সমললৈ যাওক

জিম ৰ'ন

ৱিকিউদ্ধৃতিৰ পৰা
জিম ৰ'ন

জিম ৰ'ন (জন্ম: ১৭ ছেপ্টেম্বৰ, ১৯৩০ – মৃত্যু: ৫ ডিচেম্বৰ, ২০০৯), সম্পূৰ্ণ নাম ইমানুৱেল জেমছ ৰ'ন আছিল এজন আমেৰিকান উদ্যোগী, লেখক আৰু প্ৰেৰণাদায়ক বক্তা। তেওঁ অসংখ্য গ্ৰন্থ ৰচনা কৰিছিল।

  • আমি সকলোৱে দুটা যন্ত্ৰণাৰ ভিতৰত এটা কষ্টত ভুগিব লাগিব: অনুশাসনৰ যন্ত্ৰণা বা অনুশোচনাৰ যন্ত্ৰণা। পাৰ্থক্যটো হ’ল অনুশাসনৰ ওজন কেইটামান আউন্স হোৱাৰ বিপৰীতে অনুশোচনাৰ ওজন টন।
- "জিম ৰ'নৰ উদ্ধৃতি"
  • যদি আপুনি আপোনাৰ লক্ষ্যৰ দিশত কাম কৰে , তেন্তে এই লক্ষ্যসমূহে আপোনাৰ বাবে কাম কৰিব।
- "জিম ৰ'নৰ উদ্ধৃতি"
  • অসুখী মানুহজন যাৰ প্ৰিয় ৰেষ্টুৰেণ্ট আছে কিন্তু প্ৰিয় লেখক নাই। শৰীৰক খুৱাবলৈ প্ৰিয় ঠাই বিচাৰি পাইছে, কিন্তু মনক খুৱাবলৈ প্ৰিয় ঠাই বিচাৰি পোৱা নাই।
- by Jim Rohn:
  • সফলতা হৈছে দৈনিক মানি চলা কেইটামান সহজ নিয়মৰ বাহিৰে আন একো নহয়, আৰু বিফলতা মাথোঁ দৈনিক পুনৰাবৃত্তি হোৱা কেইটামান ভুল।
- "জিম ৰ'নৰ উদ্ধৃতি"