সমললৈ যাওক

ছেডি ছিংক

ৱিকিউদ্ধৃতিৰ পৰা
২০১৮ চনত ছেডি ছিংক

ছেডি ছিংক (ইংৰাজী: Sadie Sink; জন্ম: ১৬ এপ্ৰিল, ২০০২) এগৰাকী আমেৰিকান অভিনেত্ৰী। তেওঁ থিয়েটাৰৰ জৰিয়তে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল আৰু 'এনী' (২০১২–১৪) নামৰ মিউজিকেলখনত নামভূমিকাত অভিনয় কৰিছিল। নেটফ্লিক্সৰ কল্পবিজ্ঞান ধাৰাবাহিক 'ষ্ট্ৰেঞ্জাৰ থিংছ' (২০১৭–২০২৫)ত 'মেক্স মে মেফিল্ড'ৰ চৰিত্ৰত অভিনয় কৰি তেওঁ বিশেষ জনপ্ৰিয়তা লাভ কৰে। ধাৰাবাহিকখনৰ চতুৰ্থ ছিজনত তেওঁৰ অভিনয়ৰ বাবে তেওঁ সমালোচকৰ ব্যাপক প্ৰশংসা লাভ কৰিছে।

  • মই সেইটো কেনেকৈ কৰিব লাগে একো জনা নাছিলোঁ। মই প্ৰথমতে সেইটো একেবাৰেই ভাল পোৱা নাছিলোঁ কাৰণ প্ৰথম দিনাই মই এটা ডাঙৰ আঘাত পাইছিলোঁ আৰু সেইটোৱে গোটেই যাত্ৰাটোৰ বাবে এটা বেয়া অভিজ্ঞতা সৃষ্টি কৰিছিল।
  • ছবিখন ('দ্য হোৱেল')ৰ অন্যতম উদ্দেশ্য হ'ল মানুহক আনৰ মাজত মানৱীয়তা আৰু ভাল গুণবোৰ বিচাৰি পাবলৈ উৎসাহিত কৰা। মই ভাবো তেনে কৰাটো কঠিন, কিন্তু ইয়াৰ শেষত... মই বহুত বেছি সহানুভূতি অনুভৱ কৰিব পাৰিছিলোঁ আৰু আশা কৰোঁ দৰ্শকেও সেয়া কৰিব।
  • মই কেতিয়াও প্ৰেমত পৰা নাছিলোঁ। মই কেতিয়াও ইমান তীব্ৰ বিচ্ছেদৰ মাজেৰে পাৰ হৈ যোৱা নাছিলোঁ। এই সকলোবোৰ মোৰ বাবে একেবাৰে নতুন আছিল।
  • আজিকালি মানুহে চেহেৰা আৰু ফেশ্বন কিমান সলনি কৰে সেয়া উপেক্ষা কৰা কঠিন। মই তাৰ মাজতে ডাঙৰ-দীঘল হোৱা বাবে কেতিয়াবা বিভ্ৰান্ত হওঁ কাৰণ মোৰ মনলৈ আহে— 'ৰব, আমি সকলোৱে দেখিবলৈ এনেকুৱা হ’ব লাগে নেকি? সকলোৱে আমাক এনেকুৱাই বিচাৰে নেকি?' মই তেনে কৰিব নিবিচাৰোঁ।
  • যেতিয়া কামবোৰ কঠিন হৈ পৰিছিল, যেতিয়া কিছুমান মানসিক চাপ আছিল, বা মই অতিষ্ট হৈ পৰিছিলোঁ— মই অনুভৱ কৰিছিলোঁ যে মই সেই বিষয়ে কথা পাতিব নোৱাৰোঁ কাৰণ মোৰ লগত ইমান এটা আচৰিত ঘটনা ঘটি আছিল। কেতিয়াবা আপুনি অনুভৱ নকৰে যে আপোনাৰ কোনো অভিযোগ বা সংগ্ৰাম থকাটো উচিত।
  • তেওঁ (মেক্স) বহুত যন্ত্ৰণাৰ মাজেৰে পাৰ হোৱা এজন ব্যক্তি। তেওঁক এই যাত্ৰাত আগবাঢ়ি যোৱা দেখাটো আৰু তাৰ পিছতো আৰু অধিক যন্ত্ৰণাদায়ক পৰিস্থিতিৰ সন্মুখীন হোৱা, তথাপিও যুঁজ দি থকা আৰু নিজৰ বাবে কাম কৰি যোৱা— সেইটো সঁচাকৈয়ে অনুপ্ৰেৰণাদায়ক।
    • ৰোমেৰো, আৰিয়ানা (২৬ নৱেম্বৰ, ২০২৫)। "Sadie Sink on Max, Taylor Swift, and Stranger Things S5", Netflix Tudum
    • 'ষ্ট্ৰেঞ্জাৰ থিংছ'ত মেক্সৰ চৰিত্ৰৰ সন্দৰ্ভত।
:w:
:w:
ৱিকিপিডিয়াত সম্বন্ধিত পৃষ্ঠা: