সমললৈ যাওক

জালালউদ্দিন মুহাম্মদ ৰুমী

ৱিকিউদ্ধৃতিৰ পৰা

জালালউদ্দিন মুহাম্মদ ৰুমী ( ইংৰাজী:জালালউদ্দিন মুহাম্মদ ৰুমী,৩০ ছেপ্টেম্বৰ, ১২০৭;-১৭ ডিচেম্বৰ, ১২৭৩) আছিল এজন পাৰ্চী সুফী কবি, দাৰ্শনিক আৰু আধ্যাত্মিক গুৰুও।সাধাৰণতে তেওঁক চুটি নামত ৰুমী বুলিও কোৱা হয়। তেওঁৰ কবিতা প্ৰেম, ঈশ্বৰভক্তি আৰু আত্মিক জাগৰণৰ ওপৰত আধাৰিত।তেওঁৰ আটাইতকৈ বিখ্যাত গ্ৰন্থ হৈছে Masnavi (১৩শ শতিকাত লিখা, পিছত সংকলিত আৰু প্ৰকাশিত), যাক “পাৰ্চী সাহিত্যৰ কোৰআন” বুলিও কোৱা হয়।

  1. “তুমি যি বিচাৰিছা, সেই বোৰেও তোমাক বিচাৰি আছে।”[১]
  2. “প্ৰেমেই হৈছে তোমাৰ আৰু সকলো বস্তুৰ মাজৰ সেতু।”[২]
  3. “আগতে মই বুদ্ধিমান আছিলোঁ, সেয়ে মই পৃথিৱী সলনি কৰিব বিচাৰিছিলোঁ; আজি মই জ্ঞানী, সেয়ে মই নিজকে সলনি কৰিছোঁ।”[৩]
  4. “য’ত প্ৰেম আছে, তাত জীৱন আছে।”[৪]
  5. “নীৰৱতাই হৈছে ঈশ্বৰৰ ভাষা; বাকী সকলো অনুবাদ।”[৫]
  1. ↑ Masnavi (১৩শ শতিকাৰ ৰচনা)
  2. ↑ Divan-e Shams-e Tabrizi (১৩শ শতিকাৰ ৰচনা)
  3. ↑ Masnavi (১৩শ শতিকাৰ ৰচনা)
  4. ↑ Divan-e Shams-e Tabrizi (১৩শ শতিকাৰ ৰচনা)
  5. ↑ Masnavi (১৩শ শতিকাৰ ৰচনা)