সমললৈ যাওক

কেলভিন কুলিজ

ৱিকিউদ্ধৃতিৰ পৰা
মানুহে আইন প্ৰণয়ন নকৰে; তেওঁলোকে কেৱল সেইবোৰ উদ্ভাৱন কৰে। আইনৰ যুক্তিবাদ কেৱল সংখ্যাগৰিষ্ঠৰ ইচ্ছাৰ ওপৰত ভিত্তি কৰি হ’ব নোৱাৰে; বৰঞ্চ ইয়াক ন্যায়ৰ চিৰন্তন ভেটিৰ ওপৰত প্ৰতিষ্ঠা কৰিব লাগিব।

জন কেলভিন কুলিজ জুনিয়ৰ (ইংৰাজী: Calvin Coolidge; জন্ম : ৪ জুলাই, ১৮৭২ – মৃত্যু : ৫ জানুৱাৰী, ১৯৩৩) আমেৰিকাৰ ৩০ সংখ্যক ৰাষ্ট্ৰপতি (১৯২৩–২৯)। ভাৰমন্টৰ এজন ৰিপাব্লিকান অধিবক্তা কুলিজে ক্ৰমান্বয়ে মেছাচুচেটছ ৰাজ্যৰ ৰাজনীতিত উত্থান ঘটায় আৰু শেষত সেই ৰাজ্যখনৰ গৱৰ্ণৰ হয়।

  1. যদি আপুনি আপোনাৰ বাটত দহটা বিপদ আহি থকা দেখিছে, তেন্তে আপুনি নিশ্চিত হ’ব পাৰে যে ইয়াৰে নটা বিপদ আপোনাৰ ওচৰ পোৱাৰ আগতেই খাৱৈত পৰিব।[]
  2. কোনো মানুহকে যি পাইছে বা পাইছিল তাৰ বাবে কেতিয়াও সন্মান কৰা হোৱা নাই। তেওঁ যি দিলে তাৰ পুৰস্কাৰ সদায় সন্মান হৈ আহিছে।[]
  3. মই লক্ষ্য কৰিছো যে মই কেতিয়াও কোৱা কোনো কথাই মোৰ কেতিয়াও কোনো ক্ষতি কৰা নাছিল।[]
  4. যদি একো নকয , তেন্তে পুনৰাবৃত্তি কৰিবলৈ কোৱা নহ’ব।[]
  5. সঠিক কাম কৰিবলৈ কেতিয়াও কোনো ধৰণৰ ছলনাৰ প্ৰয়োজন নহয়; ই সদায় সাধাৰণ আৰু সহজ।[]
  6. মানুহে আইন প্ৰণয়ন নকৰে; তেওঁলোকে কেৱল সেইবোৰ উদ্ভাৱন কৰে। আইনৰ যুক্তিবাদ কেৱল সংখ্যাগৰিষ্ঠৰ ইচ্ছাৰ ওপৰত ভিত্তি কৰি হ’ব নোৱাৰে; বৰঞ্চ ইয়াক ন্যায়ৰ চিৰন্তন ভেটিৰ ওপৰত প্ৰতিষ্ঠা কৰিব লাগিব।
-ৰাজ্যিক চেনেটত ভাষণ,(৭ জানুৱাৰী ১৯১৪)।
  1. ১.০ ১.১ ১.২ Calvin Coolidge Quotes. আহৰণ কৰা হৈছে: 24 এপ্ৰিল 2026.
  2. ২.০ ২.১ Calvin Coolidge Quotes. আহৰণ কৰা হৈছে: 24 এপ্ৰিল 2026.