ছানিয়া মিৰ্জা
অৱয়ব

ছানিয়া মিৰ্জা (জন্ম: ১৫ নৱেম্বৰ, ১৯৮৬, মুম্বাইত) এগৰাকী বৃত্তিপদী ভাৰতীয় টেনিছ খেলুৱৈ। ২০০৩ চনৰ পৰা ২০১৩ চনলৈকে তেওঁক ৱিমেন্স টেনিছ এছ’চিয়েচনৰ দ্বাৰা একক আৰু দ্বৈত উভয় শাখাৰ বাবে ভাৰতৰ শীৰ্ষ স্থানৰ খেলুৱৈ হিচাপে গণ্য কৰা হৈছিল। ২০০৫ চনৰ অক্টোবৰ মাহত টাইম আলোচনীয়ে তেওঁক 'এছিয়াৰ ৫০ গৰাকী নায়িকা'ৰ ভিতৰত অন্যতম হিচাপে নামকৰণ কৰিছিল। ২০১০ চনৰ মাৰ্চ মাহত দ্য ইকনমিক টাইমছে তেওঁক "ভাৰতক গৌৰৱান্বিত কৰা ৩৩ গৰাকী মহিলা"ৰ তালিকাত অন্তৰ্ভুক্ত কৰে। বৰ্তমান তেওঁ ভাৰতীয় ৰাজ্য তেলেংগানাৰ ব্ৰেণ্ড এম্বেছেডৰ।
উদ্ধৃতি
[সম্পাদনা কৰক | উৎস সম্পাদনা]- মই কেৱল খেলিব বিচাৰোঁ।
- ছানিয়া তেলেংগানাৰ ঔদ্যোগিক ব্ৰেণ্ড এম্বেছেডৰ হিচাপে নিযুক্ত, indtoday.com, ২২ জুলাই ২০১৪
- সাজ-পোছাক মোৰ ব্যক্তিগত কথা। প্ৰতিবাৰেই কাপোৰ পিন্ধাৰ সময়ত মোৰ ভয় লাগে যে এয়াই অহা তিনিদিনৰ বাতৰি হ’ব।
- দ্য হিন্দু, ২৭ নৱেম্বৰ (২০১৬)
- দেশৰ বাবে খেলাটো এটা সন্মান। দৰাচলতে এয়া উত্তম সন্মান। যদি আপুনি ইয়াক চাপ হিচাপে চাব বিচাৰে, তেন্তে এশ কোটি মানুহৰ প্ৰত্যাশাৰ সৈতে মোকাবিলা কৰাটো আপোনাৰ বাবে অতি কঠিন হ’ব। মই ইয়াক এটা সুযোগ হিচাপে দেখোঁ— সেই কেইজনমান ভাগ্যৱানৰ মাজৰ এজন হোৱাৰ সুযোগ যিয়ে দেশক গৌৰৱান্বিত কৰিব পাৰে।
- মই মোৰ দেশৰ বাবে যিকোনো ব্যক্তিৰ সৈতে খেলিম: ছানিয়া মিৰ্জা, দ্য টাইমছ অৱ ইণ্ডিয়া, ৮ জুলাই ২০১২

- টেনিছ ক’ৰ্টত এজন খেলুৱৈক এক শান্ত মেজাজ, বলৰ সঠিক ধাৰণা, প্ৰতিবৰ্ত ক্ৰিয়া, গতি, চকু আৰু হাতৰ সমন্বয়, শক্তি, সঠিক সময় আৰু বিশেষ শাৰীৰিক সুস্থতাৰ প্ৰয়োজন। ক’ৰ্টৰ বাহিৰত খেলুৱৈ আৰু সহযোগী দলটোৰ পৰিকল্পনা, কাৰ্যকৰীকৰণ, ভ্ৰমণ আৰু প্ৰয়োজন হ’লে পুঁজি সংগ্ৰহৰ দক্ষতাৰ প্ৰয়োজন হয়।
- শচীন মোৰ প্ৰেৰণা - তেওঁ টেনিছতো পাৰদৰ্শী: ছানিয়া মিৰ্জা, দ্য টাইমছ অৱ ইণ্ডিয়া, ২২ নৱেম্বৰ ২০১৩
