জঙ্গম (গ্ৰন্থ)
অৱয়ব
জঙ্গম,ঔপন্যাসিক দেবেন্দ্ৰনাথ আচাৰ্যৰ এক সৃষ্টি।দ্বিতীয় মহাযুদ্ধৰ কবলত পৰা ব্ৰহ্মদেশ আৰু অসমৰ ঐতিহাসিক পটভূমি অধ্যয়ন কৰি ঔপন্যাসিকে গ্ৰন্থখনৰ সমল সংগ্ৰহ কৰিছিল।দ্বিতীয় মহাসমৰৰ সময়ত প্ৰাণৰ ভয়ত ব্ৰহ্মদেশ এৰি দুৰ্গম পথেৰে অসমৰ ফালে পলাই অহা এদল স্থানান্তৰিত, নি:স্ব মানুহৰ জীৱন-সংগ্ৰামৰ কাহিনীয়েই হ’ল এই উপন্যাসৰ মূল বিষয়বস্তু।এই উপন্যাসখনে ১৯৮২ চনত অসম প্ৰকাশন পৰিষদে প্ৰথম প্ৰকাশ কৰিছিল।পৰৱৰ্তী সময়ত উপন্যাসখন সাহিত্য অকাদেমি বঁটাৰে সন্মানিত হৈছিল।[১]
উদ্ধৃতিসমূহ
[সম্পাদনা কৰক | উৎস সম্পাদনা]- একুৰিঘৰ মানুহৰ গাঁও-মানকু আচলতে এটা চুবুৰীহে। দুখীয়া খেতিয়ক-শ্ৰমিকৰ গাঁও মূৰৰ ঘাম মাটিত পেলাই ধনী মহাজনৰ আধিমাটিত খেতি কৰি ছমাহ পেটে-ভাতে খাই বাকী ছমাহ অৰ্ধাহাৰে অনাহাৰে কটোৱা বাৰ্মান আৰু ভাৰতীয় খেতিয়ক আৰু দিনমজুৰৰ এখন নিছলা উপনিৱেশ।
- প্ৰথমতে তেঁতেলিগছ আৰু কাঁইটীয়া জোপোহাৰ পাতল হাবি, তাৰ পাছত গভীৰ বনাৰণ্য; ওখ পাহাৰেৰে ভৰা ইৰাৱতী-চিন্দুইন উপত্যকা উত্তৰা-দক্ষিণাকৈ দুশ মাইল জুৰি থকা দুৰ্গম পাহাৰ আৰু মালভূমি। বাৰ্মান কিংবদন্তি মতে এই ত্ৰিভুজাকাৰ উপত্যকাৰ উত্তৰত অৱস্থিত সাক্ষাৎ যমৰ দুৱাৰ। সেই মৃত্যু উপত্যকালৈ স্বেচ্ছাই আগবাঢ়ি যোৱা দলটোৱে তেঁতেলি আৰু খেজুৰ গছৰ পাতলীয়া হাবিৰ মাজতে অলপ পৰ বহি জিৰাই ল'লে আৰু একোমুঠি চিৰা, মুৰি বা পিঠাগুড়ি পানীত তিয়াই তাৰেই পুৱাৰ আহাৰ সমাপণ কৰিলে।
- মা-পুৰ মনৰ বীণখনৰ কোনোবা এডাল তাঁৰত চিনটিৰ শেষ কথা আষাৰে এটা প্ৰচণ্ড জোকাৰ দি গ'ল - তাইৰ সমস্ত অস্তিত্ব কঁপি উঠিল। জাতি-বৰ্ণ, শিক্ষা-দীক্ষাৰ সকলো বিভেদ-বৈষম্যৰ প্ৰাচীৰ ভাঙি তাইৰ মনটো এটা অদ্ভূত পুলকে ভৰাই পেলালে। ল'ৰাটোৰ প্ৰতি এক অদম্য আকৰ্ষণে তাইক মেৰাই মেৰাই বান্ধি পেলালে। কি আনন্দময় এই বন্ধন। কি সৌন্দৰ্যময় এই সৰল প্ৰাণৰ আড়ম্বৰহীন আৱেদন।
- তোমালোকৰ প্ৰতি মোৰ কৰ্তব্য আৰু দায়িত্ব এইখিনিতে শেষ হ'ল, " বন্ধুসকল -- সৰ্বান্তঃকৰণে প্ৰাৰ্থনা কৰিছো তোমালোকৰ যাত্ৰা যেন সফল হওক আৰু আশা কৰিছো যেন ব্ৰক্ষ্মদেশৰ মাটিত আৰু তোমালোকক দুনাই দেখা নে পাওঁ।
- কাৰোবাৰ হাতত ৰচি আছে নেকি? পঘাৰ দৰে শকত ৰচি লাগে। সকলোবোৰ মানুহকে একেলগে কঁকালত সাঙুৰি বান্ধিব লাগিব - আগত একেবাৰে থিয় ঢালু আছে। আৰু গাইপতি একোডাল লাখুটি যোগাৰ কৰি লোৱাহঁক।
- মৰা আগ মুহূৰ্ত্তলৈকে কোনেও মৰিম বুলি নেভাবে।
- হেলনীয়া বেলিটোৰ পোহৰত মানুহবোৰৰ ছাঁবোৰ দীঘলীয়া হৈ কুৰুঙত উতলি থকা ডাৱৰবোৰত লৰচৰ কৰি আছিল। একোবাৰত তালৈ চকু পৰি মানুহবোৰৰ নিজকে কিবা ভূত প্ৰেত যেনহে লাগিছিল।নিজে মৰিল নে জীয়াই আছে পৰীক্ষা কৰিবলৈ দুই এটাই নিজৰ গাতে চিকুটি চাইছিল।
- আমাৰ মাত্ৰ কৰ্তব্যতহে অধিকাৰ --শেষ ফলাফল তেওঁৰ (ভগৱান)মীমাংসা মতেহে হ'ব।
উৎস
[সম্পাদনা কৰক | উৎস সম্পাদনা]- ↑ আচাৰ্য,দেবেন্দ্ৰনাথ(১৯৮৩)।জঙ্গম।অসম প্ৰকাশন পৰিষদ