কিয়াৰা আদৱানী
অৱয়ব

আলিয়া আদৱানী ( জন্ম: ৩১ জুলাই ১৯৯১), পেছাগতভাৱে কিয়াৰা আদৱানী হিচাপে পৰিচিত৷ তেওঁ হিন্দী আৰু তেলেগু ছবিত কাম কৰা এগৰাকী ভাৰতীয় অভিনেত্ৰী। কমেডী ছবি ফুগলী (২০১৪)ৰ জৰিয়তে অভিনয়ত আত্মপ্ৰকাশ কৰাৰ পিছত ক্ৰীড়া বায়’পিক এম.এছ. ধোনী: অকথিত কাহিনীত তেওঁক দেখা যায়। নেটফ্লিক্সৰ এন্থালজী ছবি লাষ্ট ষ্ট’ৰীজ (২০১৮)ৰ জৰিয়তে প্ৰশংসা লাভ কৰাৰ লগতে তেওঁ ৰাজনৈতিক থ্ৰিলাৰ ভাৰত আনে নেনু (২০১৮)ত মুখ্য চৰিত্ৰাভিনেত্ৰী হিচাপে অৱতীৰ্ণ হৈছিল৷
উদ্ধৃতিসমূহ
[সম্পাদনা কৰক | উৎস সম্পাদনা]- মোৰ বাবে অভিনয় হৈছে অনুৰাগ, আৱেগ, আৰু চৰিত্ৰটো আৰু চৰিত্ৰটোৰ চাৰিওফালে থকা সমগ্ৰ পৃথিৱীখন সৃষ্টি কৰা। আমি সেই সকলোবোৰ উপভোগ কৰোঁ। তাকে কৰিবলৈ সময়মতে শোৱা, স্বাস্থ্যসন্মত খাদ্য খোৱা৷ নিজৰ জীৱনশৈলী নিজেই সৃষ্টি কৰা হয়৷
- https://english.jagran.com/lifestyle/celebrating-kiara-advani-top-10-quotes-by-game-changer-actress-about-love-life-and-marriage-10177316/ Celebrating Kiara Advani: Actress About Love, Life And Marriage
- মই ভাবো জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল সুখী হোৱা। যদি আপুনি সুখী তেন্তে আপুনি কৰা সকলো কামতে ই প্ৰকাশিত হ'ব।
- https://english.jagran.com/lifestyle/celebrating-kiara-advani-top-10-quotes-by-game-changer-actress-about-love-life-and-marriage-10177316/ Celebrating Kiara Advani: Actress About Love, Life And Marriage
- সুস্থ প্ৰতিযোগিতা থকা আৰু আনৰ পৰা অনুপ্ৰাণিত হোৱাটো ভাল, কিয়নো এই সকলোবোৰে আপোনাক প্ৰত্যাহ্বানমূলক ভূমিকা গ্ৰহণ কৰাত সহায় কৰে। এই উদ্যোগত বিভিন্ন পটভূমিৰ পৰা অহা লোকো আছে। মোৰ ক্ষেত্ৰত মায়ে প্লে স্কুল এখন চলায়, আৰু দেউতা ব্যৱসায়ত আগ্ৰহী। ঘৰলৈ গ’লে আমাৰ কথা-বতৰা চিনেমাৰ বাহিৰৰ বহু বিষয়বস্তুত কেন্দ্ৰীভূত৷
- https://www.herzindagi.com/celebrities/kiara-advani-inspirational-quotes-article-247266/ Unlocking The Power Of Positivity'

