সমললৈ যাওক

কৱচ-কাপোৰ

ৱিকিউদ্ধৃতিৰ পৰা

কৱচ-কাপোৰ আহোমৰ ৰাজত্বকালত অসমত প্ৰচলিত এবিধ পৱিত্ৰ বুলি গণ্য কৰা কাপোৰ। এই কাপোৰ ৰাতিটোৰ ভিতৰতে কপাহ নেওঠি,পাঁজি কাটি, সূতা কাটি ৰাতি নৌপুৱাওঁতেই বৈ কাটি উলিওৱা হৈছিল। এনেধৰণে প্ৰস্তুত কৰা কাপোৰ পিন্ধি যুঁজলৈ গ'লে সেই যুদ্ধত জয়লাভ কৰে বুলি আহোম ৰজাসকলৰ দিনত বিশ্বাস প্ৰচলিত আছিল।

কৱচ-কাপোৰ সম্বন্ধে উল্লেখ

[সম্পাদনা কৰক | উৎস সম্পাদনা]
  1. “মা-নিশা ৰাতি কপাহ নেওঠি পাজি কাটি ৰাতি নৌপুৱাওঁতেই বৈ উলিয়াব লাগে, তাকে আহোম মতে মন্ত্ৰেৰে লব, তাকে শাস্ত্ৰত কবচ কাপোৰ বোলে।”[]
  2. “কাপোৰৰ লক্ষণ শুনা, মা-নিশা ৰাতি কপাহ নেওঠিব, পাঁজি কৰিব, সূতাও কাটিব কাপোৰো বব, ৰাতি নৌপুৱাওঁতেই কাপোৰো ওলাব, সেই কাপোৰ আহোম শাস্ত্ৰনিয়মে ৰণলৈ ভাল।’’[]
  3. কৱচ-কাপোৰৰ অৱস্থিতিয়ে অসমীয়া শিপিনীৰ অতুলনীয় দক্ষতাৰ কথা প্ৰমাণ কৰে৷ অসমত বাদে বিশ্বৰ কোনো ঠাইতে এনে কাপোৰ বোৱা অৰ্থাৎ ৰাতিৰ ভিতৰতে কপাহ নেওঠি, পাঁজি উলিয়াই, সূতা কটাৰ উপৰি বয়নৰ সকলো স্তৰ অতিক্ৰম কৰি কাপোৰ বোৱা প্ৰথা হয়তো নাই৷ (নগেন শইকীয়া)[]
  1. ১.০ ১.১ ভূঞা, সূৰ্য্যকুমাৰ (১৯৫৫)। বুৰঞ্জীৰ বাণী। লয়াৰ্ছ বুক ষ্টল, পৃষ্ঠা:৬৩।
  2. শইকীয়া, নগেন (২০১৬)। অসমীয়া মানুহৰ ইতিহাস। কথা। ISBN: 978-81-89148-15-7