সমললৈ যাওক

চাৰ্লি চেপলিন

ৱিকিউদ্ধৃতিৰ পৰা

চাৰ্লি চেপলিন (১৬ এপ্ৰিল ১৮৮৯-২৫ ডিচেম্বৰ ১৯৭৭ ) আছিল এজন ব্ৰিটিছ চলচ্চিত্ৰ অভিনেতা, পৰিচালক আৰু সুৰকাৰ। তেওঁৰ সম্পূৰ্ণ নাম আছিল ছাৰ চাৰ্লছ স্পেন্সৰ চেপলিন জুনিয়ৰ। কিন্তু তেওঁ চাৰ্লি চেপলিন নামেৰে বেছি পৰিচিত আছিল। চাৰ্লি চেপলিনক পৰ্দাৰ অন্যতম শ্ৰেষ্ঠ অভিনেতা আৰু কমেডিয়ান হিচাপেও গণ্য কৰা হয়। নিৰ্বাক চলচ্চিত্ৰ যুগৰ অন্যতম মৌলিক আৰু প্ৰভাৱশালী ব্যক্তি চেপলিনে নিজৰ ছবিত নিজেই অভিনয় কৰিছিল। ইয়াৰ উপৰিও তেওঁ চিত্ৰনাট্য আৰু সংলাপ লিখিছিল, পৰিচালনা, প্ৰযোজনা আনকি সংগীত পৰিচালনাও কৰিছিল।

  • মই মোৰ জীৱনত ইমানবোৰ মানুহক হাঁহিবলৈ বাধ্য কৰাইছোঁ যে মোৰ দুখবোৰ যদি কাৰোবাৰ লগত ভাগ-বতৰা কৰিলোহেঁতেন তেন্তে মানুহবোৰে‍ তাক লৈয়ো হাঁহিবলৈ ব্যস্ত হৈ পৰিলহেঁতেন।
  • মই সকলোতে অসামঞ্জস্যতা বিচাৰিছিলোঁ: বেগী পেণ্ট, টাইট কোট, সৰু টুপি আৰু ডাঙৰ জোতা... মই চুটি গোঁফ এটাও ব্যৱহাৰ কৰো, যাৰ বাবে মোক বয়সীয়াল যেন লাগে যদিও মোৰ অভিব্যক্তি লুকুৱাই নাৰাখে। এই চৰিত্ৰটোৰ বিষয়ে মোৰ কোনো ধাৰণা নাছিল। কিন্তু যেতিয়া মই সাজ-পোছাক পিন্ধোঁ, তেতিয়া কাপোৰ আৰু মেকআপে মোক সেই ব্যক্তিত্ব অনুভৱ কৰাত সহায় কৰে। মই তেওঁক চিনি পাওঁ আৰু কেমেৰাৰ সন্মুখত ভৰি থোৱাৰ মুহূৰ্ততে চৰিত্ৰটোৰ জন্ম হয়।
  • এই পৃথিৱীত একোৱেই স্থায়ী নহয়, আনকি আমাৰ সমস্যাও নহয়।
  • হৃদয়খন খুলি হাঁহিবলৈ নিজৰ দুখৰ লগত খেলিবলৈ শিকক।
  • সৃষ্টিশীল কৰ্মত সত্য যিমানেই গভীৰ হ’ব সিমানেই বেছি দিন টিকি থাকিব।
  • মোৰ আটাইতকৈ ভাল বন্ধু আইনাখন কাৰণ মই কান্দিলে সি হাঁহিব নোৱাৰে।
  • মোৰ দুখবোৰ হয়তো কিছুমানৰ বাবে হাঁহিৰ কাৰণ কিন্তু মোৰ হাঁহিবোৰ কেতিয়াও কাৰো দুখৰ কাৰণ নহয়।
  • মই বৰষুণত খোজ কাঢে়াঁ যাতে কোনেও মোৰ চকুপানী নে‍দেখে‍।
  • হাঁহি হ'ল ঔষধ, যিয়ে দুঃখৰ পৰা মুক্তি দিয়ে৷
  • জীৱনটো ক্ল’জ-আপত ট্ৰেজেডী, কিন্তু লং শ্বটত কমেডী।
  • আমি ভাবোঁ বেছি‍, কাম কৰোঁ কম৷
  • কঠোৰ পৰিশ্ৰমৰ বিকল্প নাই।