কাৰিণা ৰাবোলিনী
অৱয়ব

কাৰিনা এলিয়ানা ৰাবোলিনী (জন্ম: ২৭ এপ্ৰিল ১৯৬৭) এগৰাকী আৰ্জেণ্টাইন ব্যৱসায়ী আৰু প্ৰাক্তন মডেল। তেওঁ ২০০৩ চনৰ পৰা ২০০৭ চনলৈ আৰ্জেণ্টিনাৰ ছেকেণ্ড লেডী আৰু ২০০৭ চনৰ পৰা ২০১৫ চনলৈ বুয়েনছ আয়াৰছ প্ৰদেশৰ গৱৰ্ণৰ ডেনিয়েল চিঅ'লিৰ পত্নী হিচাপে ফাৰ্ষ্ট লেডী আছিল। ইয়াৰ উপৰিও তেওঁ বুয়েনছ আয়াৰছ প্ৰদেশৰ বেংক ফাউণ্ডেশ্যনৰ অধ্যক্ষ হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল।
উদ্ধৃতিসমূহ
[সম্পাদনা কৰক | উৎস সম্পাদনা]- “মই বৰ উৎপতীয়া আছিলোঁ, সেয়েহে মায়ে মোক খেল-ধেমালি, ভাষা শিক্ষা, পিয়ানো, চিত্ৰকলা, টাইপিং— চহৰত যি শ্ৰেণীৰে শিক্ষাব্যৱস্থা আছিল, সেই সকলোবোৰ শিকিবলৈ পঠিয়াইছিল।[১]
- প্ৰায় প্ৰতি বছৰে ঘূৰি আহোঁ আৰু মই তাত ১৪ বছৰ বয়সলৈকে তেনেকৈয়ে থাকিলোঁ। মোৰ সদায় উভতি যাবলৈ মন যায়।
মোৰ ককা-আইতা অসুস্থ আছিল আৰু তেওঁলোক আমাৰ লগত আছিল। ই এক ডাঙৰ ত্যাগ আছিল, কাৰণ মই মোৰ পৰিয়ালক সহায় কৰিব বিচাৰিছিলোঁ৷[২]
- “মই এবাৰ মোৰ চুলি কাটিছিলোঁ আৰু সেয়া বৰ বেয়া হৈছিল। ওপৰৰ ফালে এটা চুটি অংশ আছিল যিটো মই কেনেকৈ লুকুৱাম বুজি পোৱা নাছিলোঁ, গতিকে মই ইয়াক অলপ আঁচুৰি পনিটেইল কৰি দিলোঁ আৰু ইনভিজিবল ক্লিপেৰে চেপা খুৱাই দিলোঁ। তেতিয়াৰ পৰাই মই সদায় তেনেকৈয়ে চুলি বান্ধোঁ।”[৩]
- “সঁচা কথা ক'বলৈ গ'লে, মই এইটো দাবী কৰি ভাল পালোহেঁতেন; যদি এইটো মোৰ হ'লহেঁতেন তেন্তে বৰ ভাল হ'লহেঁতেন, কিন্তু ইয়াৰ সম্ভাৱনা বৰ কম। মই নাভাবোঁ যে ই মোৰ দ্বাৰা অনুপ্ৰাণিত।”[৪]