গোপাল কৃষ্ণ গোখলে
অৱয়ব

গোপাল কৃষ্ণ গোখলে (ইংৰাজী: Gopal Krishna Gokhale) (জন্ম, ৯ মে', ১৮৬৬ – মৃত্যু,১৯ ফেব্ৰুৱাৰী, ১৯১৫) আছিল এজন ভাৰতীয় স্বাধীনতা আন্দোলনৰ অগ্ৰণী নেতা আৰু উদাৰ সংস্কাৰক। তেওঁ মূলতঃ ভাৰতবৰ্ষক ব্ৰিটিছ সাম্ৰাজ্যৰ পৰা স্বাধীনতা কৰিবলৈ প্ৰসাৰিত কৰিছিল। অন্যতম প্ৰতিষ্ঠাপক সামাজিক আৰু ৰাজনৈতিক গোখলে ভাৰতীয় জাতীয় কংগ্ৰেছৰ জ্যেষ্ঠ নেতা আৰু ভাৰতীয় সেৱক সমাজৰ প্ৰতিষ্ঠাপক আছিল। তেওঁ নিজৰ লক্ষ্যত উপনীত হ’বলৈ দুটা নীতি অহিংসা আৰু চৰকাৰী প্ৰতিষ্ঠানৰ ভিতৰত সংস্কাৰ গ্ৰহণ কৰিছিল। তেওঁক "ভাৰতৰ সেৱক" সন্মানীয় উপনামেৰে জনা গৈছিল।
উদ্ধৃতিসমূহ
[সম্পাদনা কৰক | উৎস সম্পাদনা]- প্ৰতিনিধিত্ব অবিহনে কোনো কৰ আৰোপ কৰা নহয়।[১] [২]
- তথাকথিত নিম্ন শ্ৰেণীৰ অৱস্থা— ‘নিম্ন শ্ৰেণী’ বুলি কোৱাটো অতি বেদনাদায়ক, এই ধাৰনাই বৰ্ণনা কৰা ধৰণে কেৱল অসন্তুষ্টিজনকে নহয়; ই ইমানেই দুখজনক যে ইয়াক আমাৰ সামাজিক ব্যৱস্থাত এক গুৰুতৰ দাগ হিচাপে চিহ্নিত কৰা হৈছে। মই বিশ্বাস কৰোঁ যে সকলো ন্যায়পৰায়ণ পুৰুষে স্বীকাৰ কৰিব লাগিব যে এদল মানুহৰ যাৰ শাৰীৰিক গঠন আমাৰ দৰেই, তেওঁলোকৰো চিন্তাশীল মগজু আৰু অনুভূতিশীল হৃদয় আছে,তেওঁলোকে চিৰদিনৰ বাবে চৰম দুখ, বশ আৰু মানসিক আৰু নৈতিক অৱনতিৰ নিম্ন জীৱনলৈ অৱনমিত হোৱাটো পৰম অমানৱীয় আৰু ঘৃণনীয় বিষয়! কেৱল সেয়াই নহয়, তেওঁলোকৰ প্ৰগতিৰ পথত এনে স্থায়ী বাধাৰ সৃষ্টি হৈছে যে তেওঁলোকৰ বাবে কেতিয়াও অতিক্ৰম কৰা আৰু নিজৰ ভাগ্য উন্নত কৰাটো সম্ভৱ নহয়। এই পৰিস্থিতি আমাৰ ন্যায়বোধৰ বাবে অতি বেদনাদায়ক আৰু ঘৃণনীয়। আমাৰ জাতীয় আকাংক্ষা কেনেকৈ পূৰণ কৰিব পাৰিম? আমাৰ নিজৰ জনসাধাৰণক বৃহৎ সংখ্যকক অজ্ঞানতা, বৰ্বৰতা, অৱনতিৰ পথত ডুব গৈ থাকিবলৈ দিলে আমাৰ দেশখনে কেনেকৈ পৃথিৱীৰ জাতিবোৰৰ মাজত নিজৰ উচিত স্থান ল’ব বুলি আশা কৰিব?[৩]
- এই সময়ত দেশৰ আটাইতকৈ প্ৰয়োজন হৈছে আমাৰ শিক্ষিত যুৱক-যুৱতীসকলৰ মাজত ত্যাগৰ মনোভাৱ, আৰু তেওঁলোকে মোক বিশ্বাস কৰিব পাৰে যে তেওঁলোকে নিজৰ দুৰ্ভগীয়া সৰু জাতিটোৰ নৈতিক আৰু বৌদ্ধিক স্তৰ উন্নীত কৰাতকৈ কোনো উত্তম কামত নিজৰ জীৱন উৎসৰ্গা কৰিব নোৱাৰে।[১]
- এতিয়ালৈকে যি কাম কৰা হৈছে সেয়া সঁচাকৈয়ে অমূল্য। যোৱা ৫০ বছৰত উমৈহতীয়া ঐতিহ্য, উমৈহতীয়া প্ৰতিকূলতা আৰু উমৈহতীয়া আকাংক্ষাৰ ওপৰত ভিত্তি কৰি এক সাধাৰণ জাতীয়তাবোধৰ বিকাশ অবিশ্বাস্য হৈ পৰিছে। আমি প্ৰথমে ভাৰতীয় আৰু তাৰ পিছত হিন্দু, মুছলমান, পাৰ্চী বা খ্ৰীষ্টান বুলি কোৱা সত্যটো অধিক অনুভৱ হৈ আহিছে; আৰু নিজৰ গৌৰৱময় অতীতৰ উচিত স্থান লাভৰ বাবে চেষ্টা কৰা এক সংযুক্ত আৰু নতুন ভাৰতৰ ধাৰণাটো এতিয়া আৰু দুই এজন কল্পনাপ্ৰসূত মানুহৰ সপোন নহয়, বৰঞ্চ সমাজৰ ‘মগজু’ৰ গ্ৰহণযোগ্য নীতি হৈ পৰিছে – অৰ্থাৎ দেশৰ শিক্ষিত শ্ৰেণী।[১]
উৎস
[সম্পাদনা কৰক | উৎস সম্পাদনা]- ↑ ১.০ ১.১ ১.২ (1 May 1988) Sources of Indian Tradition। Motilal Banarsidass, পৃষ্ঠা:694–। ISBN: 978-81-208-0467-8।
- ↑ His refrain and demand during the budget speeches in 1904 as the Indian Representative on the Imperial Legislative Council urging for financial and administrative reforms for India.Page=695
- ↑ Gopal Krishna Gokhale on Caste. প্ৰকাশক: Berkley Center for Religion, Peace & World Affairs: George Ton University. আহৰণ কৰা হৈছে: 3 December 2013.