চিন্তা-বৈচিত্ৰ্য (গ্ৰন্থ)
অৱয়ব
চিন্তা-বৈচিত্ৰ্য (ইংৰাজী: Chinta Boichitra) ইন্দ্ৰজিৎ কুমাৰ বৰুৱাৰ এখন প্ৰবন্ধ সংকলন৷ ২০১৩ চনৰ ডিচেম্বৰ মাহত প্ৰথম প্ৰকাশিত[১] এই প্ৰবন্ধ সংকলনখনৰ দ্বিতীয় সংস্কৰণ প্ৰকাশ হয় ২০১৯ চনৰ মে' মাহত৷ দ্বিতীয় সংস্কৰণৰ প্ৰকাশক সব্যসাচী প্ৰকাশ, জেইল ৰ'ড, যোৰহাট-১, অসম৷
উক্তি
[সম্পাদনা কৰক | উৎস সম্পাদনা]- "ঐতিহাসিক দৃষ্টিভংগীৰে এইটো মসৃণভাৱে প্ৰতিফলিত হৈছে যে এটা নিৰ্দিষ্ট ভৌগোলিক পৰিমণ্ডলৰ বিভিন্ন জনগোষ্ঠীৰ যথাৰ্থ সংহতিসিদ্ধি আৰু উত্তৰণপ্ৰাপ্তিৰ পৰিকাঠামোতেই এটা সন্তুলিত জাতিসত্তাৰ উন্মেষ হয়৷"[২]
- "এইটো দোহাৰিবৰ প্ৰয়োজন নাই যে সাম্প্ৰতিক প্ৰেক্ষাপটত সংৰক্ষণ ব্যৱস্থা হ'ল এক জটিল সামাজিক ব্যাধি আৰু বহুচৰ্চিত বিশৃংখল যুৱ মানসিকতাৰ অন্যতম বাহক৷ যিহেতু মেধা তথা দক্ষতাৰ ধাৰণাবোৰ প্ৰচলিত সংৰক্ষণ ব্যৱস্থাত অপ্ৰাসংগিক, সেয়েহে এই ব্যৱস্থাই সংৰক্ষণৰ আওতাৰ বাহিৰৰ বিশেষকৈ সাধাৰণ জাতিৰ আৰ্থিকভাৱে দুৰ্বল অথচ মেধাৱী আৰু অৰ্হতাসম্পন্ন যুৱ প্ৰজন্মৰ মাজত প্ৰচণ্ড ক্ষোভৰ উদগীৰণ ঘটাইছে৷"[৩]
- "সাম্প্ৰতিক কালতো সামাজিক, ৰাজনৈতিক, নৃতাত্ত্বিক আৰু সাংস্কৃতিক বিষয়বস্তুৰ উপাদান আমাৰ ৰাজ্যখনৰ চৌপাশে সিঁচৰতি হৈ আছে৷ তৎসত্ত্বেও এচাম নাট্যকাৰৰ আমদানিকৃত মচলাৰ প্ৰতি সীমাহীন হাবিয়াহৰ যুক্তিযুক্ততা ক'ত?"[৪]
- "অধিক সংখ্যক মাক-দেউতাক বা অভিভাৱকৰ আকলুৱা স্নেহৰ প্ৰাবল্যত হাজাৰ হাজাৰ ল'ৰা-ছোৱালীৰ কৰ্মস্পৃহা আৰু কৰ্মপ্ৰেৰণাৰ অপমৃত্যু ঘটিছে আৰু তেওঁলোকৰ স্বাৱলম্বিতাৰ স্বাভাৱিক প্ৰক্ৰিয়াটো বাধাপ্ৰাপ্ত হৈছে৷"[৫]
- "এইটো অনস্বীকাৰ্য যে মূলতঃ একোটা জাতি অথবা একোখন দেশৰ নিৰ্ণায়ক শক্তি হ'ল সেই জাতি বা সেই দেশখনৰ যুৱ-ছাত্ৰৰ বিস্তৃত সমাজখন৷"[৬]
- "শিক্ষাৰ প্ৰসংগ অৱতাৰণা হ'লেই নিশ্চিতভাৱে ক'ব পাৰি যে বিহংগম দৃষ্টিত জ্ঞান আহৰণেই শিক্ষাৰ মৌলিক উদ্দেশ্য হ'লেও ইয়াৰ প্ৰগাঢ় ধাৰণাত প্ৰমূল্যবোধৰ বীজ অৱধাৰিতভাৱে প্ৰোথিত হৈ আছে৷"[৭]
- "১৯৪৬ চনত গড়মূৰ সত্ৰৰ তদানীন্তন অধিকাৰ প্ৰয়াত শ্ৰীশ্ৰীপীতাম্বৰ দেৱ গোস্বামীয়ে সংস্কাৰসিদ্ধ ধ্যান-ধাৰণাৰে ৰাসক অধিক জনমুখী কৰাৰ স্বাৰ্থত ইয়াক সত্ৰ-নামঘৰৰ পৰা আঁজুৰি আনি ৰাজহুৱা মঞ্চত অৱস্থান কৰোৱায়৷ ৰাসোৎসৱৰ সুদীৰ্ঘ ইতিহাসত এইটো বাস্তৱিকতে এটা বিৰল সাংস্কৃতিক পৰিঘটনা৷"[৮]
তথ্যসূত্ৰ
[সম্পাদনা কৰক | উৎস সম্পাদনা]- ↑ বৰুৱা, ইন্দ্ৰজিৎ কুমাৰ (২০১৯)। চিন্তা-বৈচিত্ৰ্য। সব্যসাচী প্ৰকাশ, জেইল ৰ'ড, যোৰহাট-১, পৃষ্ঠা:৫।
- ↑ বৰুৱা, ইন্দ্ৰজিৎ কুমাৰ (২০১৯)। চিন্তা-বৈচিত্ৰ্য। সব্যসাচী প্ৰকাশ, জেইল ৰ'ড, যোৰহাট-১, পৃষ্ঠা:৭।
- ↑ বৰুৱা, ইন্দ্ৰজিৎ কুমাৰ (২০১৯)। চিন্তা-বৈচিত্ৰ্য। সব্যসাচী প্ৰকাশ, জেইল ৰ'ড, যোৰহাট-১, পৃষ্ঠা:১৮।
- ↑ বৰুৱা, ইন্দ্ৰজিৎ কুমাৰ (২০১৯)। চিন্তা-বৈচিত্ৰ্য। সব্যসাচী প্ৰকাশ, জেইল ৰ'ড, যোৰহাট-১, পৃষ্ঠা:২৮।
- ↑ বৰুৱা, ইন্দ্ৰজিৎ কুমাৰ (২০১৯)। চিন্তা-বৈচিত্ৰ্য। সব্যসাচী প্ৰকাশ, জেইল ৰ'ড, যোৰহাট-১, পৃষ্ঠা:৩৮।
- ↑ বৰুৱা, ইন্দ্ৰজিৎ কুমাৰ (২০১৯)। চিন্তা-বৈচিত্ৰ্য। সব্যসাচী প্ৰকাশ, জেইল ৰ'ড, যোৰহাট-১, পৃষ্ঠা:৫২।
- ↑ বৰুৱা, ইন্দ্ৰজিৎ কুমাৰ (২০১৯)। চিন্তা-বৈচিত্ৰ্য। সব্যসাচী প্ৰকাশ, জেইল ৰ'ড, যোৰহাট-১, পৃষ্ঠা:৬২।
- ↑ বৰুৱা, ইন্দ্ৰজিৎ কুমাৰ (২০১৯)। চিন্তা-বৈচিত্ৰ্য। সব্যসাচী প্ৰকাশ, জেইল ৰ'ড, যোৰহাট-১, পৃষ্ঠা:৭৫।