সমললৈ যাওক

গ্ৰন্থ

ৱিকিউদ্ধৃতিৰ পৰা

গ্ৰন্থ শব্দটো গাঁঠিৰ পৰা সৃষ্টি হৈছে। য’ত একেলগে বহুতো কাগজ বা বল্কল বা অন্যান্য সামগ্ৰীত চিয়াঁহী বা ৰঙেৰে হস্তলিখিত, ছপা কৰা, আৰু চিত্ৰিত পৃষ্ঠাৰ গোট থাকে, তাকে কিতাপ বা গ্ৰন্থ বোলে, যিবোৰক একেলগে বান্ধি এফালে গাঁঠি থোৱা হয় আৰু এফালে খুলিব পাৰি।

  • এখন মহৎ গ্ৰন্থৰ প্ৰকাশ যিকোনো এটা জাতিৰ জীৱনতে এটা অতি তাৎপৰ্য্যপূৰ্ণ ঘটনা বুলি বিবেচিত হ’বৰ যোগ্য।
  • ক্লাচিক বা ধ্ৰুপদী গ্ৰন্থ হ’ল এনে এখন গ্ৰন্থ-যিখন প্ৰত্যেকে নিজৰ সংগ্ৰহত ৰাখিব বিচাৰে, কিন্তু কোনেও সেইখন পঢ়িব নিবিচাৰে।
  • পুথি অধ্যয়ন বিদ্যা উপাৰ্জ্জনৰ ঘাই উপায়। পুথি নপঢ়াকৈ কোনেও কতো বিদ্যা লাভ কৰিব নোৱাৰে। পুথিৰ বিদ্যা থুপাই থোৱা ধনৰ নিচিনা।
  • সকলো বস্তু কিনিছা কিনা। পৰাপক্ষত মাহেকত একোখন ভাল কিতাপ কিনিবা।
  • মই ইংৰাজী কবিতা, নাটক, ইতিহাস আৰু অগ্ৰগণী বিজ্ঞানীসকলৰ সকলোবোৰ বাছকবনীয়া কিতাপ উপভোগ কৰিব পাৰো, কিন্তু পঢ়াশলীয়া কিতাপবোৰ উপভোগ কৰিব নোৱাাৰো৷ কাৰণ, সেইবোৰ এনে লোকৰ দ্বাৰা লিখা হয় যিসকলে কেনেকৈ উপভোগ্য কিতাপ লিখিব লাগে নাজানে।
  1. ১.০ ১.১ বৰা ৰক্তাভ জ্যোতি (২০০৩)। উদ্ধৃতি অভিধান। বাণী মন্দিৰ, পৃষ্ঠা:৯৮। ISBN: 81-7206-117-5
  2. সাৰথি. আহৰণ কৰা হৈছে: 2 আগষ্ট 2025.
  3. মহৎ লোকৰ বাণী. প্ৰকাশক: বিকাশপেডিয়া.
  4. বৰা ৰক্তাভ জ্যোতি (২০০৩)। উদ্ধৃতি অভিধান। বাণী মন্দিৰ, পৃষ্ঠা:৭৮। ISBN: 81-7206-117-5