সমললৈ যাওক

কোকো লী

ৱিকিউদ্ধৃতিৰ পৰা
কোকো লী (২০০৯)

কোকো লী (চীনা: 李玟; ১৭ জানুৱাৰী ১৯৭৫ – ৫ জুলাই ২০২৩) আছিল হংকঙত জন্মগ্ৰহণ কৰা এগৰাকী সংগীতশিল্পী, গায়িকা, অভিনেত্ৰী আৰু নৃত্যশিল্পী। তেওঁ আমেৰিকাৰ বজাৰত সফলতা লাভ কৰা প্ৰথমগৰাকী চীনা গায়িকা হোৱাৰ লগতে একাডেমী বঁটা (অস্কাৰ) অনুষ্ঠানত সংগীত পৰিৱেশন কৰা প্ৰথম আৰু একমাত্ৰ চীনা ব্যক্তি আছিল। ইয়াৰ উপৰিও তেওঁ এন.বি.এ. (NBA) খেলত গীত গোৱা প্ৰথমগৰাকী চীনা গায়িকা, লছ এঞ্জেলছৰ ৱাল্ট ডিজনি কনচাৰ্ট হলত সংগীতানুষ্ঠান পৰিৱেশন কৰা প্ৰথমগৰাকী এছিয়ান আৰু 'চেনেল'ৰ প্ৰথমগৰাকী চীনা ৰাষ্ট্ৰদূত আছিল।

  • মোৰ মায়ে সদায় কৈছিল, ‘তোমাৰ শিপাক নাপাহৰিবা, তুমি ক’ৰ পৰা আহিছা সেয়া নাপাহৰিবা।’ মই চীনা, আৰু চীনা হিচাপে মই গৌৰৱান্বিত। মই সদায় সেই কথা মনত ৰাখোঁ।
  • মই কোকো লী আৰু মোৰ অভিষেকৰ পৰা এতিয়ালৈকে ২৭ বছৰ হ’ল। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত মই যিমানেই উচ্চতাত নাথাকো কিয়, মই এতিয়াও গৌৰৱেৰে ক’ব পাৰোঁ যে মই চীনা আৰু মই চীনৰ হংকঙৰ পৰা আহিছোঁ।
  • চীনৰ প্ৰতিগৰাকী ব্যক্তিয়ে কৈছে যে এয়া অন্যায়। আমি চীনা। আমি জানো কি শুদ্ধ আৰু কি ভুল। আমি বহুত চতুৰ। আমি যুক্তিবাদী। আমাৰ কাণকেইখন জঠৰ নহয়।
    • [৩] (on the competition rules of Sing! China)
  • মই শিকিছোঁ যে মানুহ বহুত, বহুত নিষ্ঠুৰ হ’ব পাৰে।
  • এজন যত্নশীল ব্যক্তি হোৱা আৰু আনক সহায় কৰা, এটা দয়ালু হৃদয় গঢ়া আৰু অতিশয় শৃংখলাবদ্ধ হোৱা – কাৰণ জীৱনটো কঠিন।
  • আনৰ দুখ-যন্ত্ৰণাৰ প্ৰতি সজাগ হোৱা আৰু পাৰিলে সহায় কৰিবলৈ চেষ্টা কৰা, আমাৰ ধৰিত্ৰী আইক ভালপোৱা, এজন ভাল শ্ৰোতা হোৱা, জ্ঞান আহৰণ কৰা আৰু আনক দিবলৈ প্ৰচুৰ মৰম সঞ্চয় কৰা। নিজৰ জীৱনৰ মালিক নিজে হোৱা। তুমি বিশ্বাস কৰা কিবা এটাৰ বাবে থিয় দিয়া। মানুহক অনুপ্ৰাণিত কৰিবলৈ এজন প্ৰভাৱশালী ব্যক্তি হোৱা। আৰু সকলোতে মৰম আৰু ইতিবাচকতা বিলাই যোৱা। মনত ৰাখিবা এই পৃথিৱীত কেৱল তুমিয়েই এজন, তুমি অনন্য। জীৱনটো অতি চুটি হ’ব পাৰে গতিকে ডাঙৰ সপোন দেখাৰ সাহস কৰা!
  • জীৱনটো কেতিয়াবা অসহনীয় যেন লাগিছিল কিন্তু মই এগৰাকী 'মহিলা যোদ্ধা'ৰ দৰে মনোভাৱ গ্ৰহণ কৰিছিলোঁ।
  • মৰম আৰু বিশ্বাস ~ এই দুটা মোৰ প্ৰিয় শব্দ যি মই মোৰ হৃদয়ত দৃঢ়ভাৱে কঢ়িয়াই লৈ ফুৰোঁ আৰু এই অবিশ্বাস্যভাৱে কঠিন বছৰটো পাৰ কৰিবলৈ মোৰ ইয়াৰ অতিশয় প্ৰয়োজন আছিল।