সমললৈ যাওক

কেট আপ্টন

ৱিকিউদ্ধৃতিৰ পৰা
২০১১ চনত কেট আপটন

কেট আপ্টন (সম্পূৰ্ণ নাম: ক্ৰিষ্টিন এলিজাবেথ "কেট" আপটন; জন্ম: ১০ জুন, ১৯৯২) এগৰাকী আমেৰিকান মডেল আৰু অভিনেত্ৰী।

  • মোৰ মতে, ৰাষ্ট্ৰীয় সংগীত আমাৰ দেশৰ বিষয়ে এক প্ৰতীকী গীত। ই সেইসকল সাহসী পুৰুষ-মহিলাক সন্মান জনোৱাৰ প্ৰতিনিধিত্ব কৰে যিসকলে আমাৰ স্বাধীনতা ৰক্ষাৰ বাবে প্ৰতিটো দিনতে নিজৰ জীৱন উৎসৰ্গা কৰে আৰু কৰি আহিছে। ৰাষ্ট্ৰীয় সংগীতৰ সময়ত বহি থকা বা আঁঠু কঢ়াটো সেইসকল লোকৰ বাবে অপমানজনক যিসকলে আমাৰ দেশৰ সেৱা কৰিছে আৰু বৰ্তমান কৰি আছে। ১১ ছেপ্টেম্বৰত ৰাষ্ট্ৰীয় সংগীতৰ সময়ত বহি থকাটো অধিক ভয়ানক। আপুনি যিমান বিচাৰে প্ৰতিবাদ কৰক আৰু যিমান বিচাৰে ছচিয়েল মিডিয়া ব্যৱহাৰ কৰক। কিন্তু সেই গীতটো বাজি থকা প্ৰায় দুমিনিট সময়ত মই বিশ্বাস কৰোঁ যে প্ৰতিজন ব্যক্তিয়ে নিজৰ বুকুত হাত থৈ আমাৰ দেশৰ বাবে গৌৰৱ কৰা উচিত। কাৰণ আমি সঁচাকৈয়ে ধন্য। শেহতীয়া ইতিহাসে দেখুৱাইছে যে ই এনে এটা ঠাই য'ত যিকোনো বৰ্ণ বা লিংগৰ ব্যক্তিয়ে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি হোৱাৰ সম্ভাৱনা থাকে। আমি পৃথিৱীৰ আটাইতকৈ বিশেষ ঠাইত বাস কৰোঁ আৰু আমি কৃতজ্ঞ হোৱা উচিত। গীতটো শেষ হোৱাৰ পিছত, মই সকলোকে তেওঁলোকৰ মঞ্চ ব্যৱহাৰ কৰি নিজৰ বিশ্বাসৰ সপক্ষে থিয় হ'বলৈ আৰু আমেৰিকাক এখন উন্নত ঠাই হিচাপে গঢ়ি তুলিবলৈ উৎসাহিত কৰিম। বেটাৰী পাৰ্ক আৰু ফ্ৰীডম টাৱাৰৰ পুনৰ নিৰ্মাণে প্ৰমাণ কৰে যে যেতিয়া আমি এক উমৈহতীয়া লক্ষ্যৰ দিশত একেলগে কাম কৰোঁ তেতিয়া এই দেশত আচৰিত কাম কৰিব পৰা যায়। সমাজ হিচাপে আমি কিমান সোনকালে এই কথা পাহৰি গৈছোঁ সেয়া দুৰ্ভাগ্যজনক। আজি আমি আগতকৈও অধিক বিভক্ত। ১১ ছেপ্টেম্বৰৰ বৰ্ষপূৰ্তিত ৰাষ্ট্ৰীয় সংগীতৰ সময়ত একাধিক লোকে বহি থকাটো মই কেতিয়াও কল্পনা কৰিব নোৱাৰোঁ। ৯/১১-ৰ পাঠে আমাক শিকোৱা উচিত যে যদি আমি একেলগে আহোঁ, তেন্তে পৃথিৱীখন এখন উন্নত আৰু শান্তিপূৰ্ণ ঠাই হ'ব পাৰে। #neverforget.
:w:
:w:
ৱিকিপিডিয়াত সম্বন্ধিত পৃষ্ঠা: