গোলাম (গ্ৰন্থ)
অৱয়ব
গোলাম সাহিত্যিক সৌৰভ কুমাৰ চলিহাৰ এখনি গল্প সংকলন। গ্ৰন্থখন ১৯৭৪ চনত পোনপ্ৰথম প্ৰকাশিত হৈছিল। বিশেষ গ্ৰন্থখনৰ বাবে সৌৰভ কুমাৰ চলিহাই ১৯৭৪ চনত সাহিত্য অকাডেমি বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল।[১]
উদ্ধৃতিসমূহ
[সম্পাদনা কৰক | উৎস সম্পাদনা]- মস্কিল হ'ল এয়ে যে পুৰণি মায়াবোৰ থাকি যায়, সেইবোৰ ভালুকৰ সাঙিৰদৰে গলত ওলমি থাকে, এৰিবও নোৱাৰি, লৈ ফুৰাবলৈও কষ্ট-মাৰ চিঠিবোৰো এৰিব নোৱাৰোঁ, দেউতাৰ কোটটোও এৰিব নোৱাৰোঁ, দীপালীৰ ছবিখনো এৰিব নোৱাৰোঁ, বাবলুৰ [দেৰাজৰপৰা এটা ফিডিং বটল হাতলৈ আহে] বস্তুবোৰো এৰিব নোৱাৰোঁ-দিনে-দিনে ঝামেলা বাঢ়ি যায়, সকলো শেষ হৈ যোৱা, খতম হৈ যোৱা বস্তু গলত বান্ধি লৈ ফুৰিব লাগে [এটা পুৰণি বাদ্য-যন্ত্ৰ, আঙুলিত লাগি টুংকৈ এটা শব্দ হয়]
- য'তে বিচাৰোঁ পুৰণি দিনৰ কিবা এটা ভুতুংকৈ চকুৰ আগত জাঁপ মাৰি ওলাই আহে।
- হেল? হয়, অশোক বৰঠাকুৰ। অ' মুক্তিয়াৰ বাবু? আঃ-ছৰী, এতিয়া সময় নাই-ঘৰত জুই দিছোঁ-নহয়, নহয়, ঘৰত জুই লগোৱা নাই, অতীতক পুৰি পেলাইছোঁ।
- মোৰ জীৱনৰ আলম যদি কেমেৰাৰ সলনি কবিতা হ'লহেঁতেন, মই হয়তো ক'লোঁহেঁতেন, ইমান অপূৰ্ব এটা কবিতা, এটা অনুভূতি, সূক্ষ্ম, ক'লা ছোঁৱৰৰ তলত দুখিলা শেঁতা সোণৰ পাত, তাৰ মাজত দুটা স্বচ্ছ নীলাভ হ্ৰদ, দ. শান্ত, সীমাহীন য'ত যুগ-যুগ ধৰি আমালৈ আত্মহত্যাৰ আহ্বান, তাৰ মাজেৰে মোৰ বিস্ময়বিমুগ্ধ মুখৰ অকণমানি এখনি ছবি।
- এনেকুৱা কৰিব নোৱাৰি নে, যে চাৰিওপিনৰ যত গোলমাল, যত অসংগীত নিস্তব্ধ হৈ পৰিব, মাথোঁ সংগীতৰ ধবনিহে শুনা যাব? এনেকুৱা এটা যন্ত্ৰ উলিয়াব নোৱাৰি নে? তাই মিচিকিয়াই হাঁহিছিল-তাইৰ স্বামীৰ মূৰত কত আইডিয়া, কত কল্পনা।
- কিন্তু কিছুমান অসংগীত তেওঁলোকেও ভাল পায়। নিস্তব্ধ দুপৰীয়া নাৰিকলগছবোৰৰ পাত যেতিয়া কঁপে, তাই আচ্ছন্নৰ দৰে কাণ পাতি শুনে, ৰাস্তাৰে যেতিয়া গলত জুনুকা বন্ধা ঘোঁৰাৰ গাড়ী জুন-জুন্ কৰি ঘোঁৰাৰ ক্লক্লপ্ কদমেৰে পাৰ হৈ যায়, দুয়ো কথা বন্ধ কৰি ৰ লাগি শুনে, সেই শব্দ মিলি যোৱাৰ পাছত দুয়ো দুয়োৰে পিনে চাই এবাৰ মিচিকিয়াই হাঁহে। এইবোৰ অসংগীত, এইবোৰৰ কোনো নিৰ্দিষ্ট পৰ্যাবৃত্তি বা 'পিৰিয় 'ডিচিটী' নাই (যিটোৱে বিজ্ঞানৰ মতে সংগীত আৰু গণ্ডগোলৰ পাৰ্থক্য কৰে বুলি তেওঁ আলোচনী এখনত পঢ়িছে: সংগীত বনাম সংগীত-শেষৰ শ্ৰোতাৰ হাতচাপৰি!)
- কিন্তু তেওঁ তাইক বুজাবৰ চেষ্টা কৰে (এইটোও তেওঁ আলোচনীত পঢ়িছে) যে গণ্ডগোল আৰু সংগীতৰ পাৰ্থক্য মনোগত, মনস্তাত্ত্বিক। ঘড়ীৰ টিক্-টিক্ শব্দ পৰ্যাবৃত্ত, কিন্তু সেইটো সাধাৰণতে সংগীত নহয়, আৰু ৰাতি টোপনিৰ সময়ত খেয়াল-এনেকি সুললিত ঠুংৰী-শুনিব লাগিলে সেইটো গোলমাল, অসংগীত।
- সি নতুন জীৱন আৰম্ভ কৰিবৰ চেষ্টা কৰিছে, সি ভাবিবৰ চেষ্টা কৰিছে, কিয় তাৰ নিজৰে নিজৰ প্ৰতি কোনো সহানুভুতি নাহে, সি তাৰ পুৰণি ভুলৰপৰা শিক্ষা ল'বৰ প্ৰয়াস কৰিছে, সি বিশ্লেষণ কৰিবৰ চেষ্টা কৰিছে তাৰ কি নাই যি তাৰ বাল্যবন্ধুৰ আছে, তাৰ মামাৰ আছে, আইমনুৰ স্বামীৰ আছে, তাক ফালৰি কাটি তাৰ চাকৰি হস্তগত কৰা লহকৰৰ আছে, এই বীমা এজেন্টজনৰ আছে, সি বুজিবৰ চেষ্টা কৰিছে তাৰ কি হৈছে, তাক কি লাগে, তাক কি লাগে।
- আজি যেনেকৈ আমি মৰাৰ কথা ভাবিব নোৱাৰোঁ, আৰু ক'ত কি যেন আমাৰ কৰিবলগীয়া আছে, জীয়াই থাকাৰ উদ্দাম বাসনা, খোৱা, প্ৰেম কৰা, ঘৰ কৰা, কত ৰকমৰ ইচ্ছা, কত পৰিকল্পনা-অ, চাৰিওপিনৰ এই হাল্লা-গুল্লাই হৰ-দিন যি কৈছে সেইটো এই নহয় যে মৰিব লাগে, মাৰিব লাগে, এই অশান্তিয়ে বাৰে বাৰে কৈছে, এতিয়াও যাবৰ হোৱা নাই, বহু ঘটনা ঘটিবলৈ আছে, বহু কাম বাকী আছে, এতিয়াও যাবৰ হোৱা নাই, জীয়াই থাকিব লাগিব, যেনেকৈ পাৰোঁ যিমানদিন পাৰোঁ জীয়াই থাকিব লাগিব, জীয়াই থাকিব লাগিব।
উৎস
[সম্পাদনা কৰক | উৎস সম্পাদনা]- ↑ সৌৰভ কুমাৰ চলিহা ৰচনাৱলী, পৃষ্ঠা-১৯৫,২০২,২১২,২২৭