জঁ-প’ল ছাৰ্ত্ৰে
অৱয়ব
জঁ-প’ল ছাৰ্ত্ৰে (ইংৰাজী: Jean-Paul Sartre,২১ জুন ১৯০৫-১৫ এপ্ৰিল ১৯৮০) এজন প্ৰখ্যাত ফৰাচী দাৰ্শনিক, লেখক আৰু নাট্যকাৰ আছিল। তেওঁ অস্তিত্ববাদ দৰ্শনৰ অন্যতম মুখ্য প্ৰতিনিধি। তেওঁৰ চিন্তাধাৰাৰ মূল কথা হৈছে—মানুহে প্ৰথমে অস্তিত্ব লাভ কৰে, তাৰ পিছত নিজৰ কৰ্ম আৰু সিদ্ধান্তৰে নিজকে গঢ়ি তোলে। তেওঁৰ উল্লেখযোগ্য গ্ৰন্থসমূহৰ ভিতৰত Being and Nothingness, Nausea,Existentialism Is a Humanism, No Exit আদি অন্তৰ্ভুক্ত। তেওঁ ১৯৬৪ চনত সাহিত্যৰ নোবেল বঁটা লাভ কৰিছিল, কিন্তু সেইটো গ্ৰহণ নকৰিলে।
উদৃতি
[সম্পাদনা কৰক | উৎস সম্পাদনা]- “নৈৰাশ্যৰ পাৰ হৈ অহাৰ পিছত জীৱন সঁচাকৈ আৰম্ভ হয়।”[১]
- “প্ৰায় সকলো বিষয়ৰ সমাধান মানুহে উলিয়াইছে, কিন্তু কেনেকৈ সঠিকভাৱে জীৱন যাপন কৰিব লাগে—সেইটো এতিয়াও স্পষ্ট নহয়।” [২]
- মানুহৰ ওপৰত নিজৰ জীৱনৰ সম্পূৰ্ণ দায়িত্ব থাকে। তেওঁলোকে নিজৰ সিদ্ধান্ত নিজেই ল’ব লাগে, কাৰণ বাহিৰৰ কোনো শক্তিয়ে (যেনে ভাগ্য বা ঈশ্বৰ) তেওঁলোকৰ জীৱনৰ পথ নিৰ্ধাৰণ নকৰে।[৩]
- “প্ৰতিটো বস্তু কোনো কাৰণ নোহোৱাকৈ জন্মে, নিজৰ দুৰ্বলতাৰ বাবে টিকে, আৰু আকস্মিকভাৱে মৃত্যুবৰণ কৰে।”[৪]
- মানুহে নিজেই নিজৰ জীৱনৰ অৰ্থ আৰু পৰিচয় সৃষ্টি কৰে।[৫]
- “নৰক মানে আন মানুহ।”[৬]