সমললৈ যাওক

জংগম

ৱিকিউদ্ধৃতিৰ পৰা

জঙ্গম (ইংৰাজী: Jangam) হৈছে অসমীয়া ঔপন্যাসিক, সাহিত্যিক দেৱেন্দ্ৰ নাথ আচাৰ্যৰ এখন ঐতিহাসিক উপন্যাস। অসম প্ৰকাশন পৰিষদে প্ৰকাশ কৰা গ্ৰন্থখন ১৯৮২ চনত প্ৰথম প্ৰকাশ হৈছিল। দ্বিতীয় বিশ্বযুদ্ধৰ পটভূমিত ৰচিত উপন্যাসখনৰ বাবে দেৱেন্দ্ৰ নাথ আচাৰ্যই ১৯৮৪ চনত সাহিত্য অকাডেমি বঁটা লাভ কৰে।[]

  1. "জাপানীৰ কি সাধ্য ইংৰাজক খেদোৱাৰ? যাৰ সাম্ৰাজ্যত বেলি ডুব নেযায়- এনেহেন বৃটিছ! সিঁহতৰ হেঁচাত লেৰেলা-চেপেটা এমুঠি জাপানী একেবাৰে পিঠা হৈ যাব।"[]
  2. "আমাৰ উদ্দেশ্য হ'ল ব্ৰহ্মদেশৰ বুকুৰপৰা বিদেশী উচ্ছেদ কৰা, সিহঁতৰ জীয়াই থকাৰ বিৰুদ্ধে আমাৰ সংগ্ৰাম নহয়।"[]
  3. "যুদ্ধৰ কাগজবোৰত লেখা কথাত বৰ বিশ্বাস নাই।"[]
  4. "ভগৱান একেজনেই- স্বৰ্গও একেখনেই।"[]
  5. "বৃটিছ বা ভাৰতীয়ই মাৰিলে মৰা-শটো ইৰাৱতীত উটাই দিলেহেঁতেন- এনেকৈ পহুৰ দৰে হানি হানি মাৰি মোৰ চোতালত পেলাই থৈ গৈ মোৰ বুকুত এই পাত শেল হানিবলৈ নাহে।"[]
  6. "ৰাতি এপৰত বহুতো দূৰণিত মাইংক্কানৰ পোহৰ ৰিণিকি ৰিণিকি দেখা গ'ল। মনত বহুতো উছাহ আৰু আশা লৈ মানুহবোৰ খৰতকীয়াকৈ আগবাঢ়িল। ৰাতি দুপৰত সিঁহত যেতিয়া মাইংক্কান পালেগৈ সৰ্বহাৰা মানুহবোৰৰ বহু আকাংক্ষিত মাইংক্কান তেতিয়া গভীৰ টোপনিত লালকাল।"[]
  7. "তোমাৰ ঈশ্বৰ আৰু মোৰ ঈশ্বৰৰ মাজত
    এইখন মহাযুদ্ধ; ইয়াৰ শেষত,
    তোমাৰ ঈশ্বৰ হাৰি মোৰ ঈশ্বৰৰ সমান হ'ব।
    তেতিয়া দুয়োজন ঈশ্বৰ মিলি গৈ এক হৈ পৰিব
    আৰু পৃথিৱীত চিৰশান্তি বিৰাজ কৰিব।"[]
  8. "মা-পুৰ চকুৰ আগত অনাগত দিনৰ এটি শিশুৰ পবিত্ৰ সৰল হাঁহি জিলিকি উঠিল- নতুন যুগৰ হাঁহি। অঘৰী মানুহৰ দুখ-বেজাৰৰ কোনো ধাৰণা নথকা এটা অবোধ শিশুৰ নিষ্পাপ হাঁহি। চিৰন্তন শান্তি আৰু নিৰাপত্তাৰ হাঁহি। তাৰ পৃথিৱীখনৰ কোমল পুৱাত সেউজীয়া দুবৰি বনত জিলিকি থকা নিয়ৰৰ টোপালবোৰ জঙ্গম মানুহৰ ভৰিৰ খোজে এতিয়াও কলুষিত কৰি যোৱা নাই।"[]
  1. বৰুৱা, শান্তনু কৌশিক (২০২০)। “কেইখনমান গ্ৰন্থৰ চমু পৰিচিতি”, অসম ইয়াৰ বুক ২০২১। জ্যোতি প্ৰকাশন, পৃষ্ঠা:৬০৩। ISBN: ৯৭৮-৯৩-৮১৪৮৫-৮২-৮
  2. আচাৰ্য, দেবেন্দ্ৰ নাথ (২০২৩)। জঙ্গম। অসম প্ৰকাশন পৰিষদ, পৃষ্ঠা:৯।
  3. আচাৰ্য, দেবেন্দ্ৰ নাথ (২০২৩)। জঙ্গম। অসম প্ৰকাশন পৰিষদ, পৃষ্ঠা:৩৪।
  4. আচাৰ্য, দেবেন্দ্ৰ নাথ (২০২৩)। জঙ্গম। অসম প্ৰকাশন পৰিষদ, পৃষ্ঠা:৬৪।
  5. আচাৰ্য, দেবেন্দ্ৰ নাথ (২০২৩)। জঙ্গম। অসম প্ৰকাশন পৰিষদ, পৃষ্ঠা:৭৭।
  6. আচাৰ্য, দেবেন্দ্ৰ নাথ (২০২৩)। জঙ্গম। অসম প্ৰকাশন পৰিষদ, পৃষ্ঠা:১১৮।
  7. আচাৰ্য, দেবেন্দ্ৰ নাথ (২০২৩)। জঙ্গম। অসম প্ৰকাশন পৰিষদ, পৃষ্ঠা:১৫১।
  8. আচাৰ্য, দেবেন্দ্ৰ নাথ (২০২৩)। জঙ্গম। অসম প্ৰকাশন পৰিষদ, পৃষ্ঠা:১৯৭।
  9. আচাৰ্য, দেবেন্দ্ৰ নাথ (২০২৩)। জঙ্গম। অসম প্ৰকাশন পৰিষদ, পৃষ্ঠা:১৯৮।