সমললৈ যাওক

জিৎ (অভিনেতা)

ৱিকিউদ্ধৃতিৰ পৰা
২০১৭ চনত জিৎ

জিৎ (প্ৰকৃত নাম: জীতেন্দ্ৰ মদনানী, জন্ম: ৩০ নৱেম্বৰ ১৯৭৮) এজন ভাৰতীয় অভিনেতা আৰু চলচ্চিত্ৰ প্ৰযোজক যিয়ে মূলতঃ বাংলা চিনেমাৰ সৈতে জড়িত। দুই দশকৰো অধিক সময়ৰ কেৰিয়াৰত জিত্তে ৫৭ খনতকৈও বাংলা ছবিত অভিনয় কৰিছে আৰু তেওঁ বাংলা চিনেমাৰ অন্যতম বাণিজ্যিকভাৱে সফল অভিনেতা। সংবাদ মাধ্যমত "বছ" নামেৰে পৰিচিত জিত 'গ্ৰাছৰুট এণ্টাৰটেইনমেণ্ট' আৰু 'জিতচ্ ফিল্মৱৰ্কছ' নামৰ দুটা প্ৰযোজনা সংস্থাৰ গৰাকী। ২০২২ চনৰ পৰা তেওঁ 'পশ্চিমবংগ মোচন পিকচাৰ আৰ্টিষ্ট ফৰাম'ৰ কাৰ্যবাহী সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।

  • মই পলমকৈ হোৱা নিশাৰ পাৰ্টি, মদ্যপান আৰু ডাঙৰ শব্দৰ সংগীত পৰিহাৰ কৰোঁ, কাৰণ মই এইবোৰ উপভোগ নকৰোঁ। মই জীৱনত এক নিৰ্দিষ্ট অনুশাসন মানি চলোঁ। তদুপৰি, এই পাৰ্টিবোৰ মোৰ বাবে অতি আমনিদায়ক আৰু তেনে অনুষ্ঠানত মই নিজকে এজন অচিনাকি মানুহৰ দৰে অনুভৱ কৰোঁ। তাৰোপৰি সময়ৰো সমস্যা থাকে। সঁচা ক’বলৈ গ’লে, কামৰ বাহিৰে বাকী সময়খিনি পাৰ্টিত যোৱাতকৈ মই পৰিয়ালৰ সৈতে কটাবলৈ বেছি ভাল পাওঁ।
  • মই অনুভৱ কৰোঁ যে চলচ্চিত্ৰ নিৰ্মাণ এক প্ৰক্ৰিয়া, য’ত আপুনি অতীতৰ কথাবোৰ পাহৰি প্ৰতিখন নতুন ছবিৰ বাবে নতুনকৈ আৰম্ভ কৰিব লাগে। মই সকলো ধৰণৰ পৰিস্থিতিতে সুখ বিচাৰি পাওঁ আৰু বিতৰ্কৰ পৰা আঁতৰি থাকিবলৈ চেষ্টা কৰোঁ। আমি সকলোৱে ইয়াত কাম কৰিবলৈ আৰু কিবা এটা পৰিৱৰ্তন আনিবলৈ আহিছোঁ, নহয়নে?
:w:
:w:
ৱিকিপিডিয়াত সম্বন্ধিত পৃষ্ঠা: