সমললৈ যাওক

চাৰ্বাক

ৱিকিউদ্ধৃতিৰ পৰা

চাৰ্বাক এজন ঋষি তথা চাৰ্বাক দৰ্শনৰ প্ৰতিষ্ঠাতা আছিল। অৱশ্যে এচাম পণ্ডিতৰ মতে 'লােক'ৰ পুত্ৰ বৃহস্পতি হ'ল এই দৰ্শনৰ প্ৰতিষ্ঠাতা।

শ্লোক (সংস্কৃত) অসমীয়া ভাঙনি

যাৱজ্জীৱেত সুখং জীৱেদ ঋণং কৃত্বা ঘৃতং পিৱেত।
ভস্মীভূতস্য দেহস্য পুনৰাগমনং কুতঃ ॥

গোটেই জীৱন সুখত জীয়াই থাকা, ধাৰ কৰি হ'লেও ঘিউ খোৱা। কাৰণ এই দেহ এবাৰ ভস্মীভূত হোৱাৰ পিছত ইয়াৰ পুনৰাগমন নহয়। (মাধৱাচাৰ্য: সৰ্বদৰ্শনসংগ্ৰহ, প্ৰথম অধ্যায়: চাৰ্বাক দৰ্শন)

পীত্না পীত্না পুনঃ পীত্না, যাৱৎ পততি ভূতলে।
উত্থায় চ পুনঃ পীত্না, পুনৰ্জন্ম ন ৱিদ্যতে॥

পান কৰি থাকা, বাৰে বাৰে পান কৰা, যেতিয়ালৈকে মাটিত বাগৰি নপৰা। পুনৰ উঠি আকৌ পান কৰা, কাৰণ পুনৰ্জন্মৰ কোনো অস্তিত্ব নাই। (চাৰ্বাক দৰ্শন)

অগ্নিহোত্ৰং ত্ৰয়ো ৱেদাস্ত্ৰিদণ্ডং ভস্মগুণ্ঠনম্।
বুদ্ধিপৌৰুষহীনাণাং জীৱিকেতি বৃহস্পতিঃ ॥

অগ্নিহোত্ৰ যজ্ঞ, তিনিখন বেদ, ত্ৰিদণ্ড ধাৰণ আৰু ভস্ম সনা— এইবোৰ কেৱল বুদ্ধি আৰু সাহস নথকা লোকৰ জীৱিকা উপাৰ্জনৰ উপায়হে। (gutenberg.org)
:w:
:w:
ৱিকিপিডিয়াত সম্বন্ধিত পৃষ্ঠা: