জাষ্টিন বিবাৰ
অৱয়ব

জাষ্টিন ড্ৰ' বিবাৰ (জন্ম ১ মাৰ্চ, ১৯৯৪) এগৰাকী কানাডিয়ান গায়ক, সুবাদক আৰু বহু-বান্ত্ৰবিদ।
উদ্ধৃতি
[সম্পাদনা কৰক | উৎস সম্পাদনা]- সকলো হেইটাৰলৈ মোৰ শুভকামনা থাকিল। আপোনালোকে মোক তললৈ নমাব নোৱাৰে। মই প্ৰতিদিনে কৃতজ্ঞতাৰে সাৰ পাওঁ এই সুযোগটোৰ বাবে আৰু অনুৰাগীসকলৰ প্ৰতিও মই কৃতজ্ঞ।
- Twitter-ৰ জৰিয়তে অনুৰাগীসকললৈ বাৰ্তা, ১৪ এপ্ৰিল ২০১০
- মই সেইবোৰ ছোৱালী পছন্দ নকৰোঁ যিয়ে অত্যাধিক মেক-আপ কৰে যাৰ বাবে তেওঁলোকৰ মুখখন দেখা নাযায়। কিছুমান ছোৱালী ধুনীয়া কিন্তু তেওঁলোকে নিৰাপত্তাহীনতাত ভোগে আৰু মেক-আপ নোহোৱাকৈয়ে বেছি ভাল দেখি, তথাপিও বহুত মেক-আপ কৰে। মই ধুনীয়া চকু আৰু ধুনীয়া হাঁহি থকা ছোৱালী ভাল পাওঁ।
- MTV-ত উদ্ধৃত, এপ্ৰিল ২০১০
- মই মোৰ অনুৰাগীৰ সকলো চিঠি পঢ়িবলৈ চেষ্টা কৰোঁ। তেওঁলোকৰ বহুতে মোক চকলেট পঠিয়াই, যিবোৰ মোক খাবলৈ অনুমতি দিয়া নহয় কাৰণ মাৰ মতে সেইবোৰত বিষ থাকিব পাৰে।
- TIME সাক্ষাৎকাৰ, ২০১০
- মোৰ আচলতে কোনো হাত খৰচ নাই। যেতিয়া মই কিবা এটা ল’ব বিচাৰোঁ, মই কেৱল মাক সুধিব লাগে।
- Stv entertainment-ত উদ্ধৃত, মে’ ২০১০
- মই সাধাৰণতে ১০ বজাৰ ভিতৰত ঘৰত সোমাব লাগে আৰু মায়ে প্ৰতি নিশা ১০:৩০ বজাত মোৰ কম্পিউটাৰটো লৈ যায়।
- Stv entertainment-ত উদ্ধৃত, মে’ ২০১০
- মোৰ আটাইতকৈ প্ৰিয় কামটো হ’ল গোটেই পৃথিৱী ভ্ৰমণ কৰিব পৰা আৰু মোৰ অনুৰাগীসকলৰ বাবে অনুষ্ঠান পৰিৱেশন কৰা। মই ভাবোঁ মই মোৰ শুনা শক্তিৰ ৮০ শতাংশ হেৰুৱাইছোঁ। মোৰ অনুৰাগীসকলে সঁচাকৈয়ে বহুত চিঞৰ-বাখৰ কৰে।
- Vibe, ২২ জুলাই ২০১০
- ইণ্টাৰনেট নোহোৱাকৈ মোৰ কোনো অনুৰাগী নাথাকিলহেঁতেন আৰু মই এই ব্যৱসায়ত নাথাকিলহেঁতেন। মই ইণ্টাৰনেট আৰু মোৰ অনুৰাগীসকলৰ ওচৰত সকলোৰে বাবে ঋণী।
- Vibe, ২২ জুলাই ২০১০
- মা মোৰ আটাইতকৈ ডাঙৰ অনুৰাগী। মই কেঁচুৱা হৈ থকাৰে পৰাই তেওঁ মোৰ অনুৰাগী।
- Vibe, ২২ জুলাই ২০১০
- মই ভাবোঁ মোৰ চুলিকোচাৰ প্ৰতি থকা মানুহৰ এই আসক্তিটো খুবেই ধেমেলীয়া। মানুহে মোৰ চুলি নকল কৰে। 'মিট এণ্ড গ্ৰীট'বোৰত মানুহে মোৰ চুলি চুই চায়। মই ইয়াত কোনো প্ৰসাধন ব্যৱহাৰ নকৰোঁ।
- Vibe, ২২ জুলাই ২০১০
- যদি মই মাইকেল জেকচন-এ আনৰ বাবে কৰা ভাল কামবোৰৰ দহ ভাগৰ এভাগো কৰিব পাৰোঁ, তেন্তে মই সঁচাকৈয়ে এই পৃথিৱীত এক পৰিৱৰ্তন আনিব পাৰিম।
- First Step 2 Forever: My Story (২০১০), পৃষ্ঠা ১৭৭
- মোৰ ইউটিউব পেজত বহুত হেইটাৰ আছে। তেওঁলোকে কেৱল বলিয়ালিৰ দৰে কথা কয়। মই খং কৰা নাই। মোৰ বয়স ১৬ বছৰ আৰু মোৰ বুকুত চুলি নাই আৰু সেই লৈ মই এই মুহূৰ্তত চিন্তিত নহয়। সেইটো হ’ব। মানুহে কয়, "তাক চোৱা, সি গান গোৱাৰ আগতে ডিঙিত হিলিয়াম ভৰাই লয়।" আপুনি কেৱল নিজৰ ওপৰত হাঁহিব লাগে। এইটো ধেমেলীয়া।
- 'The Ellen Show'-ত সাক্ষাৎকাৰ, ৩ নৱেম্বৰ ২০১০
- মোৰ অনুভৱ হয় যেন মই নিজকে এজন পুৰুষৰ দৰে পৰিচালিত কৰোঁ। মই নিজকে এজন ল’ৰা হিচাপে চলাই নাথাকোঁ।
- Rolling Stone, ২০১২
