জন আডামছ

জন আডামছ (ইংৰাজী: : John Adams ; ৩০ অক্টোবৰ, ১৭৩৫ – ৪ জুলাই, ১৮২৬) এজন আমেৰিকান উকীল, লেখক, ৰাষ্ট্ৰনেতা আৰু কূটনীতিবিদ আছিল। তেওঁ আমেৰিকাৰ দ্বিতীয় ৰাষ্ট্ৰপতি (১৭৯৭–১৮০১), প্ৰথম উপ-ৰাষ্ট্ৰপতি (১৭৮৯–১৭৯৭) আৰু প্ৰতিষ্ঠাপক পিতৃ হিচাপে ব্ৰিটিছ সাম্ৰাজ্যৰ পৰা আমেৰিকাৰ স্বাধীনতাৰ নেতা হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। আডামছ আলোকজ্জ্বল যুগৰ ৰাজনৈতিক চিন্তাবিদ আছিল, তেওঁ গণতন্ত্ৰবাদ আৰু শক্তিশালী কেন্দ্ৰীয় চৰকাৰৰ ধাৰণাক প্ৰচাৰ কৰিছিল। তেওঁৰ উদ্ভাৱনী ধাৰণা সঘনাই প্ৰকাশ পাইছিল। নিয়মীয়া ডায়েৰী ৰখা আৰু চিঠি-পত্ৰ লিখাৰ ক্ষেত্ৰতো তেওঁ অত্যন্ত নিষ্ঠাবান আছিল—বিশেষকৈ তেওঁৰ পত্নী আৰু মূল উপদেষ্টা এবিগেলৰ সৈতে। তেওঁৰ পিতৃ আছিল জন কুইন্সি এডামছ।
উদ্ধৃতিসমূহ
[সম্পাদনা কৰক | উৎস সম্পাদনা]• এই পৃথিৱীত এনেকুৱা মানুহ কমেই আছে যাৰ লগত মই কথা পাতিব পাৰো।
- - উইলিয়াম এ ডিগ্ৰেগ’ৰিয়াৰ কম্প্লিট বুক অৱ ইউ.এছ.প্ৰেচিডেণ্টছ (১৯৮৪)ত উদ্ধৃত কৰা অনুসৰি, পৃষ্ঠা ১৯–২০
• মই সকলোকে শালীনতা আৰু সভ্যতাৰে ব্যৱহাৰ কৰিব পাৰো, আৰু প্ৰয়োজন হ’লে তেওঁলোকৰ সৈতে ব্যৱসায়িক বিষয়ত কথা পাতিব পাৰো। কিন্তু তেওঁলোকৰ সংগত মই কেতিয়াও সুখী নহয়।
- - উইলিয়াম এ ডিগ্ৰেগ’ৰিয়াৰ কম্প্লিট বুক অৱ ইউ.এছ.প্ৰেচিডেণ্টছ (১৯৮৪)ত উদ্ধৃত কৰা অনুসৰি, পৃষ্ঠা ১৯–২০
• আমাৰ মাজত বিদ্যুৎ বা চুম্বকৰ শক্তিৰ সৈতে মিল থকা এটা ভৌতিক গুণ আছিল, যাৰ দ্বাৰা যেতিয়া এযোৰ আকৰ্ষণীয় দূৰত্বৰ ভিতৰত ওচৰ চাপি আহিছিল তেতিয়া সিহঁতে বেজীৰ দৰে মেৰুলৈ বা বৈদ্যুতিক পৰীক্ষাত দুটা বস্তুৰ দৰে একেলগে উৰি গৈছিল।
- - উইলিয়াম এ ডিগ্ৰেগ’ৰিয়াৰ কম্প্লিট বুক অৱ ইউ.এছ.প্ৰেচিডেণ্টছ (১৯৮৪)ত উদ্ধৃত কৰা অনুসৰি, পৃষ্ঠা ১৯–২০