জঁটাধাৰী (গ্ৰন্থ)
অৱয়ব
জঁটাধাৰী প্ৰাৰ্থনা শইকীয়াৰ এখন উপন্যাস।
উদ্ধৃতি
[সম্পাদনা কৰক | উৎস সম্পাদনা]- তাই মৰুভূমি ভাল পায়।পাহাৰৰ উচ্চ শিখৰৰ অহংকাৰ তাইৰ সহ্য নহয়।অনাহক ৰহস্যৰ ভাৰ বৈ থাকি পাহাৰবোৰে মানুহৰ সৰল কৌতূহলক ভুল বাটে পৰিচালিত কৰি ভাৰাক্ৰান্ত কৰে।মৰুভূমিৰো নিজা ৰহস্য আছে। কিন্তু সেই ৰহস্যক মৰুভূমিয়ে অহংকাৰেৰে ঢাকি নাৰাখে। মৰুভূমিত কোনো বস্তুৰে স্থায়িত্ব নাই।মৰীচিকা খেদি মানুহ নিজৰ বোধহীন আচৰণৰ বলি হয়। কিন্তু বোধ ঘূৰাই পালে মৰীচিকা নোহোৱা হয়। মৰুভূমিত ৰহস্যৰো স্থায়িত্ব নাই।[১]
- শিৱ তোমাৰ অন্তৰতে আছে!...শিৱক বিচাৰি তুমি অৰণ্যৰোদন কৰিব নালাগে।ভক্তিৰে পূজা-উপাসনা কৰা।শিৱক কাষতে পাবা।[২]
- পৃথিৱীত দুবিধ মানুহ-এবিধ ক্ষমতাশালী,আনবিধ ক্ষমতাহীন।ক্ষমতাহীনবোৰ প্ৰাকৃতিক সম্পদৰ প্ৰতি উদাসীন,সুখেৰে জীৱনযাপন কৰি ভাল পোৱা সৰল মানুহ।আৰু ক্ষমতাশালী বোৰ তাৰে ঠিক বিপৰীত। ক্ষমতাশালীবোৰে এদিন ক্ষমতাহীনবোৰক দমন কৰে।ক্ষমতাহীনবোৰৰ মাজৰে এজনে প্ৰতিবাদী হৈ উঠে।কোনোমতে সেই দমনবিৰোধী কণ্ঠৰোধ কৰিব নোৱাৰি ক্ষমতাশালীবোৰৰ নেতাসকলে সন্ধিৰ বাঁহ বুদ্ধিৰে কটাৰ দিহা কৰে।[৩]
- ... পৃথিৱীত সকলো কথাই আপেক্ষিক।...কোনো কথাৰে সঠিক সিদ্ধান্ত একোটা নাথাকে।স্থিৰ আৰু অৱশেষ সিদ্ধান্তৰে ভাল লগা হৈ ৰয় কেৱল কল্পনাৰ পৃথিৱীখন।[৪]
- ...বিশ্বাস-অবিশ্বাস,ক্ষমতাৰ কঢ়া-আঁজোৰা,দমন-শাসন,ভোগ আৰু ত্যাগ, বুৰঞ্জীৰ পাতে পাতে লিখা আছে মানুহৰ আচৰণ,সময়ৰ দলিলত লিপিবদ্ধ হৈ আছে উত্থান-পতনৰ অনেক খেলা।ভঙা আৰু গঢ়াৰ প্ৰচেষ্টাই বুৰঞ্জী,ভঙা আৰু গঢ়াৰ প্ৰচেষ্টাই আজিৰ কাহিনী,ভঙা আৰু গঢ়াৰ আশা ভৱিষ্যৎ।[৫]