ঘৰ-গোনা বলধৰ কবিতা
অৱয়ব
(ঘৰগোনা বলধৰ কবিতাৰ পৰা পুনঃনিৰ্দেশিত)
ঘৰ-গোনা বলধৰ কবিতা কবি চেনীৰাম গগৈৰ কাব্য সংকলন। শংকৰদেৱ প্ৰকাশনৰ পৰা প্ৰকাশিত এই সংকলনখন প্ৰথম প্ৰকাশ পাইছিল ২০২১ বৰ্ষৰ অক্টোবৰত।
উদ্ধৃতি
[সম্পাদনা কৰক | উৎস সম্পাদনা]- কবিতা লিখি কি লাভ?
নষ্ট কাগজ কলম।
প্ৰেম কৰি কি লাভ?
অলপ বিষৰ মলম।[১] - "বাহ এটা সাজি দিছোঁ চৰাই এজনী সোমাব
তাইৰ মন ভাল হ’লে কণী পাৰিব উমাব"[২] - "কবিতা লিখি কিনিব নোৱাৰি গুৱাহাটীৰ ওখ ফ্লেট
ল'ব নোৱাৰি জাৰত পিন্ধা এযোৰ গৰম কাপোৰ" [৩] - "জীৱনটোনো কি
ৰিং এটাৰ বাট
পুখুৰী সিঁচা মাছ
নতুন চাউলৰ ভাত"[৪] - "কবি এজনে কবিতা লিখি কেইটা পইচা পাই
শব্দ এটা বিচাৰি ফুৰোঁতে দুখৰ ৰাতিটো যায়"[৫] - "কবিতা লিখি থকালৈকে বহুত কবি কবি
মানুহে বুজি নোপোৱালৈকে বহুত ছবি ছবি"[৬] - "গৰু মৰিল চবকাত, পথাৰ শুকাল ৰ'দত
আহু গজি মৰি গ'ল যোৱা বছৰ চ'তত"[৭] - "আয়ে-বোপায়ে মোক তুলিছে বুঢ়া কালত সুখ পাবলে
মই পুতেকে কবিতা লিখিছোঁ সময় বালিত খোজ থ'বলে"[৮]
উৎস
[সম্পাদনা কৰক | উৎস সম্পাদনা]- ↑ গগৈ, চেনী ৰাম (২০২১)। ঘৰ-গোনা বলধৰ কবিতা। শংকৰদেৱ প্ৰকাশন, পৃষ্ঠা:১২।
- ↑ গগৈ, চেনী ৰাম (২০২১)। ঘৰ-গোনা বলধৰ কবিতা। শংকৰদেৱ প্ৰকাশন, পৃষ্ঠা:২২।
- ↑ গগৈ, চেনী ৰাম (২০২১)। ঘৰ-গোনা বলধৰ কবিতা। শংকৰদেৱ প্ৰকাশন, পৃষ্ঠা:১৯।
- ↑ গগৈ, চেনী ৰাম (২০২১)। ঘৰ-গোনা বলধৰ কবিতা। শংকৰদেৱ প্ৰকাশন, পৃষ্ঠা:২৮।
- ↑ গগৈ, চেনী ৰাম (২০২১)। ঘৰ-গোনা বলধৰ কবিতা। শংকৰদেৱ প্ৰকাশন, পৃষ্ঠা:৩২।
- ↑ গগৈ, চেনী ৰাম (২০২১)। ঘৰ-গোনা বলধৰ কবিতা। শংকৰদেৱ প্ৰকাশন, পৃষ্ঠা:৩২।
- ↑ গগৈ, চেনী ৰাম (২০২১)। ঘৰ-গোনা বলধৰ কবিতা। শংকৰদেৱ প্ৰকাশন, পৃষ্ঠা:৪১।
- ↑ গগৈ, চেনী ৰাম (২০২১)। ঘৰ-গোনা বলধৰ কবিতা। শংকৰদেৱ প্ৰকাশন, পৃষ্ঠা:৪৭।