সমললৈ যাওক

কীৰ্তনঘোষা

ৱিকিউদ্ধৃতিৰ পৰা

কীৰ্তনঘোষা ষোড়শ শতিকাতে শ্ৰীমন্তশংকৰদেৱৰ দ্বাৰা 'এক শৰণ নাম ধৰ্ম' প্ৰচাৰৰ অৰ্থে ৰচিত এখন কাব্য। ইয়াত কেইবাটিও অধ্যায় আছে। কীৰ্তনৰ মূল বিষয়বস্তু হৰিৰ মাহাত্ম্য প্ৰকাশ। কীৰ্তনঘোষাক শ্ৰীমন্তশংকৰদেৱৰ শ্ৰেষ্ঠ ৰচনা হিচাপে গণ্য কৰা হয়। এই পুথিখনৰ বেলেগ বেলেগ অংশ ভিন্ ভিন্ সময়ত ৰচিত হৈ চাৰিওফালে সিচৰিত হৈ পৰি আছিল। পাছত মাধৱদেৱৰ আদেশ মতে ৰামচৰণ ঠাকুৰে অশেষ পৰিযত্ন কৰি গোটাই পুথিখন সঙ্কলন কৰে।

  1. সৰ্বভূত ময় ৰাজা শাস্ত্ৰত কহয়।
    ৰাজা তুষ্ট ভৈল সৰ্বজন তুষ্ট হয়।(প্ৰহ্লাদ চৰিত)[]
  2. “হেন মহা দিব্যবন দেখিলন্ত ত্ৰিনয়ণ।
    দিব্য কন্যা এক আছে তাতে।
    কোটি লক্ষ্মী সম নোহে কটাক্ষে ত্ৰৈলোক্য মোহে।
    ভণ্টা খেৰি খেলে দুয়োহাতে॥
    তপ্ত সুবৰ্ণৰ সম জ্বলে দেহা নিৰুপম
    ললিত বলিত হাত পাৱ।
    চক্ষু কমলৰ পাসি মুখে মনোহৰ হাসি
    সঘনে দৰশৈ কাম ভাৱ॥
    সোলকে উচ্ছল খোপা খসে পৰিজাত থোপা
    বামহাতে সম্বৰন্ত তাক।
    উৰ্দ্ধক ক্ষেপন্ত ভণ্টা কৰন্ত কটাক্ষ ছটা
    লীলা গতি দেখাই ফুৰে পাক॥
    কৰ্ণৰ কুণ্ডল দোলে স্তন হলফল কৰে
    গলে ৰত্নমালা জিকি পাৰে।
    সুবৰ্ণ কঙ্কণ ধ্বনি কৰে ৰুন ঝুন শুনি
    প্ৰকাশে হৃদয় হেম হাৰে॥
    দৰশান্ত কাষ পিঠি খনো হাসে সমদিঠি
    চাহি লাজে চান্ত চকু মুদি।
    ভ্ৰমন্ত অনেক ভাৱে উৰুৱাৱে বস্ত্ৰ বাৱে
    উচ্চ কুচ কুম্ভ হোৱে উদি॥
    কঙ্কালে কিঙ্কিনী বাজে চৰণ কমল মাজে
    ৰত্নৰ নুপূৰ ৰুন-্ঝুন।
    হালে অতি মধ্যদেশ সংসাৰ মোহিনী বেশ
    একো অঙ্গে নাহি খুতিখুন”।-(হৰমোহন)[]
  1. “কীৰ্ত্তন” অসমীয়া সাহিত্যৰ নতুন যুগ প্ৰৱৰ্ত্তক। সাহিত্যিক সৌন্দৰ্য নিতান্ত নিঃকিন হোৱা হলেও এই কাৰণত ‘কীৰ্ত্তন’ৰ আদৰ চিৰকাল অসমীয়া সাহিত্যত থাকিলহেঁতেন।-শৰৎচন্দ্ৰ গোস্বামী[]
  2. “কীৰ্ত্তন”ৰ যি বিলাক অতি দুৰুহ আৰু গভীৰ ভাৱৰ পদ, সেই বিলাক সংস্কৃতৰ পৰা অনুবাদ। অথচ অনুবাদ যেন মূলতকৈয়ো বেচি মধুৰ।-শৰৎচন্দ্ৰ গোস্বামী[]
  3. যিহৰ মহিমাত শঙ্কৰ দেৱে “ভক্তিৰ হাটপাতি” গোটাই অসমবাসীক আজি প্ৰায় পাঁচ শ বছৰৰ ঈশ্বৰৰ প্ৰেমত মুগ্ধ ৰাখিছে, কীৰ্ত্তন সেই মহিমাৰ এক অপূৰ্ব্ব সৃষ্টি!-শৰৎচন্দ্ৰ গোস্বামী[]
  4. “কীৰ্ত্তনত” থকা আটাইবিলাক পদ তাল আৰু চাপৰি বজাই গাবৰ কাৰণে তৈয়াৰ কৰা দেখিয়েই প্ৰধানতে ইয়াৰ নাম “কীৰ্ত্তন”।-শৰৎচন্দ্ৰ গোস্বামী[]
  5. তুমি আস্তিকে হোৱা বা নাস্তিকে হোৱা, কীৰ্ত্তনৰ কোনো কথা নামানিলেও তুমি কীৰ্ত্তনৰে অংশ আৰু কীৰ্ত্তনৰ কোলাতেই ডাঙৰ হৈছা।- জ্ঞাননাথ বৰা।[]
  1. ১.০ ১.১ ১.২ ১.৩ ১.৪ ১.৫ সাহিত্য সৌষ্ঠৱত কীৰ্ত্তন. আহৰণ কৰা হৈছে: 18 জুলাই 2025.
  2. বৰদলৈ, ৰিপুঞ্জয় (জুলাই ২০২৫). "অসমীয়া জাতিগঠনত শংকৰদেৱৰ বিজ্ঞান মানসিকতাৰ প্ৰভাৱ". সাতসৰী ২০ (১২): ২৩.