সমললৈ যাওক

ক্ৰিকেট কথাছবি নাস্তিক্য ইত্যাদি‍

ৱিকিউদ্ধৃতিৰ পৰা

ক্ৰিকেট কথাছবি নাস্তিক্য ইত্যাদি‍ প্ৰসেনজিৎ চৌধুৰীৰ এখন উল্লেখযোগ্য প্ৰবন্ধ সংকলন৷ ২০২৩ চনৰ নৱেম্বৰ মাহত প্ৰথম প্ৰকাশ হোৱা এই প্ৰবন্ধ সংকলনখনত ক্ৰিকেটঃ বিভাজন বৈষম্য জাতীয়তাবাদ, সত্যজিৎ ৰায়ঃ এক ব্যতিক্ৰমী বিলোকন, সত্যজিৎ ৰায়ৰ 'দেবী', গোৰা, গান্ধী আৰু নাস্তিক্য, মনস্তত্ত্বৰ পোহৰত ঈশ্বৰ, মনোবিদ আলফ্ৰেড এডলাৰঃ মন, নাৰী আৰু সমাজ শীৰ্ষক বস্তুনিষ্ঠ আৰু বিশ্লেষণাত্মক প্ৰবন্ধসমূহ সন্নিৱিষ্ট হৈছে৷

  1. "যুগধৰ্মই কেতিয়াবা মনীষাসম্পন্ন মানুহকো মোহৰ জালত বন্দী কৰে৷"[]
  2. "ক্ৰীড়াংগনত যি সাম্প্ৰদায়িকতা দেখা যায় সি আচলতে বৃহৎ সমাজত প্ৰকাশ্য‍ে বা গোপনে বিৰাজমান সম্প্ৰদায়-কেন্দ্ৰিক দ্বন্দ্বৰেই প্ৰতিবিম্ব৷ পিছে কথা হ'ল ক্ৰীড়া-বৰ্হিভূত ৰাজনীতিয়ে সূচনা কৰা অনভিপ্ৰেত বৈৰিতাপূৰ্ণ বাতাৱৰণত খেল-পথাৰৰ পৰিচিত-কেন্দ্ৰিক উত্তেজক প্ৰতিদ্বন্দ্বিতাই পৰিস্থিতিক অধিক দূষিত কৰি পেলাব পাৰে৷" []
  3. "আপাতঃ দৃষ্টিত সহজ যেন লাগিলেও জাতীয়তাবাদৰ বিষয়টো জটিল, তাৰ সংজ্ঞা কেতিয়াবা গূঢ়াৰ্থক আৰু অসহিষ্ণু ৰাজনৈতিক বাতাৱৰণত বিষয়টো বিপজ্জনকভাৱে স্পৰ্শকাতৰ হৈ পৰে৷" []
  4. "সত্যজিত ৰায়ৰ যি চলচ্চৈত্ৰিক ভাষা তাৰ এটা স্বকীয় বৈশিষ্ট্য হ'ল নীৰৱতা৷" []
  5. "অধিকাংশ মানুহৰ মনত এটা বদ্ধমূল ধাৰণা আছেঃ নৈতিকতাৰ আধাৰ ধৰ্ম আৰু/বা ঈশ্বৰ-বিশ্বাস৷ এওঁলোকৰ অটল বিশ্বাস, ধৰ্মৰ গৰিমাময় গৰ্ভতেই নৈতিকতাৰ শুভ অংকুৰণ৷ এই সুপ্ৰোথিত ধাৰণাৰ ভিত্তিত আৰু এটা বিশ্বাস মানুহৰ মনৰ দলৈকে শিপাই গৈছে৷ এই জনপ্ৰিয় বিশ্বাসটো হ'ল, ধৰ্ম তথা ঈশ্বৰ-বিশ্বাসৰ লগত মানুহৰ সংযোগ ক্ষীণ বা ছিন্ন হ'লে নৈতিক অধঃপতন অনিবাৰ্য৷" []
  6. "পুৰুষতান্ত্ৰিক সমাজত অৱজ্ঞা, অসন্মান, বঞ্চনা আৰু পীড়ন নাৰী-জীৱনৰ অচ্ছেদ্য অংগ৷" []
  1. চৌধুৰী, প্ৰসেনজিৎ (২০২৩)। ক্ৰিকেট কথাছবি নাস্তিক্য ইত্যাদি‍। বহু-আনন্দ, পৃষ্ঠা:১৩। ISBN: 978-81-955796-5-5
  2. চৌধুৰী, প্ৰসেনজিৎ (২০২৩)। ক্ৰিকেট কথাছবি নাস্তিক্য ইত্যাদি‍। বহু-আনন্দ, পৃষ্ঠা:২৪। ISBN: 978-81-955796-5-5
  3. চৌধুৰী, প্ৰসেনজিৎ (২০২৩)। ক্ৰিকেট কথাছবি নাস্তিক্য ইত্যাদি‍। বহু-আনন্দ, পৃষ্ঠা:৩৫। ISBN: 978-81-955796-5-5
  4. চৌধুৰী, প্ৰসেনজিৎ (২০২৩)। ক্ৰিকেট কথাছবি নাস্তিক্য ইত্যাদি‍। বহু-আনন্দ, পৃষ্ঠা:১০২। ISBN: 978-81-955796-5-5
  5. চৌধুৰী, প্ৰসেনজিৎ (২০২৩)। ক্ৰিকেট কথাছবি নাস্তিক্য ইত্যাদি‍। বহু-আনন্দ, পৃষ্ঠা:১২৯। ISBN: 978-81-955796-5-5
  6. চৌধুৰী, প্ৰসেনজিৎ (২০২৩)। ক্ৰিকেট কথাছবি নাস্তিক্য ইত্যাদি‍। বহু-আনন্দ, পৃষ্ঠা:১৯৪। ISBN: 978-81-955796-5-5