সমললৈ যাওক

ছফিয়া বুটেলা

ৱিকিউদ্ধৃতিৰ পৰা
২০১৭ চনত বুটেলা

ছফিয়া বুটেলা (জন্ম: ৩ এপ্ৰিল ১৯৮২) এগৰাকী আলজেৰিয়ান-ফৰাচী অভিনেত্ৰী, নৃত্যশিল্পী আৰু মডেল।

  • মই সকলো কাম কৰা আৰু সেই আটাইবোৰতে মধ্যমীয়া হৈ থকাত বিশ্বাস নকৰোঁ। মই এটা কামত পাকৈত হোৱাতহে বিশ্বাস কৰোঁ।
  • মই আচৰিত অভিনেতা-অভিনেত্ৰীসকলৰ সৈতে লাভ কৰা অভিজ্ঞতাবোৰ ভাল পাওঁ। আপুনি যিমানেই বেছি শিকে, সিমানেই আপুনি উপলব্ধি কৰে যে আপুনি আৰু কিমান বেছি শিকিবলৈ বাকী আছে। কিন্তু মই বৰ্তমান যি স্থানত আছোঁ, সেইটোক লৈ মই সুখী। মই যেন এতিয়া স্কুলতহে আছোঁ। এই পেচাটোত মই এনেকুৱাই অনুভৱ কৰোঁ: মই এতিয়া কিণ্ডাৰগাৰ্টেনত (প্ৰাক-প্ৰাথমিক) পঢ়ি আছোঁ।
  • মই এনেকুৱা নৃত্যগোষ্ঠীৰ অংশ হৈ ভাল পাইছিলোঁ যিবোৰ আছিল অজান আৰু গতানুগতিক ধাৰাৰ বাহিৰৰ; তাৰ পিছত মই মডোনাৰ সৈতে নৃত্য কৰিছিলোঁ, আপুনি বুজি পাইছে মই কি ক’ব বিচাৰিছোঁ? মোৰ পছন্দৰ মাজত ভিন্নতা থকাটো খুবেই জৰুৰী, আৰু এই সকলোবোৰ কাহিনীৰ ভিতৰৰ চৰিত্ৰ আৰু সম্পৰ্কৰ ওপৰত ভিত্তি কৰি গঢ়ি উঠে।
  • অভিনয় সদায় মোৰ জীৱনৰ এক শক্তিশালী শক্তি হৈ আছিল, কিন্তু নিজৰ দিশ সলনি কৰাটো কঠিন আছিল। মই দুবছৰ ধৰি কোনো উপাৰ্জন কৰিব পৰা নাছিলোঁ।