদি আপোনাৰ হাপানী ৰোগ হয়, আপুনি হাপানিৰ ঔষধ খায়। যদি আপোনাৰ ডায়েবেটিছ হয়, আপুনি ডায়েবেটিছৰ ঔষধ খায়, কিন্তু যেতিয়াই আপুনি আপোনাৰ মনৰ বাবে ঔষধ খাবলগীয়া হয়, ইয়াৰ লগত এক... এক বিশেষ কলঙ্ক জড়িত হৈ পৰে।
  • মজবুত হোৱা। আনৰ অনুগামী নহ'বা, আৰু সদায় সঠিক কাম কৰা। যদি সঠিক আৰু ভুলৰ মাজত বাছনি কৰিবলগীয়া হয়, তেন্তে সঠিক পথটোৱেই সদায় কম মানসিক চাপৰ।
  • যদি আপোনাৰ সন্মুখত শুদ্ধ আৰু ভুলৰ মাজত বাছনি কৰিবলগীয়া হয়, তেন্তে শুদ্ধ পথটোৱেই সদায় কম মানসিক চাপৰ হয়।
  • শক্তি আৰু স্বাস্থ্যৰ বাবে চেষ্টা কৰক
  • আপোনাৰ এটা বাছনি আছে। আপুনি জীৱিকাৰ বাবে নেতিবাচকতা আৰু মিছা প্ৰচাৰ কৰা ব্যক্তি হ'ব নালাগে। আহক, আমি সেই বাছনিটো কৰোঁ যিটো নিজৰ ভাল লাগে।
:w:
:w: