সমললৈ যাওক

চি এছ লুইচ

ৱিকিউদ্ধৃতিৰ পৰা
আমি জন্মতে অসহায়। সম্পূৰ্ণ সচেতন হোৱাৰ লগে লগে আমি নিসংগতা অনুভৱ কৰো। আমাক সকলো দিশতে আনৰ প্ৰয়োজন—শাৰীৰিক, আৱেগিক আৰু বৌদ্ধিকভাৱে; আমি যেতিয়াই যিকোনো কথাৰ বিষয়ে জানিব বিচাৰো— আনকি নিজৰ বিষয়েও জানিব বিচাৰো তেতিয়াই সেইবোৰৰ প্ৰয়োজন হয়।

ক্লাইভ ষ্টেপলছ লুইচ (ইংৰাজী: Clive Staples Lewis  ; জন্ম: ২৯ নৱেম্বৰ ১৮৯৮ – মৃত্যু: ২২ নৱেম্বৰ ১৯৬৩) এজন আইৰিছ লেখক আছিল। মধ্যযুগীয় সাহিত্যৰ পণ্ডিত আৰু খ্ৰীষ্টান ধৰ্মৰ সমৰ্থক। খ্ৰীষ্টান ধৰ্মৰ ওপৰত লিখা ৰচনা আৰু শিশুৰ কল্পনা ধাৰাবাহিক দ্য ক্ৰনিকলছ অৱ নাৰ্নিয়াৰ বাবে তেওঁ বেছিকৈ পৰিচিত।

  • কেৱল এজন দক্ষ ব্যক্তিয়েহে দক্ষতাৰ মূল্যায়ন কৰিব পাৰে, কিন্তু এইটো আৰু ফলাফলৰ মূল্য মূল্যায়ন একে নহয়।
- 'এ প্ৰিফেচ টু পেৰাডাইজ লষ্ট' (১৯৪২), চেপটাৰ ২: "ইচ্ ক্ৰিটিচিজম পচিবল্?"
  • খ্ৰীষ্টান ধৰ্মৰ হৃদয় এটা মিথ যিটোও এটা সত্য।
- "মিথ বিকম ফেক্ট" (১৯৪৪)
  • মই খ্ৰীষ্টান ধৰ্মক বিশ্বাস কৰোঁ যেনেকৈ মই বিশ্বাস কৰোঁ যে সূৰ্য্য উদয় হৈছে। কেৱল মই দেখাৰ বাবেই নহয়, ইয়াৰ পোহৰৰ দ্বাৰা মই বাকী সকলো দেখাৰ বাবেই।
- "ইচ্ থিয়লজি পোয়েট্ৰি?" (১৯৪৫)
  • মই ভাবো যে যদি ঈশ্বৰে আমাক ক্ষমা কৰে তেন্তে আমি নিজকে ক্ষমা কৰিব লাগিব। অন্যথা প্ৰায় তেওঁতকৈ উচ্চ ন্যায়াধিকৰণ হিচাপে নিজকে স্থাপন কৰাৰ দৰেই।
- লেটাৰ(১৯ এপ্ৰিল ১৯৫১); লেটাৰছ অৱ চি.এছ.লুইছ (১৯৬৬), পৃ. ২৩০