কাল্কী কেকলাঁ
অৱয়ব


কাল্কী কেকলাঁ (ইংৰাজী: Kalki Koechlin; ১০ জানুৱাৰী ১৯৮৪) এগৰাকী ফৰাচী বংশোদ্ভূত ভাৰতীয় অভিনেত্ৰী আৰু নাট্যকাৰ। তেওঁ অনুৰাগ কাশ্যপৰ সমালোচকৰ দ্বাৰা প্ৰশংসিত ২০০৯ চনৰ হিন্দী ছবি 'দেৱ ডি'-ৰ জৰিয়তে আত্মপ্ৰকাশ কৰিছিল।
উদ্ধৃতিসমূহ
[সম্পাদনা কৰক | উৎস সম্পাদনা]- নিশ্চিতভাৱে মই ভাবো যে মই খুব ভাগ্যৱান আছিলোঁ যে ইমান ভাল সুযোগেৰে মই আৰম্ভণি কৰিছিলোঁ, আৰু এনে এখন ছবি পাইছিলোঁ যিখন কেৱল হিটেই নাছিল বৰঞ্চ য’ত মই কোনো অসাৰ চিনেমা কৰাৰ ক্ষেত্ৰত আপোচ কৰিবলগীয়া হোৱা নাছিল — এজন অভিনেতা হিচাপেও মোৰ বাবে চিনেমাখন বৰ সন্তোষজনক আছিল...
- 'দেৱ ডি'-ত নিজৰ ভূমিকা সম্পৰ্কে NewsX-ৰ সৈতে এক সাক্ষাৎকাৰত (২৭ অক্টোবৰ ২০০৯)
- মই একপ্ৰকাৰে নিশ্চিত কৰিব বিচাৰিছিলোঁ যে মানুহে যাতে জানে যে মই ইয়াতে থাকিবলৈ আহিছোঁ, কাৰণ এইখনেই মোৰ ঘৰ আৰু মোৰ জন্ম ইয়াতেই — সেই অৰ্থত মই কোনো বিদেশী নহওঁ।
- NewsX-ৰ সৈতে এক সাক্ষাৎকাৰ (২৭ অক্টোবৰ ২০০৯)
- মই ভাবো আমাৰ মাজত থকা কেমিষ্ট্ৰীটো হ’ল এইটোৱেই যে যেতিয়া কাহিনীৰ কথা আহে আমি দুয়োৱেই অতি অন্ধকাৰ চিন্তা কৰোঁ।
- অনুৰাগ কাশ্যপৰ সৈতে তেওঁৰ সম্পৰ্কৰ বিষয়ে, NewsX-ৰ সৈতে এক সাক্ষাৎকাৰত (২৭ অক্টোবৰ ২০০৯)
- এই সকলোবোৰ এই পৃথিৱীখনৰে অংশ য'ত আমি সকলোৱে ইজনে সিজনৰ লগত বহু পৰিমাণে মিলি আছোঁ, আৰু... সেইফালৰ পৰা আমি সকলোৱে আমি কোন, আমাৰ স্থান ক'ত, ঘৰ ক'ত, আৰু... আমাৰ বাবে কোন গুৰুত্বপূৰ্ণ সেই লৈ অলপ বিভ্ৰান্ত হৈ আছোঁ...
- টৰন্টো আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱত অলিভিয়া বেনকৰ সৈতে সাক্ষাৎকাৰ, 'দ্যাট গাৰ্ল ইন ইয়েলো বুটছ' ছবিত অনুৰাগ কাশ্যপৰ সৈতে তেওঁৰ কামৰ সন্দৰ্ভত http://www.youtube.com/watch?v=v1z-_AJiCVE (২৮ ছেপ্টেম্বৰ ২০১০)
