চিৰ এলাগী মোৰ ভাষা ফেদেলী
অৱয়ব
চিৰ এলাগী মোৰ ভাষা ফেদেলী অসমীয়া ভাষাৰ সাধাৰণ ভুলসমূহৰ ওপৰত আধাৰিত সাহিত্যিক দেৱেন দত্তই ৰচনা কৰা এখনি গ্ৰন্থ। পি জি ইণ্ডিয়াই প্ৰকাশ কৰা গ্ৰন্থখনৰ প্ৰথম প্ৰকাশ হৈছিল ২০১৫ বৰ্ষৰ ডিচেম্বৰত।
উদ্ধৃতি
[সম্পাদনা কৰক | উৎস সম্পাদনা]- "নিজৰ মাতৃ ভাষাটো বুলিলে অসমীয়া মানুহ আপাততঃ যিমান স্পৰ্শকাতৰ, আন কোনো বিষয়তে তেওঁলোক সিমান স্পৰ্শকাতৰ নহয়।"[১]
- "আমাৰ ভাষাত 'তেহেলে' বুলি এটা শুৱলা শব্দ আছে; যেনে-'মই তালৈ যামেই, তেহেলে দৈৱাসন তল গ'লেও যাওক'। কিন্তু এই শব্দটোৰ লগত পৰিচিত নোহোৱা বাবে অনেক প্ৰকাশনৰ অনেক লোকে, আন কোনোবাই তাক ব্যৱহাৰ কৰিলেও,'এইটো কি শব্দ' এনে মনোভাৱেৰে তাক গুচাই তাৰ ঠাইত 'তেনে হ'লে' শব্দটোহে বহুৱাই দিয়ে।"[২]
- "অসমীয়াত মূৰ্ধন্য, দন্ত্য, তালব্য, অন্তঃস্থ, হ্ৰস্ব, দীৰ্ঘ, ইবিলাক,কাৰ্যতঃ নামতহে। বাস্তৱিকতে, অৰ্থাৎ উচ্চাৰণৰ ক্ষেত্ৰত, ইবিলাকৰ মাজৰ পাৰ্থক্যসমূহ তেনেই নগণ্য সংখ্যক লোকৰ মুখতহে শুনা যায়।"[৩]
- "কাৰ সাধ্য আছে, মোমায়েকৰ তেজেৰে হাত ৰাঙলী কৰি তিৰ্কঁপে উঠা জ্বৰ গাত লৈ চালপীৰাতে নাৱত উঠি বঙাল খেদিবলৈ যোৱা, লুখুৰাখনৰ বৰফুকনক বৰহমপুতৰৰ বুকুৰ পৰা ধৰি নি পাটশাহৰ হাতত গটায়?"[৪]
- "দাঙিব পৰা শিলক পৰি নমস্কাৰ কৰাৰ কথা সুকীয়া। কিন্তু দেখা গৈছে, নাওমান কষ্ট কৰিলেই দাঙিব পৰা শিলবোৰকো এলেহুৱা অসমীয়াই, পৰি নমস্কাৰ কৰিবলৈ ধৰিছে।"[৫]
- "কঠোৰ পৰিশ্ৰমৰ কোনো বিকল্প নাই। লগতে বিকল্প নাই কঠোৰ অনুশীলনৰ।"[৬]
উৎস
[সম্পাদনা কৰক | উৎস সম্পাদনা]- ↑ দত্ত, দেৱেন (নৱেম্বৰ,২০১৭)। চিৰ এলাগী মোৰ ভাষা ফেদেলী। পি.জি.ইণ্ডিয়া, পৃষ্ঠা:২৫।
- ↑ দত্ত, দেৱেন (নৱেম্বৰ,২০১৭)। চিৰ এলাগী মোৰ ভাষা ফেদেলী। পি.জি.ইণ্ডিয়া, পৃষ্ঠা:৩৮।
- ↑ দত্ত, দেৱেন (নৱেম্বৰ,২০১৭)। চিৰ এলাগী মোৰ ভাষা ফেদেলী। পি.জি.ইণ্ডিয়া, পৃষ্ঠা:৬৫।
- ↑ দত্ত, দেৱেন (নৱেম্বৰ,২০১৭)। চিৰ এলাগী মোৰ ভাষা ফেদেলী। পি.জি.ইণ্ডিয়া, পৃষ্ঠা:১৪৬।
- ↑ দত্ত, দেৱেন (নৱেম্বৰ,২০১৭)। চিৰ এলাগী মোৰ ভাষা ফেদেলী। পি.জি.ইণ্ডিয়া, পৃষ্ঠা:১৭৯।
- ↑ দত্ত, দেৱেন (নৱেম্বৰ,২০১৭)। চিৰ এলাগী মোৰ ভাষা ফেদেলী। পি.জি.ইণ্ডিয়া, পৃষ্ঠা:২১৪।