জুলিয়া চাইল্ড
অৱয়ব
জুলিয়া চাইল্ড(ইংৰাজী:Julia Child, ১৫ আগষ্ট ১৯১২-১৩ আগষ্ট ২০০৪) আছিল এগৰাকী বিখ্যাত আমেৰিকান ৰন্ধন-শিল্পী, লেখিকা আৰু টেলিভিছন ব্যক্তিত্ব। তেওঁ ফৰাচী খাদ্য-সংস্কৃতি আমেৰিকাত জনপ্ৰিয় কৰি তোলাৰ বাবে বিশেষভাৱে পৰিচিত। তেওঁৰ বিখ্যাত কিতাপ Mastering the Art of French Cooking (১৯৬১)য়ে বহু লোকক ঘৰতে ফৰাচী ৰান্ধন কাৰ্য্য শিকিবলৈ উৎসাহিত কৰিছিল।তেওঁ The French Chef নামৰ টেলিভিছন অনুষ্ঠানৰ জৰিয়তে অতি সহজ আৰু আনন্দদায়ক ৰান্ধন প্ৰক্ৰিয়া শিকাইছিল, যাৰ বাবে তেওঁ বিশ্বজুৰি জনপ্ৰিয় হৈ উঠে।
উদ্ধৃতি
[সম্পাদনা কৰক | উৎস সম্পাদনা]- “মানুহক মই সদায় এই পৰামৰ্শটো দিওঁ: ৰান্ধিবলৈ শিকা—নতুন ৰেচিপি চেষ্টা কৰা, নিজৰ ভুলৰ পৰা শিকা, নিৰ্ভীক হোৱা, আৰু আটাইতকৈ গুৰুত্বপূর্ণ কথা, আনন্দেৰে কৰা!” [১]
- ৰান্ধন কাৰ্য্য প্ৰেমৰ দৰে; ইয়াক সম্পূৰ্ণ হৃদয়েৰে কৰা উচিত, নহ’লে নকৰাই ভাল।”[২]
- “যিসকলে খায় ভাল পায়, তেওঁলোক সদায় আটাইতকৈ ভাল মানুহ।”[৩]
- “মনত ৰাখিবা, ‘মানুহতকৈ গুৰুত্বপূর্ণ আন একো নাই’! অৰ্থাৎ, বন্ধুত্বই আটাইতকৈ গুৰুত্বপূর্ণ সম্বন্ধ—কৰ্মজীৱন, ঘৰ-কাম বা নিজৰ ক্লান্তিতকৈও বেছি—আৰু ইয়াক যত্ন ল’ব লাগে আৰু লালন-পালন কৰিব লাগে।”[৪]
- “আপুনি যিটো কামত আগ্ৰহী, সেইটো বিচাৰি উলিয়াওক আৰু কামটোৰ প্ৰতি সদায় গভীৰ আগ্ৰহ ৰাখক।”[৫]