ক্ৰিষ্টিন ক্ৰুক
অৱয়ব

ক্ৰিষ্টিন ক্ৰুক (জন্ম: ৩০ ডিচেম্বৰ, ১৯৮২) এগৰাকী কানাডিয়ান অভিনেত্ৰী আৰু মডেল। ডাচ আৰু ইণ্ডোনেছিয়ান চীনা মূলৰ এই অভিনেত্ৰীগৰাকী কানাডিয়ান টেলিভিছন ধাৰাবাহিক এজমেণ্ট আৰু আমেৰিকান ধাৰাবাহিক স্মলভিলত কৰা অভিনয়ৰ বাবে পৰিচিত।
উদ্ধৃতিসমূহ
[সম্পাদনা কৰক | উৎস সম্পাদনা]- কেৱল মই বেয়া কাম নকৰোঁ বাবেই মোৰ মনলৈ বেয়া চিন্তা নাহে বুলি কোনো কথা নাই।
- কেতিয়াবা মই অভিনয় ভাল পাওঁ কিন্তু কেতিয়াবা ভাবোঁ যে এইটো মোৰ বাবে অতিৰিক্ত হৈ গৈছে। আৰু মই নাজানো যে এইটো এনেকুৱা কিবা কাম নেকি যিটো মই গোটেই জীৱন ধৰি কৰি থাকিব পাৰিম।
- মই কেতিয়াও অভিনেত্ৰী হোৱাৰ সপোন দেখা নাছিলোঁ, কিন্তু মই ইয়াক ক্ৰমান্বয়ে ভাল পাবলৈ ধৰিছোঁ কাৰণ মই নিজক প্ৰত্যাহ্বান জনাই ভাল পাওঁ। যেতিয়া মোৰ অনুভৱ হ’ব যে মই ইয়াৰ পৰা একো শিকা নাই বা আনন্দ পোৱা নাই, তেতিয়া মই অভিনয় এৰি দিম।
- যেতিয়া মই পাইলট খণ্ডটোৰ শ্বুটিং কৰিছিলোঁ, মই ভাবিছিলোঁ যে এইখন এদল ভাল অভিনেতা থকা এটা উন্নত মানৰ শ্ব’, কিন্তু মোৰ কোনো আশা নাছিল। মই কেৱল বিচাৰিছিলোঁ যাতে মানুহে ইয়াৰ সৈতে সংযোগ স্থাপন কৰিব পাৰে কাৰণ ইয়াৰ কাহিনীত আন্তৰিকতা আছিল।
- মই উৰিলোঁহেঁতেন। মই বহি চৰাইবোৰ উৰি যোৱা চাই থাকোঁ আৰু কওঁ যে মইও যদি তেনেকৈ কৰিব পাৰিলোঁহেঁতেন।
- সৰুৰে পৰা মই সকলোকে বৰ্ষাৰণ্য আৰু ই কেনেকৈ ধ্বংস হৈ আছে সেই বিষয়ে কৈ আহিছোঁ।
