সমললৈ যাওক

ছাকা লাকা বুম বুম

ৱিকিউদ্ধৃতিৰ পৰা

ছাকা লাকা বুম বুম কবি বাৎসায়নৰ এখন কাব্য সংকলন।বৰ্ণই প্ৰকাশ কৰা এই কাব্য সংকলনখন প্ৰথম প্ৰকাশ হৈছিল ২০২৪ চনত।

  1. "থালখন ব্যঞ্জনেৰে সজাই আনিছা?
    চিন্তাৰ কোনো কাৰণ নাই,
    বুৰঞ্জীয়ে এইটো কথাই মনত ৰাখিব।"[]
  2. "খিড়িকীৰ ভিতৰৰ বহাগ কি?
    যোৱাবছৰৰ শেলাই উঠা এটা দৈৰ টেকেলি।"[]
  3. "গোসাঁনীয়ে তলপেটটো খামুচিছে।
    ভোকত পৃথিৱীখন আন্ধাৰ হৈ পৰিছে।
    প্ৰাকৃতিকহে!আনতকৈ কি বিশেষ সহিছা?
    কেৱল তিনিটা ৰাতি গিলিছা!"[]
  1. বাৎসায়ন (২০২৪)। ছাকা লাকা বুম বুম। বৰ্ণ,যশোৱন্ত ৰোড,পাণবজাৰ, গুৱাহাটী-১, পৃষ্ঠা:৪।
  2. বাৎসায়ন (২০২৪)। ছাকা লাকা বুম বুম। বৰ্ণ,যশোৱন্ত ৰোড,পাণবজাৰ, গুৱাহাটী-১, পৃষ্ঠা:২৩।
  3. বাৎসায়ন (২০২৪)। ছাকা লাকা বুম বুম। বৰ্ণ, যশোৱন্ত ৰোড, পানবজাৰ, গুৱাহাটী-১, পৃষ্ঠা:৩৭।