কেট ব্লাঞ্চেট
অৱয়ব

কেট এলিছ ব্লাঞ্চেট, এচি (জন্ম ১৪ মে', ১৯৬৯) এগৰাকী অষ্ট্ৰেলিয়ান চলচ্চিত্ৰ আৰু নাট্য জগতৰ অভিনেত্ৰী। তেওঁ দুবাৰকৈ একাডেমী বঁটা (অস্কাৰ) লাভ কৰে।
উদ্ধৃতিসমূহ
[সম্পাদনা কৰক | উৎস সম্পাদনা]- মই ভাবোঁ, বিবাহ মানেই সময়ৰ কথা। বিয়া পতাটো এক পাগলামি; মানে, ই এক ধৰণৰ প্ৰত্যাহ্বান – কোনে জানে আপোনালোক দুয়ো চিৰদিন একেলগে থাকিব পাৰিবনে নাই? কিন্তু আপোনালোক দুয়োৱে কয়, 'আমি একেই মনোভাৱেৰে এই সুযোগটো ল'ম।'
- "Cate Blanchett: 'Getting Married Is Insanity'", People Magazine, 12 January 2007.
- মই সঁচাকৈ এজন হতাশাবাদী হ'ব পাৰোঁ। আপুনি জানে যে যেতিয়া আপুনি অস্কাৰ বঁটা লাভ কৰে আৰু মঞ্চৰ পৰা নামি আহে, তেতিয়া আপোনাৰ প্ৰথম চিন্তা হয়: "হে ভগৱান, মোৰ সফলতাৰ শিখৰ এয়াই আছিল।"
- Cate Blanchett: 'You know you're a pessimist when you win an Oscar and think, "Oh God, I've peaked"'. The Guardian (30 November 2013).
- অৱশ্যে বয়স বাঢ়ি অহাক লৈ চিন্তা হয় - আমি সকলোৱেই মৃত্যুৰ ভয় খাওঁ, আহক আমি নিজকে ভ্ৰম নকৰোঁ। মোৰ হাঁহিৰ ৰেখাবোৰ গভীৰ হোৱাৰ লগে লগে মই কেৱল আতংকিত হোৱা নাই। ইতিহাসহীন, ৰসবোধহীন মুখ এখন কোনে বিচাৰিব?
- 11 Amazing Quotes From Cate Blanchett. Marie Claire (13 November 2014).
- মোৰ কেৰিয়াৰত, মই ভাবিছিলোঁ যে মই বিশেষকৈ ক'ৰবাত উপনীত হ'ব বিচৰা নাছিলোঁ। মই কেৱল আকৰ্ষণীয় লোকসকলৰ সৈতে আকৰ্ষণীয় প্ৰকল্পত কাম কৰিব বিচাৰিছিলোঁ।
- "Cate Blanchett on madness, motherhood and working with Woody Allen", The Herald, (20 September 2013).
- যেতিয়া আপোনাক সৰু প্লাষ্টিকৰ মূৰ্তিত গঢ়া হয়, তেতিয়াই আপুনি বুজি পায় যে আপুনি সফল হৈছে। কিন্তু আপুনি জানেই যে ল'ৰা-ছোৱালীয়ে বাৰ্বি পুতলাৰে কি কৰে - আচলতে, সেইটো অলপ ভয়ংকৰ।
- 11 Amazing Quotes From Cate Blanchett. Marie Claire (13 November 2014).
- মই বৰ সাৱধান বা সতৰ্ক নহওঁ। কোনো পৰিকল্পিত গতিপথতকৈ বিভিন্ন ধৰণৰ অভিজ্ঞতা লাভ কৰাৰ কথাহে মোৰ বাবে সদায় বেছি গুৰুত্বপূৰ্ণ হৈ আহিছে... মই ভাবোঁ যে একপ্ৰকাৰে, প্ৰকল্পবোৰে আপোনাক বাছি লয়।
- Cate Blanchett takes on Blanche DuBois in A Streetcar Named Desire. প্ৰকাশক: Monsters and Critics (6 February 2013).
