চিন্তাৰ খোৰাক
অৱয়ব
চিন্তাৰ খোৰাক বিশিষ্ট সাহিত্যিক হোমেন বৰগোহঞিয়ে তেখেতৰ জীৱন-অভিজ্ঞতাৰ ওপৰত ভিত্তি কৰি লেখা ৰচনাৰ সংকলন৷ কিতাপখনত বিভিন্ন বিষয় আৰু মানুহৰ সম্পৰ্কে লেখকৰ অনুভৱ প্ৰাঞ্জল ভাষাৰে বৰ্ণনা কৰিছে৷ ৩৯ টা বিভিন্ন বিষয়ৰ লেখা কিতাপখনত সন্নিৱিষ্ট হৈছে৷ লেখাসমূহত প্ৰকাশ হোৱা বিষয়বস্তু আৰু লেখকৰ সাৱলীল বৰ্ণনাই যিকোনো পাঠককে চিন্তাৰ গভীৰলৈ লৈ যাব পৰাটো কিতাপখনৰ বিশেষ বৈশিষ্ট্য৷
উক্তি
[সম্পাদনা কৰক | উৎস সম্পাদনা]- “সকলো ভাল কথাৰে এটা বেয়া দিশ থাকে, ঠিক তেনেকৈ সকলো বেয়া কথাৰো কিবা নহয় কিবা এটা ভাল দিশ থাকে ৷ কেৱল তাক আৱিস্কাৰ কৰিব জানিব লাগে ৷জীৱনৰ মাত্ৰ কেইটামান বছৰ, কেইটামান মাহ বা আনকি মাত্ৰ কেইটামান দিনহে বাকী থকা বুলি জানিলে সেই দিনকেইটাৰ প্ৰতিটো মুহূৰ্তক অতি তীব্ৰ আৰু নিবিড়ভাৱে যাপন কৰিবলৈ মানুহৰ মন যায় ৷ অৱশ` আসন্ন মৃত্যুৰ ভয়ত প্ৰতিমুহূৰ্ততে বেঙে মূতা গৰুৰ দৰে কঁপি থকা মানুহে দিনবোৰ তেনেকৈ উপভোগ কৰিব নোৱাৰে ৷”[১]
তথ্যসূত্ৰ
[সম্পাদনা কৰক | উৎস সম্পাদনা]- ↑ বৰগোহাঞি, হোমেন (২০০৮)। চিন্তাৰ খোৰাক। ষ্টুডেন্টচ্ ষ্টৰচ্, গুৱাহাটী -১, অসম, পৃষ্ঠা:২৪। ISBN: ৮১-৭৬৬৫-২২১-০।